memory booster news

মগজুৰ শক্তি বৃদ্ধি কৰাৰ টিপছ্ ( 8 Tips to boost brain power) :- 

8 tips to smart your brain

 

   আপুনি ছাত্ৰ হওঁক বা ব্যৱসায় কৰক নাইবা চাকৰি কৰক অথবা অইন কিবা গৱেষণাৰ কামত নিয়োজিত একো কথা নাই সকলোকে প্ৰয়োজন এটি তীক্ষ্ণ আৰু প্ৰখৰ মগজুৰ। আপোনাৰ মগজু ইতিমধ্যে প্ৰখৰ আৰু তীক্ষ্ণ নহলেও কিছু কিছু সৰু ব্যৱস্থাপনাৰ দ্বাৰা ইয়াক নিজেই হাজাৰ গুণ উন্নত কৰিব পাৰে নিশ্চিতভাবে। এনে আঠোটা কাম আছে যি সমূহ ইতিমধ্যে বিভিন্ন গৱেষণাত প্ৰকাশ হৈছে যাৰ দ্বাৰা মানুহে নিজৰ মগজুৰ প্ৰখৰতা বৃদ্ধি কৰিবলৈ সক্ষম হয় । যি ব্যৱস্থা সমূহে মগজুৰ শুই থকা নিউৰণ নামৰ কোষসমূহক জাগ্ৰত কৰে আৰু এই কোষ সমূহ সকলো সময়তে কৰ্মপটু কৰি ৰাখে। আৰু মগজু প্ৰখৰ হলে আপুনি সকলো কাম ভাল নহয় উত্তমভাবে সম্পন্ন কৰিবলৈ সক্ষম হব। সেই ব্যৱস্থাপনা সমূহ হৈছে :-

  ৮) সদায় ওলোটা হাতেৰে ব্ৰাছ কৰক মগজুত নতুন নিউৰণৰ সৃষ্টি হ’ব :-

 

8 tips to increase brain power

    বহু গৱেষণাত প্ৰকাশিত হৈছে যে ওলোটা হাতেৰে ব্ৰাছ কৰিলে মগজুত নতুন কোষৰ জন্ম হয়। মানুহে যেতিয়াই এটি নতুন কাম কৰে তেতিয়া মগজুৰ নতুন কোষৰ সৈতে সংযোগ স্থাপন হয় , লগতে প্ৰয়োজনত নতুন কোষ জন্মও হয় আৰু সদায় কৰি থকা কাম সমুহ যদি এখন ৰুটিনৰ দৰে হয় তেতিয়া সেই কামবোৰত একেখিনি মগজুৰ কোষ জড়িত বা সংযোগ হৈ থাকে। অৰ্থাৎ আপুনি সদায় যিখন হাতেৰে ব্রাছ কৰে সেইখনৰে সদায় কৰি থাকিলে একেখিনি মগজু কোষ সক্ৰিয় হয় আৰু যেতিয়া ওলোটা হাতেৰে কৰিব তেতিয়া আন আন কোষ কিছুমান সক্ৰিয় হৈ পৰিব। অকল ব্ৰাছ কৰাই নহয় আপুনি আন কাম কিছুমানো এনেদৰে কৰা আৰম্ভ কৰিব পাৰে। লগতে কোৱা হয় যেতিয়া মানুহে নতুন নতুন কামত নিয়োজিত হয় তেতিয়াও মগজু প্ৰখৰ হয়।

 ৭) এলাহ ভাবক প্ৰশ্ৰয় নিদিব ( Procastination ) :-

  অৰ্থাৎ আজি থাকক কালি কৰিম এই চিন্তা ধাৰা সলনি কৰিব লাগিব। বিভিন্ন গৱেষণাত প্ৰকাশ যে পৃথিৱীত যিমান অসফল ব্যক্তি আছে তেওঁলোকৰ এক বিশেষত্ব হৈছে তেওঁলোকে সকলো কাম কৰিম বুলি আৰম্ভণি কৰিব নোৱাৰে, আজি কৰিম বুলি নিজৰ এলাহৰ বাবে সপ্তাহৰ ভিতৰতো আৰম্ভণি কৰিব নোৱাৰে। অৰ্থত এই লোকসকলে নিজৰ মগজুৰ ব্যৱহাৰ খুবেই কমকৈ কৰে। এতিয়া আপুনিও কব যে কোৱাটো সহজ কিন্তু কৰাটোহে টান; যদিহে এইটোয়ে হয় তেন্তে আপুনি আপোনাৰ মগজুৰ লক আজিয়ে খোলক আৰু শুনি লওঁক। মানুহৰ কাম কৰা এলাহ তেতিয়াই আহে যেতিয়াই মানুহে কৰিব বিচৰা কাম বহু জটিল আৰু টান বুলি ভাবি লয়। সেয়ে কৰিব খোজা কামখিনি কেইটামান ভাগত বিভক্ত কৰি লওঁক ; আৰু প্ৰথমে প্ৰথম ভাগত মনোযোগ দিয়ক আৰু কৰিবলৈ সংকল্প গ্ৰহণ কৰক আৰু তাৰ পিছত বাকী খণ্ড কেইটি এনেদৰে আগবঢ়াই যাওঁক। ঠিক একেদৰে পঢ়াৰ ক্ষেত্ৰতো পাঠ্যক্ৰম সমূহ ভাগ কৰি লোৱা অত্যন্ত দৰকাৰী। আৰু এটা সময়ত এটা কাম কৰা উচিত ; একেলগে বহু কাম বহু পাঠ্যক্ৰম এটা সময়ত পঢ়িবলৈ গলে সকলোতে খেলি মেলি সৃষ্টি হৈ কোনো এটি সিদ্ধি নহব।

 ৬) এটি লক্ষ্য স্থিৰ কৰা উচিত ( Set a goal) :-

  বিভিন্ন গৱেষণাত প্রকাশ যে যেতিয়ালৈ এটি নিজস্ব লক্ষ্য স্থিৰ হৈ থাকে তেতিয়ালৈ মগজুয়ে সৰ্বাধিক শক্তিৰে কাম কৰে আৰু কাম কৰা স্পৃহাক জাগ্ৰত কৰে। এইটোৱেই এটা কাৰণ যাৰ ফলত বৃদ্ধ অৱস্থাত মগজুৰ শক্তি লোপ পায় কিয়নো সেই সময়ত লক্ষ্য পূৰণ হৈ যায় অথবা লক্ষ্য আৰু নাথাকে। আৰু যদিহে কোনো লক্ষ্য নাথাকে মগজু আৰু বেছি নিষ্ক্ৰিয় হৈ পৰিব, কোনো কাম কৰাৰ ইচ্ছা নকৰিব মগজুৱে। যেতিয়াই লক্ষ্য থাকিব শৰীৰ আৰু মগজুৰ শক্তি থাকিব আৰু এই শক্তি বৃদ্ধি হৈ গৈ থাকিব।

 ৫) সদায় বৰ্তমানক লৈ বাছি থাকক (live in present ) :-

  সদায় জানিব টেনশ্যন, ষ্ট্ৰেছ আৰু দিপ্ৰেছন এই তিনিবিধ হৈছে মগজুৰ বাবে বিষ। টেনশ্যন হয় অতীতৰ কথা মনত পৰিলে বা দুখ লাগিলে বা ভৱিষ্যত কি হব ,নহব সেয়া ভাবিলে । এই তিনিবিধে মগজুক সক্ৰিয়তাৰে কাম কৰাত বাধা আৰোপ কৰে। যেতিয়া আপুনি বৰ্তমানত থাকিব তেতিয়াই মগজুৰ কোষ সমুহৰ সক্ৰিয়তা বৃদ্ধি হৈ গৈ থাকিব।

  ৪) কামৰ মাজত কিছু সময় জিৰণি লোৱা ( power naps) :-

 

গোটেই দিন পৰিশ্ৰম কৰা বা আন কাম কৰা ভাল কিন্তু তাৰ মাজতো ১৫ -২০ মিনিট সময় উলিয়াই চকু বন্ধ কৰি অলপ বিশ্ৰাম কৰক। এনে কৰিলে কামৰ বোজা লৈ ভাগৰি পৰা মগজুৰ কোষসমূহ পুনঃ সজীৱ হৈ পৰে।

 ৩) গভীৰ উশাহ নিশ্বাস লোৱাৰ ব্যায়াম ( Deep breathing exercise ) :-

 

Deep breathing exercise improve brain power

  কাম কৰি বা পঢ়ি থাকোঁতে যদি মূৰটো কিবা বেয়া লগা ভাব ওপজে বা এলাহ আহি গৈছে তেন্তে আপুনি প্ৰয়োজন বোধ কৰক এই ব্যায়ামৰ । কাৰণ আমাৰ মগজুৱে হাওঁফাওঁৰ পৰা পোৱা অক্সিজেনৰ ২০% ব্যৱহাৰ কৰে যদিও মগজুৰ ওজন গোটেই শৰীৰৰ ওজনৰ ২% হে। ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে ৪-৫ মিনিট বা কামৰ মাজতো ৪-৫ মিনিট এই ব্যায়াম কৰিলে ২৪ ঘণ্টাই মগজু প্ৰখৰ হৈ থাকিব, সজীৱ হৈ থাকিব।

  ২) সপোনক মনত পেলোৱাৰ অভ্যাস কৰক ( Review dreams ) :-

  শুনি আচৰিত হব ৰাতি টোপনি যোৱাৰ পিছতো মগজুৱে আপোনাৰ দিনৰ কাম বোৰৰ সমাধান বিচাৰি থাকে আৰু তেতিয়াই সপোন আহে। সেয়ে ৰাতি দেখা সপোন যদি পিছদিনা ৰাতিপুৱা মনত পেলোৱা চেষ্টা কৰে আপোনাৰ মনটো মগজুৰ কিছু বহু বেছি বিশেষ কোষৰ সৈতে সংযোগ স্থাপন হৈ যায় আৰু সেই কোষসমুহ লাহে লাহে সক্ৰিয় হবলৈ লয় আৰু তেতিয়া আপোনাৰ স্মৃতি শক্তি বৃদ্ধি হবলৈ ধৰে।

 

increase your brain power by drinking more water

 ১) টোপনিৰ পৰা সাৰ পোৱাৰ পিছতে শৰীৰক পানীৰ যোগান অৱশ্যে ধৰক ( Hydrate your body) :- এইটো আটাইতকৈ দৰকাৰী কথা কাৰণ আমাৰ দেহৰ প্ৰায় ৭৩% ই হৈছে পানী। প্ৰতিদিনে কমে দুই গিলাছ পানী ৰাতিপুৱা শুই উঠিয়ে খালে মগজু সজিব আৰু প্ৰখৰ  হৈ পৰিব।

Share it with:

3 Comments

  1. Nice writeup for rejuvenation

  2. বহুত বহুত ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *