avoid six people always

৬ ধৰণৰ ব্যক্তি আপোনাৰ শত্ৰু ! তেওঁলোকৰ পৰা দূৰৈত থাকক !!

৬ ধৰণৰ ব্যক্তি আপোনাৰ শত্ৰু ! তেওঁলোকক চিনি লৈ দূৰৈ থাকক !!(This six person are you enemy and stay away from them ) 

   মানৱ সমাজত আমি বহু ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আহিব লাগে যি এক সৰল কথা। আৰু এদিন দুদিন এনেদৰে আমি যাৰ সংস্পৰ্শলৈ আহিছোঁ লাহে লাহে তেওঁলোকৰ কিছু স্বভাৱ আৰু চৰিত্ৰ আমি অনুসৰণ কৰিবলৈ আৰম্ভ কৰি দিওঁ যিটো আমি গমেই নাপাওঁ। ইংৰাজীত এষাৰ কথা আছে যে “You are the average of five people around you ” ।

know six quicked person and avoid them

   অৰ্থাৎ আপুনি যি পাঁচজন লোকৰ সৈতে সদায় উঠা বহা কৰে, সময় দিয়ে তেনেহলে আপোনাৰ ব্যৱহাৰ, অভ্যাস, চিন্তাধাৰা, আত্মবিশ্বাস আৰু কৰ্মস্পৃহা আদি বিষয়বোৰ তেওঁলোকৰ সৈতে বহুখিনিৰ সাদৃশ্য দেখা যাব। এতিয়া কথা হ’ল যদিহে আপুনি ধনাত্মক আৰু কৃতকাৰ্য ব্যক্তিৰ সৈতে লগ লাগিছে তেন্তে আপোনাৰ সকলো চিন্তা ধাৰা ধনাত্মক হৈ পৰিব আৰু যদি ঋণাত্মক আৰু অসফল ব্যক্তিৰ সৈতে লগ লাগিছে আপুনি অনুভৱ নকৰাকৈয়ে তেওঁলোকৰ দৰে হৈ পৰিব।

  সেয়ে নিজৰ জীৱন সদায়ে সুখী ৰাখিবলৈ আৰু নিজকে সফল কৰি তুলিবলৈ আপুনি কিছু মানুহ চিনি লব লাগিব আৰু তেওঁলোকৰ পৰা দূৰৈত অৱস্থান কৰিবই লাগিব আৰু যদিহে আপুনি তেনে ব্যক্তিৰ সৈতে ইতিমধ্যে সম্পৰ্কত আছে তেনেহলে মনে মনে তেওঁ গম নোপোৱাকৈ তেওঁৰ পৰা লাহে লাহে আপোনাৰ বুদ্ধিৰে আঁতৰি থাকক। এনে ধৰণৰ ৬ গৰাকী লোক যি আপোনাৰ শত্ৰু আৰু যাক আপুনি এৰি চলিব লাগিব তেওঁলোক হৈছে :-

  ১) সকলো সময়তে অসন্তুষ্ট আৰু সুখী নোহোৱা লোক ( Unhappy always) :- এই অসন্তুষ্ট আৰু সুখী নোহোৱা শব্দৰে যিসকল ৰোগীয়া বা মানসিক ৰোগী তেওঁলোকক বুজাব খোজা হোৱা নাই। বুজাব বিচৰা হৈছে সেইসকল লোকক যিসকলে সকলো সময়তে বিৰক্তিত থাকে, কেউ কিছুতে অশান্তি আৰু দুখেই বিচাৰি থাকে অৰ্থাৎ তেওঁ নিজেই সুখী থাকিবলৈকে নিবিচাৰে কেতিয়াও। আৰু যদি আপুনি তেওঁৰ সৈতে উঠা বহা কৰি থাকে তাৰ প্ৰভাৱ নিশ্চিতভাৱে আপোনাৰ ওপৰত পৰিব; লগতে আপোনাৰ জীৱন সফল আৰু অসফল হোৱাৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব;  প্ৰভাৱ পৰিব আপোনাৰ মগজুত ফলতে লাহে লাহে আপুনিও এজন বিৰক্তিকৰ লোক বা হতাশাগ্ৰস্ত মানুহ হৈ পৰিব যিয়ে আপোনাক টিলটিলকৈ ধ্বংস কৰি পেলাব।

  ২) সদায় অভিযোগ কৰাৰ প্ৰৱণতা থকা ব্যক্তি ( complainer) :- এইসকল লোকে সকলোতে অভিযোগ আনে কাৰণ তেওঁলোকে কেতিয়াও আগবাঢ়িব নোখোজে ; এওঁলোকে জীৱন পথত উন্নতি কৰাৰ বাবে একো এটা কৰিব নিবিচাৰে মাত্ৰ অভিযোগ আৰু অভিযোগ। এইটো বুজিবলৈ এটা উদাহৰণ লোৱা যাওঁক যে আপোনাৰ ওচৰৰ লৰা জনৰ পৰীক্ষা ফলাফল বেয়া হৈছে আৰু তেওঁক আপুনি প্ৰশ্ন কৰিলে যে কিয় বেয়া হ’ল ফলাফল , তেতিয়া তেওঁ উত্তৰত বিভিন্ন অজুহাত আৰু অভিযোগ দৰ্শাব যে অমুকখন কিতাপ মোৰ নাছিল, চাৰে ভালকৈ পঢ়োৱা নাছিল, মাৰ বেমাৰ আছিল, কাৰোবাৰ বিয়া আছিল আদি ইত্যাদি ; কিন্তু তেওঁ এবাৰো স্পষ্ট নকৰে যে তেওঁ ভালদৰে পঢ়া নাছিল । এতিয়া আপুনি স্পষ্ট কৰক যদি আপুনি তেওঁৰ সৈতে উঠা বহা কৰে তেওঁ কি আপোনাকো এদিন দোষী সাব্যস্ত নকৰিবনে ?  আপোনাক তেওঁ কিবা ভাল পৰামৰ্শ দিব পাৰিবনে ? তাৰোপৰি মানুহৰ এক সহজাত প্ৰবৃত্তি হৈছে অনুসৰণ কৰা ; যদি আপুনি তেনে অভিযোগ প্ৰৱণতা পৰায়ণ ব্যক্তিৰ সৈতে যদি উঠা বহা কৰি থাকে গম নোপোৱাকৈয়ে আপোনাৰ মগজুৱে তেওঁৰ চৰিত্ৰ বোৰকে অনুসৰণ কৰি পেলাব। সেয়ে এনে ব্যক্তিক জনাৰ পিছতে লাহে লাহে তেওঁৰ পৰা দূৰত্ব বজাই গৈ থাকক।

  ৩) সকলো জানা দেখুৱা ব্যক্তি (All known person) :- এইজন এনে এজন আচৰিত ব্যক্তি যিয়ে  নিজকে পৃথিৱীৰ অগাধ পণ্ডিত বুলি ভাবে, যেন নিজৰ হাতত সদায়ে সকলো বিষয়ত Phd ডিগ্ৰী থাকে । এনে লোকৰ সৈতে কথা পাতিলে আপুনি একো কবলৈ সুযোগেই নাপাব মাত্ৰ তেওঁ কৈ যাব আৰু আপুনি মাত্ৰ শুনি যাব লাগিব। এওঁলোকে এনেকুৱা দেখাব যে তেওঁ জীৱনত কোনো ভুলেই কৰা নাই বা তেওঁৰ ভুলেই নহয় আৰু যদি ভুল কৰিছে তাক ইমানেই যুক্তিৰ মাজলৈ লৈ যাব যেন তেওঁ কৰা ভুলটো  এটি শুদ্ধহে । কেতিয়াবা তেওঁৰ ভুলটিক শুদ্ধ প্ৰমাণ কৰিবলৈ গৈ লাগিলে কাজিয়া পেছাল ও কৰিব পাৰে। এনে ব্যক্তিৰ আৰু এটা লক্ষণ হৈছে তেওঁ সকলো সময়তে আনৰ ভুল বিচাৰি থাকে আৰু এনে কৰি তেওঁ আনন্দ বোধ কৰে। সেয়ে কোৱা হয় এনে লোকৰ পৰা দূৰৈত থাকিব নহ’লে এওঁলোকে আপোনাৰ আত্মবিশ্বাস বন্ধকত ৰাখিব , আপোনাৰ মন মগজুত খেলিমেলি সৃষ্টি (Confuse) কৰিব আৰু দিনে প্ৰতিদিনে এনে ব্যক্তিৰ সংগত থাকিলে আপুনি মানসিক সমস্যাটো ভুগিব লাগিব এদিন।

৪) এলেহুৱা মানুহ ( Lazy person) :- এনে লোকসকল মুখত হিৰ’ কিন্তু কৰ্মত জিৰ’ । অৰ্থাৎ মুখেৰে কব কালি আমি এইটো আৰম্ভ কৰিম পৰহিলৈকে সেইটো কৰিম কিন্তু সময়ত এটা কামো কৰিবলৈ কোনো সংকল্প নলয় বা নকৰে। আকৌ যদিহে কাইলৈ আপুনি সোধে যে কিয় কামটো কৰা নহ’ল তেওঁ উত্তৰ দিব যে আজি ভাল নালাগিল অহাকালি আৰম্ভণি কৰিম মানে তেওঁলোকৰ মুখত কালিৰ অভাৱেই নাই আৰু এনেদৰে তেওঁলোকে নিজৰ জীৱন বিপদাপন্ন কৰে । মন কৰিব এনে লোকে জীৱনত একোৱে কৰিব নোৱাৰে। এনেকুৱা লোকৰ পৰা দূৰৈত অৱস্থান কৰা ভাল নহলে আপোনাৰ মন মগজুত তেওঁলোকৰ দৰে ” কাইলৈ” নামৰ বেমাৰ টি লম্ভিব। জানি থব এই কাইলৈ নামৰ বেমাৰ বিধ বৰ সংক্ৰমক ।

avoid these ugly and quicked people

৫) অত্যন্ত খঙাল ব্যক্তি ( Very anger person) :- যিকোনো বিষয়তে অত্যাধিক খং আৰু ৰাগ কৰাটো হৈছে এটি ভয়ংকৰ ৰোগ। অতি খঙাল ব্যক্তিৰ যেতিয়া আপুনি সংগী হৈ পৰিব প্ৰথমে আপুনি তেওঁৰ খং দেখিব তাৰ পিছত এইটো আপোনাৰ মগজুত সংস্থাপিত হ’ব আৰু লাহে লাহে এই খং আপোনাৰ অভ্যাসত পৰিণত হ’ব আৰু শেষত আপোনাৰ বিশ্বাসত পৰিণত হ’ব যে খং কৰিব পাৰি। আৰু যেতিয়া খং কৰা আৰু হাই কাজিয়া, গণ্ডগোল কৰাত আপুনি অভ্যস্ত হৈ পৰিব এদিন নহয় এদিন এটি ডাঙৰ ঘটনা বা দুৰ্ঘটনাৰ কাৰণ এই খং হৈ পৰিব তেতিয়াই হয়তো আপোনাৰ জীৱন ধ্বংসত পৰিণত হ’ব।

৬) পৰশ্ৰীকাতৰ ( peolple who never want other to be successful) :- এনে শ্ৰেণীৰ লোকে নিজেই একো নকৰে বা কৰিব নোৱাৰে, ভৱিষ্যতে এনেলোকে একো কৰিব বা কৰিবলৈ যত্নপৰ নহয় কিন্তু তেওঁলোকে আনৰ কিবা উন্নতি বা ভাল হোৱা দেখিলে সহ্য কৰিব নোৱাৰে। এনে লোকে সদায় আনৰ বেয়া কৰিবলৈ বা বেয়া দেখিবলৈ মনে মনে আশা কৰি থাকে। এওঁলোকে সদায় ভাবে যে তেওঁ যেতিয়া নিজে একো এটা ভাল কৰিব নোৱাৰে সেয়ে বেলেগৰো একো ভাল নহওঁক। এনে লোকৰ দুটি গুণ হৈছে :- ক) আনক দেখি জ্বলন হোৱা ( jealousy ) আৰু খ) অক্ষুৰক্ষিত স্বভাৱ ( Feeling insecure ) । এনে লোকে আপোনাৰ আগত আপোনাৰ প্ৰশংসা কৰিব কিন্তু আপুনি দূৰ হলেই আপোনাৰ হকে বিহকে বদনাম গাব। সেয়ে এনে লোকৰ সংগ নিশ্চিতভাবে এৰাই চলক নহলে পদে পদে বিপদ নিশ্চিত।

Share it with:

1 Comment

  1. Very good motivation thank you for very good information .

Leave a Reply

Your email address will not be published. Required fields are marked *