control your anger and transform it into positive energy

খঙৰ ধনাত্মক শক্তি Vs ঋণাত্মক শক্তি- খং বান্ধি অফুৰন্ত শক্তি জাগ্ৰত কৰক !

  ক্ৰোধ আৰু খং বোৰক এনেদৰে এক মহাশক্তিলৈ ৰূপান্তৰ কৰক !! ( Control your anger and transform it into positive energy )

 

   খং ৰাগ অথবা ক্ৰোধ এই পৃথিৱীত কাৰ নাই ; কম বেছি পৰিমাণে সকলো জীৱ জন্তুৰ লগতে  মানুহৰ ও আছে বা আহে। কিন্তু পাৰ্থক্য তাতেই যে কিছুমান লোকে খং কৰি গোটেই পৃথিৱীক জ্বলাই দিয়ে আৰু আন কম সংখ্যক লোকে এই ৰাগ নিজৰ মাজত জ্বলাই তোলে। কিছুমান মানুহে এই ৰাগৰ বাবে নিজৰ নাম , যশস্যা আৰু সন্মান বদনাম কৰি পেলাই আৰু কিছুমান লোকে এই ৰাগ আৰু খং ৰ বাবেই ইতিহাসৰ পাতত সোণালী আখৰেৰে নিজৰ নাম লিখাবলৈ সামৰ্থ ৰাখে।

Control your anger and transform it into positive energy )

  খং আৰু ৰাগৰ চূড়ান্ত অৱস্থাত উপনীত হৈ এজন ব্যক্তি মৰি যাব পাৰে , কাৰোবাক মাৰি পেলাব পাৰে আৰু বিপৰীতে তেওঁ যুঁজিব পাৰে , তেওঁৰ সমস্ত খং জেদলৈ পৰিৱৰ্তন কৰি জীৱনত সকলো লাভ কৰিব পাৰে মাত্ৰ দৰকাৰী সঠিক সিদ্ধান্ত লোৱাৰ আৰু সঠিক পথ চূড়ান্ত কৰাৰ। মাত্ৰ এই খং এই ক্ৰোধক নিজৰ ভিতৰত বান্ধি ৰাখিব লাগিব, বহিঃ প্ৰকাশ হবলৈ দিব নোৱাৰিব ; ইয়ে মনৰ ভিতৰত এক অফুৰন্ত শক্তিক জাগ্ৰত কৰিব। যেতিয়াই মনোবল কমিব তেতিয়াই এই শক্তিয়ে উৎসাহ যোগাব, যেতিয়া ক্লান্তি আহিব বা ভাগৰ লাগিব তেতিয়া এই শক্তিয়ে তোমাক তোমাৰ লক্ষ্যৰ পথত ধাৱমান কৰি লক্ষ্যত উপনীত কৰাব।

Control your anger and transform it into positive energy )

   খঙত যদি আজি নিজৰ শত্ৰুৰ মাথা ভাঙি পেলোৱাও হয় তেওঁ কাইলৈ ঔষধ সেৱন কৰি সুস্থ হৈ পৰিব কিন্তু  সেই খঙক যদি কামত লগাই নিজৰ সপোনবোৰৰ বাবে দুগুণ কাম কৰা যায় আৰু সেইটোকে সত্য প্ৰমাণিত কৰিব পৰা যায় তেতিয়া দেখিব শত্রুবোৰ জ্বলি পুৰি মৰিবলৈ আৰম্ভ কৰি দিছে ।

Control your anger and transform it into positive energy )

  খঙৰ ধনাত্মক শক্তি আৰু ঋণাত্মক শক্তি কি জানিবলৈ এইটো উদাহৰণ মন কৰক। দুজন ছাত্ৰ স্কুলৰ পৰা ঘৰলৈ গৈ আছিল, সমগ্ৰ পথটোত বোকা আৰু পানী আছিল এনেতে হঠাতে এখন তীব্ৰবেগী চাৰিচকীয়া বাহন ছাত্ৰ দুজনৰ কাষেৰে পাৰ হৈ যাওঁতে দুয়ো ছাত্ৰৰ গাত বোকা  চিটিকি পৰি কপোৰ লেতেৰা হৈ পৰিল ; খঙতে এজন ছাত্ৰই গৰজি উঠিল যদিহে গাড়ীখন আকৌ আহে শিল দলিয়াই গোটেই গ্লাছ ভাগি পেলাব ; আৰু আনজন ছাত্ৰই সিজনৰ কথাত মন নিদি মনে মনে কলে যে তেওঁ ডাঙৰ হৈ এনেকুৱা চাৰিচকীয়া গাড়ী কিনিব যাতে বোকা পথেৰে গৈ থাকিলেও গাত আৰু কাপোৰত বোকা নালাগে। এতিয়া যদি এইতো আমি বিচাৰ কৰোঁ বুজিব পাৰিম এই ছাত্ৰ দুজনৰ ভিতৰত কাৰ ভৱিষ্যত বেছি ভাল হ’ব ।

Control your anger and transform it into positive energy )

   তাকেই কোৱা হয় নিজৰ ক্ৰোধক সঠিক পথত গতি দিয়া বুলি। প্ৰথম ছাত্ৰজনে নিজৰ খঙৰ ঋণাত্মক শক্তিক ব্যৱহাৰ কৰিছে আৰু দ্বিতীয় ছাত্ৰই নিজৰ ক্ৰোধৰ ধনাত্মক শক্তিক ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে শিকি পেলাইছে। সেয়ে কোৱা হয় ক্ৰোধক নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিলে সিয়ে এদিন মহাশক্তিলৈ পৰিণত হ’ব । যদিহে অত্যাধিক খং উঠাৰ পিছতো শান্ত থাকিবলৈ সক্ষম হয় তেন্তে জীৱনৰ এশ এটি দুখৰ পৰিত্ৰাণ ঘটিব। কাৰণ ক্ৰোধে একো সমাধান কৰিব নোৱাৰে , নোৱাৰে একো সৃষ্টি কৰিব কিন্তু এই ক্ৰোধে সকলো ধ্বংস কৰি দিব পাৰে ইতিহাস ইয়াৰ সাক্ষী। সেয়ে কোৱা হয় নিজৰ anger খিনিক সদায় control কৰি ৰাখিব লাগিব নহলে এটি ” D ” লগাই দিলে এই anger হৈ পৰিব Danger অৰ্থাৎ বিপদ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *