এই কথা জানিলে দৈনিক ১ ঘন্টা নপঢ়া ছাত্ৰই পঢ়িব ১০ ঘন্টালৈ !!
ভাবিলোঁ যে আজি বহু বেছি সময় পঢ়িম; কিন্তু অলপ সময় পিছতে আধাঘন্টা নহঁতেই সেই পঢ়াৰ ইচ্ছা কত হেৰাই যায় ভাবি নাপাওঁ।
কোনোবা দিনা আকৌ ভাবোঁ আজি লগ বন্ধুক সময় নিদিওঁ মাত্ৰ কিতাপৰ সৈতে সময় পাৰ কৰিম ; কিন্তু মনটোৱে তাক হবলৈ নিদিলে।
মাজে প্ৰায়ে মনত এনেকুৱা ভাবো আহে যে মই এনেকৈ সময় নষ্ট কৰি থাকিলে মোৰ ৰিজাল্ট বেয়া হ’ব যাৰ ফলতে মই ভৱিষ্যত জীৱনত কষ্ট পাব লাগিব। কিন্তু ইমান খিনি জনাৰ পিছতো কেনেকৈ ভুল পথে গুচি যাওঁ বুজিব নোৱাৰো।
বুজিব পাৰিম সেইদিনাই সময়ৰ গতিত যিদিনা দহ টকাৰ বাবে মূৰৰ ঘাম মাটিত পেলাব লাগিব, যিদিনা প্ৰখৰ ৰদৰ উত্তাপত ধান কাটিব লাগিব, যিদিনা ইটা বালি চিমেণ্ট মুৰৰ ওপৰত উঠাই খোজ দিব লাগিব। কিছুমানৰ ক্ষেত্ৰত এনে কাম কৰিব নালাগিলেও কিন্তু এনে কাম কৰিবলৈ দৰকাৰ হৈ হ’ব যত আকাশৰ তৰাই যি কব তাকেই শুনিব লাগিব আৰু কৰিব লাগিব ; সেইদিনা কিন্ত অনুশোচনা আহিবই, অনুতপ্ত হবই লাগিব যে নিজৰ সেই সোণালী দিনবোৰ কিয় নষ্ট কৰিছিলোঁ। সেইদিনা PUBG , Free fire আদি গেম বিলাকৰ কোনো মূল্য নাথাকিব , ফেচবুক , ইনষ্টাগ্ৰাম আৰু হোৱাতছ এপৰো নাথাকিব মূল্য ; বন্ধুৰ সৈতে সময় কটোৱা কথা দুৰৈত দেখা কৰাৰো সময় নাথাকিব।
আজি কৰি যোৱা এই সৰু সৰু ভুলবিলাকে এদিন কিমান এটি ডাঙৰ ভুলৰ ৰূপ লব বুজিবলৈ কঠিন হৈ পৰিব । মনত ৰাখিব আজিৰ এই অদৰকাৰী কামবোৰৰ আৰত কিমান কষ্ট লুকাই আছে সেইটো ওলাই পৰিব ওচৰতে থকা তোমাৰ ভৱিষ্যতত। আজি যিবোৰ বস্তুক তুমি গুৰুত্বপূৰ্ণ বুলি মনতে ভাবি আছা সেইবোৰ যে ভৱিষ্যতে মূল্যহীন তোমাৰ জীৱনৰ আগন্তুক সময়ে তাক প্ৰমাণ কৰি যাব বাৰে বাৰে।
আজি যদিওবা তুমি দেউতাৰ টকাৰে কিনা কলা চশ্মাজোৰ পিন্ধি থকা বাবে এইবোৰ দেখা নাই ; সকলো বিলাক ৰঙীণ দেখি আছা, বগা পাতত কলা আখৰে লিখা কিতাপ বোৰ কলা আৰু বগা বাবেই পঢ়িবলৈ মন যোৱা নাই , কিতাপ দেখিলেই মনত অস্বস্তি আহে ; সেয়ে কলো আজিয়ে তুমি নিজৰ ঘৰৰ বেৰত ডাঙৰ আখৰেৰে লিখি দিয়া যে ” মই আজিয়ে পৰাজিত হৈছো” । কাৰণ এনেদৰেই গৈ থাকিলে ভৱিষ্যতে তোমাৰ সেইটোৱেই হ’ব । তোমাৰ অন্ধকাৰ ভৱিষ্যত কোনেও সলনি কৰিব নোৱাৰিব ; ভগৱানেও তোমাক সহায় নকৰিব কাৰণ সময়ৰ মূল্যবোধ নুবুজা জনক ভগৱানে একেবাৰেই লাইক নকৰে।
যদিহে কিবা ভাল হোৱাৰ আৰু ভাল কৰাৰ আশা আছে তেন্তে ঘৰৰ দেৱালত আজিয়ে ডাঙৰকৈ লিখি দিয়া যে “মই বিজয়ী “ ; আৰু আজিৰ পৰাই সেইটো হোৱাৰ বাবে মনত জেদ ভাব প্ৰস্তুত কৰা আৰু তাৰ বাবে কামত নিয়োজিত কৰা নিজকে। যদি পঢ়াৰ সময়ত টোপনি আহে তেতিয়া চাদৰ ওপৰত থকা কাঠৰ টুকুৰা টোৰ ওপৰত বহি পঢ়া আৰম্ভ কৰা, আৰামৰ ঠাইত বহি পঢ়া অভ্যাস এৰি কষ্টকৰ ঠাইত বহি পঢ়া আৰম্ভ কৰা; তেতিয়া তোমাৰ মনটোৱে বুজি পাব যে এওঁৰ সৈতে আৰু যুজঁ কৰি লাভ নাই কাৰণ তোমাৰ জেদ ইতিমধ্যে মনৰ প্ৰৱণতাতকৈ দৃঢ় হৈ উঠিছে। পঢ়াৰ সময়ত যদিও কিবা অদৰকাৰী চিন্তা আহিও যায় তেতিয়া মনটো বান্ধি লৈ জেদ ধৰি তোমাৰ নিৰ্দিষ্ট পঢ়া সময় খিনি বা পাঠ শেষ নোহোৱা পৰ্য্যন্ত কিতাপৰ সৈতেই কটাই দিয়া লাগিলে পুৱতি নিশা হৈ যাব পাৰে।
এনে অভ্যাস গঢ়োতে এদিন দুদিন তিনিদিন কষ্ট হ’ব; কিন্তু চতুৰ্থ দিনাৰ পৰা তোমাৰ মনটো তোমাৰ সৈতে হাৰ মানি যাব। আজি জীৱনৰ সকলো কথাৰ সৈতে তুমি প্ৰতিদান কৰা কিন্তু পঢ়া শুনাৰ সৈতে কেতিয়াও প্ৰতিদান নকৰিবা। যি কাম তুমি সদায় বেছি বেছি কৰিবা তোমাৰ মনটোৱে সেই কাম বেছিকৈ কৰিবৰ বাবে আগ্ৰহী হ’ব । পঢ়া টেবুলত বহিয়ে এই প্ৰশ্ন নিজকে সদায় এবাৰ কৰা যে তুমি এজন কিয় ভাল ছাত্ৰ হব নোৱাৰা, তুমি তোমাৰ ছাত্ৰ জীৱনত পঢ়াৰ বাবে কষ্ট নকৰি আৰাম কৰি থাকিলে ভৱিষ্যত জীৱনত কি কি আৰাম পাবা ?
আজি যদি চাপ নোলোৱাকৈ, কষ্ট নকৰাকৈ পঢ়া শুনা কৰা তেন্তে ভৱিষ্যত জীৱনত সদায় মানসিক চাপ আৰু কষ্ট ভুগিব লাগিব। বহু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে এই বিষয়ক গুৰুত্ব নিদিয়ে ফলত ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হয়। কিন্ত তুমি নিজকে এনেদৰে অনুভৱ কৰিব লাগিব যে বহু ছাত্ৰৰ দৰে তুমি নহয় ; তেওঁলোকৰ চিন্তা ধাৰাতকৈ তোমাৰ চিন্তা ধাৰা বেলেগ । নিজকে অসাধাৰণ কৰি প্ৰস্তুত কৰি লোৱা কাৰণ সাধাৰণ চিন্তা ধাৰাই, সাধাৰণ কামে আৰু সাধাৰণ সপোনে মানুহক সাধাৰণ কৰিয়ে ৰাখে ; নহলে জীৱনত ডাঙৰ একো কৰিব নোৱাৰিবা ।
জীৱনৰ সপোন বোৰক খেদি খেদি এদিন যদি হেৰায়ো যাব লাগে বা হাৰি যাব লাগে তেন্তে জানিবা তুমি সফল। জীৱনত কিবা কৰিবলৈ গৈ যদি হাৰি গলা সেয়া কোনো অস্বাভাৱিক নহয় ; প্ৰয়াস নকৰাটোহে অস্বাভাৱিক। এদিন হাৰি যোৱা বাবে যে আৰু সফলতা নাহিব তেনে কথা একো নাই । কেতিয়াও ভাবিব নালাগে যে এইটো কৰিব নোৱাৰিম ; বৰং এইটো ভাৱিব লাগে যে এইটো কৰিব পাৰিম আৰু এই কামৰ বাবেই মই এই পৃথিৱীলৈ আহিছোঁ।
সেয়ে আকৌ কলো ছাত্রজীৱনত অলপ কষ্ট কৰি অলপ মন দি পঢ়া শুনা কৰিব লাগে , পাঠ্যক্ৰম যিমানে টান নহওঁক , সময় যিমানে দৰকাৰ নহওঁক কষ্ট কৰিলে নিজৰ আয়ত্বলৈ আহিব আৰু সিয়ে এদিন তোমাক অসাধাৰণ কৰি গঢ়ি তুলিব।
Nice…
very nice, পঢ়ি বহুত ভাল লাগিল
সচাই আমি কৰা ভুল যে আমাৰ ল’ৰা ছোৱালীৰ নহয় আমি চকু দিব লাগিব
অতি সুন্দৰ অনুভব
Thank you somash
Ajir pora moi/o maar kotha honim
Thank you so much
সুন্দৰ
Hosakoi ajir pora pohim mon de
Write
Bhut vl lagil..moiu ajir porai aromva korim….
Very good speech 💥💥
Nice
বহুত ভাল লাগিল পঢি , সচায় আমি মূল্যশীল সময় বোৰ এনেই পাৰ কৰি দিছো।
কথা কেইষাৰ যোনে লিখিছে তেওঁ লৈ বহুত ধন্যবাদ। ইমান ধুনীয়া কথা লিখা মানুহ গৰাকী লৈও ভৱিষ্যৎ জীৱনৰ শুভেচ্ছা থাকিল।
পঢ়ি ভাল লাগিল আৰু এতিয়া মোৰ ইচ্ছা বাঢ়িছে সফলতাৰ প্ৰতি। ধন্যবাদ 🙏
One of the best assamese writings ever seen in my life, I will start today
এনে বোৰ কথাই আমাক যুগ্ম জীৱনত আগুৱাই যোৱাত বহু ধৰণে সহায় কৰে । ধন্যবাদ ❤️ এই সুন্দৰ লিখনিৰ জৰিয়তে আমাক শুদ্ধ পথ দেখুওৱাৰ বাবে❤️
Nice
Great Post
𝙰𝚓𝚒𝚛 𝚙𝚘𝚛𝚊 𝚟𝚊𝚕 𝚔 𝚙𝚘𝚑𝚒𝚖 𝚔𝚘𝚝𝚑𝚊 𝚔𝚑𝚒𝚗𝚒 𝚙𝚘𝚑𝚒 𝚟𝚊𝚕 𝚕𝚊𝚐𝚒𝚕
Nice comment .
TQ……sir 🥺❤️🔥