কেলচিয়ামৰ অভাৱ কেনেকৈ দূৰ কৰিব ? কেলচিয়াম অভাৱ হলে কি কি লক্ষণে দেখিব ? ( How to fulfil the difficiency of calcium in body ? symptoms of calcium difficiency :- 

Key points :-

  1. গাৰ বিষ হোৱা মানেই কেলচিয়ামৰ অভাৱ নেকি ?
  2. কেলচিয়াম অভাৱ হলে কি কি লক্ষণ দেখিব ?
  3. কি কি খাদ্যত বেছিকৈ কেলচিয়াম থাকে ?
  4. কেলচিয়াম বেছিকৈ খালে কি বিষক্ৰিয়া হয় ?
  5. কেলচিয়ামৰ অভাৱ কেনেকৈ দূৰ কৰিব ?
  6. মানৱ দেহত কেলচিয়ামৰ প্ৰয়োজন কি ?
  7. বয়স অনুযায়ী দৈনিক কিমান কেলচিয়ামৰ প্ৰয়োজন ?

  health benifits of calcium

দেহৰ বিষ হোৱা মাত্ৰকে কেলচিয়াম কিনি আনি খোৱাটো যিমানেই ভুল ;  সিমানেই ভুল হ’ব যদিহে দেহৰ বিষ মাত্ৰ কেলচিয়ামৰ অভাৱতেই হয় বুলি ধাৰণা কৰা হয় ; কাৰণ বেছিকৈ কেলচিয়াম খোৱা হানিকাৰক।

    মানৱ দেহত অতিকৈ প্ৰয়োজন হোৱা এবিধ খনিজ লৱনৰ ভিতৰত এবিধ হৈছে কেলচিয়াম। দেহৰ হাড় আৰু দাঁতৰ বাবে প্ৰয়োজনীয় উপাদান বিধে হৈছে কেলচিয়াম। আমি দৈনিক খাদ্য গ্ৰহণ কৰি পোৱা কেলচিয়াম খিনিৰ প্ৰায় ৯৯% ব্যৱহাৰ হয় হাড় আৰু দাঁতৰ ক্ৰিয়াত আৰু বাকী ১% হৃদযন্ত্ৰ, মাংসপেশী আৰু বিভিন্ন জৈৱ বিক্ৰিয়াত ব্যৱহাৰ হয়। ইয়াৰ উপৰিও মগজু আৰু দেহৰ অইন অংগসমূহৰ মাজত সু – সংযোগ স্থাপনৰ বাবে কেলচিয়ামৰ প্ৰয়োজন । এই কেলচিয়ামে হৃদযন্ত্ৰৰ ক্ৰিয়া আৰু মাংসপেশীৰ সংকোচন, প্ৰসাৰণ আদিও নিয়ন্ত্ৰণ কৰে। এই কেলচিয়াম প্ৰাকৃতিক ভাবে খাদ্যতে পোৱা যায়। এই কেলচিয়ামৰ উপৰিও ভিটামিন D ৰো প্ৰয়োজন আছে মানৱ দেহত ; কিয়নো ভিটামিন D য়ে মানৱ দেহত কেলচিয়াম শোষণত সহায় কৰে আৰু এই ভিটামিন D পোৱা যায় কিছুমান খাদ্য সম্ভাৰ আৰু সূৰ্য্যৰ পোহৰৰ পৰা।

major health benifitsof calcium rich food

কেলচিয়াম সমৃদ্ধ খাদ্য ( Foods rich in calcium) :- দৈ, গাখীৰ, ছয়া মিল্ক, ঘেঁহু, সেউজীয়া শাক পাচলি যেনে :- পালেং শাক, সৰিয়হ শাক, মেথি শাক, ব্রকলি, মাটি আলু , মিঠা আলু, পকা ফলমুল , বাদাম, দাইল জাতীয় খাদ্য শস্য, কল,

 

BROKOLI IS A GOOD SOURCE OF IRONHEALTH BENEFITS OF BANANASweet potato improves eye sight

মাছ, মাংস, কণী, বিলাহী, গাজৰ, মূলা, বন্ধাকবি, ফুলকবি, খেজুৰ, নাৰিকল, মৌচুম্বী, আমলখি, তিল, জিৰা, কমলা, ইত্যাদি আদি।

মানৱ দেহত কেলচিয়ামৰ প্ৰয়োজন কি ( Needs of calcium in human Body)  ?

বিভিন্ন প্ৰকাৰৰ দেহ গঠনকাৰী ক্ৰিয়া কলাপৰ বাবে  প্ৰয়োজন হয় কেলচিয়ামৰ ।

১) হাড়ৰ স্বাস্থ্য ( Bone health) :- মানৱ দেহৰ ৯৯% কেলচিয়াম দাঁত আৰু হাড়ত থাকে। দাঁত আৰু হাড়ৰ বিকাশ, শ্ৰীবৃদ্ধি আৰু ভৰণ পোষণৰ বাবে কেলচিয়ামৰ প্ৰয়োজন। বাঢ়ি অহা শিশুৰ হাড়ৰ গঠনত কেলচিয়ামৰ প্ৰয়োজন আৰু বৃদ্ধ অৱস্থাত কেলচিয়ামে হাড়ৰ ক্ষয় ৰোধ কৰে ।

২) মাংসপেশীৰ সংকোচন নিয়ন্ত্ৰণ কৰে কেলচিয়ামে ( Muscle contraction) :- যেতিয়া স্নায়ুকোষে কোনো নিৰ্দিষ্ট মাংসপেশীক উদ্দীপ্ত কৰে তেতিয়া দেহৰ কোষত কেলচিয়াম ক্ষৰণ হয় আৰু এই কেলচিয়ামে প্ৰটিনক সহায় কৰি মাংসপেশী খিনি সংকুচিত কৰে ; আৰু যেতিয়া মাংসপেশীৰ পৰা কেলচিয়াম খিনি ওলাই আহে তেতিয়া মাংসপেশীৰ প্ৰসাৰণ হয়।

৩) হৃদপিণ্ড আৰু ৰক্ত পৰিবাহী তন্ত্ৰৰ বিভিন্ন কামত প্ৰয়োজন কেলচিয়াম ( Heart and cardiovascular system) :- কাটিলে তেজ গোট মাৰি তেজ বন্ধ হোৱা পৰিঘটনাত সহায় কৰে কেলচিয়ামে। হৃদপিণ্ডৰ পেশী আৰু ৰক্ত পৰিবাহী তন্ত্ৰৰ পেশী সমূহৰ প্ৰসাৰণত প্ৰয়োজন হয় কেলচিয়াম।

বয়স অনুযায়ী দৈনিক কিমান কেলচিয়ামৰ প্ৰয়োজন (Daily requirment of calcium according to age) ?

০- ৬ মাহ বয়স        :- ২০০ মিলিগ্ৰাম।
৭ – ১২ মাহ ,, ,,       :- ২৬০ মিলিগ্ৰাম।
১ – ৩ বছৰ ,, ,,      :- ৭০০ মিলিগ্ৰাম।
৪- ৮ বছৰ ,, ,,     :- ১০০০ মিলিগ্ৰাম।
৯ – ১৮ বছৰ ,, ,,   :- ১৩০০ মিলিগ্ৰাম।
১৯ – ৫০ বছৰ ,, ,,   :- ১০০০ মিলিগ্ৰাম।

daily need of calcium accoding to age
৫১ – ৭০ লৈকে       :-    ১০০০মিলিগ্ৰাম ( পুৰুষ বাবে )
৫১ – ৭০ লৈকে      :-     ১২০০ মিলিগ্ৰাম ( মহিলাৰ বাবে )
৭১ বছৰৰ ওপৰত :-    ১৩০০ মিলিগ্ৰাম।
গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে এই কেলচিয়ামৰ প্ৰয়োজন হৈছে প্ৰায় ১০০০ পৰা ১৩০০ মিলিগ্ৰাম দৈনিক।

কেলচিয়ামৰ অভাৱ কেতিয়া হয় ( Why calcium difficiency occur)  ?

বিভিন্ন কাৰণত দেহত কেলচিয়ামৰ অভাৱ সংঘটিত হ’ব পাৰে।
১) খাদ্যত কেলচিয়ামৰ অভাৱ।
২) বমি হলে, ভোক কমিলে বা খাদ্য ভালকৈ নাখালে।
৩) মেগনেছিয়াম থকা ঔষধ বেছিকৈ সেৱন কৰিলে যেনে :- এন্টাচিদ সদায়ে সেৱন কৰা।
৪) বহুদিন ধৰি কোষ্ঠ কাঠিন্যৰ ঔষধি সেৱনৰ ফলত।
৫) কেঞ্চাৰ ৰোগৰ চিকিৎসা যেনে কেমোথেৰাপি ললে আৰু কৰ্টিক’ষ্টেৰইড ঔষধি যেনে হাঁপানী ৰোগৰ কিছুমান দৰৱ সেৱন কৰি থাকিলে।
৬) অত্যধিক মদ্যপান, কেফেইন আৰু চদা থকা খাদ্য সেৱন কৰা।
৭) কিছুমান ৰোগ যেনে কিডনী বিকল, ভিটামিন D ৰ অভাৱ, ফচফেতৰ অভাৱ, পেনক্ৰিয়াটাইটিছ আদি ।

কেলচিয়ামৰ অভাৱত কি সমস্যা হয় ( SYMPTOMS OF CALCIUM DIFFICIENCY)  ??

ব্যক্তি বিশেষৰ কেলচিয়ামৰ অভাৱ হলে প্ৰথম অৱস্থাত একো লক্ষণ দেখা নিদিয়ে কিন্ত লাহে লাহেকৈ তলত দিয়া লক্ষণ সমূহ দেখা যাব।
১) স্মৃতি শক্তি কমি যোৱা আৰু চিন্তা ভাৱনাৰ খেলি মেলি হোৱা (confusion) ।
২) মাংস পেশীৰ বিষ আৰু কামোৰণি (spasm) ।
৩) হাত, ভৰি আৰু মুখত সিউসিয়নি হোৱা (numbness)।
৪) মানসিক চাপ।
৫) মতিভ্ৰম হোৱা।
৬) নখবোৰ ঠুনুকা হৈ পৰা।
৭) সহজতে হাড় ভাগি যোৱা।
৮) চুলিৰ গুৰি দুৰ্বল হৈ পৰা।
৯) ছালৰ সৌন্দৰ্য্য কমি যোৱা।
১০) আনকি ভাল মানুহৰ হঠাতে মৃগীৰোগ সদৃশ লক্ষণে দেখা দিয়া।

কেলচিয়ামৰ পাৰ্শ্বক্ৰিয়া ( side effects of more consumption of calcium)  :-

এনেয়ে বজাৰৰ পৰা আনুমানিক ভাৱে কেলচিয়ামৰ টেবলেট বা পানীয় কিনি আনি খোৱা অনুচিত। প্ৰথমে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু চিকিৎসকে নিৰ্ণয় কৰিব আপুনি কিমান দিন আৰু কিমান দৈনিক মাত্ৰাত কেলচিয়াম খাব লাগিব। নিজেই কেলচিয়াম কিনি আনি খাই থকা বিপদজনক হ’ব পাৰে। কিয়নো অধিক মাত্ৰাত কেলচিয়াম খোৱাৰ ফলত হ’ব পাৰে :-
১) কিডনীৰ সমস্যা আৰু কিডনী পাথৰ।
২) কোষ্ঠ কাঠিন্য।
৩) তেজ পৰিবাহী শিৰা আৰু ধমনীৰ কেলচিফিকেচন।
৪) আইৰন শোষণত অৱৰোধ।
৫) হৃদযন্ত্ৰ বিকলৰ সম্ভাৱনা বৃদ্ধি।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *