9 TIPS OF SUCCESS

এই ৯ টা প্ৰশ্ন নিজকে কৰক জীৱনত সফলতা আহিবই !! ( 9 tips to be success in life) :-

WAY TO BE SUCCESS

পৃথিৱীৰ সকলো সফল ব্যক্তিৰ জীৱন পৰিক্ৰমা অনুসৰণ কৰিলে কিছু আচৰিত আচৰিত কথা দেখা পোৱা যায়। আৰু এই আচৰিত কথা সমূহ সকলো সফল ব্যক্তিৰ সৈতে সাদৃশ্য দেখা যায়; এই মিল থকা কথাসমূহৰ ভিতৰত এটি কথা হ’ল তেওঁলোকে নিজকে সদায় পৰ্যালোচনা কৰে, নিজকে প্রশ্ন কৰে আৰু কিছুমান জীৱনৰ বাবে অমূল্য কথা সদায় মনত পেলাই। সেয়ে কোৱা হয় জীৱন সফল কৰি তুলিবলৈ হ’লে প্ৰত্যেক জন ব্যক্তিয়ে সদায়েই এই প্ৰশ্নবোৰ নিজকে কৰক আৰু উত্তৰবোৰ নিজেই দিয়ক ; এমাহ যদি এনে অভ্যাস কৰা যায় তেতিয়াই জীৱনৰ গতিপথ সলনি হবলৈ ধৰিব আৰু লাহে সময়ৰ লগে লগে জীৱন সর্বাংগসুন্দৰ হৈ পৰিব।

১) প্ৰশ্ন :- সৃষ্টিকৰ্তাই আমাক মানুহ হিচাপে কিয় পৃথিৱীলৈ পঠাইছে ? ( Why the creator has created us as human ?)

9 tips to increase intelligence and iq

এই প্ৰশ্ন অৱশ্যেই নিজক নিজে কৰক সদায়েই যে কিয় সৃষ্টিকৰ্তাই আমাক মানুহ হিচাপে পঠাইছে ? নে মাত্ৰ ফেচবুক আৰু হোৱাটছ’এপ অতে ব্যস্ত থাকিবলৈ নে কিবা ভাল কৰ্ম কৰি সমাজ গঢ়িবলৈ ? পৃথিৱীত লাখ লাখ জীৱ জন্তু আছে; সৃষ্টিকৰ্তাই আমাক সেই জীৱ জন্তু কৰি সৃষ্টি নকৰি মানুহ হিচাপে জন্ম দিছে কিয় ? নিশ্চিতভাবে সৃষ্টিকৰ্তাৰ কিবা উদ্দেশ্য আছে আৰু সেই উদ্দেশ্যক আপুনি বিচাৰি উলিয়াব লাগিব । আৰু যেতিয়াই এই উদ্দেশ্য বিচাৰ কৰি তাক সিদ্ধি কৰাৰ বাবে যত্নপৰ হ’ব তেতিয়াই মানুহ সফলতাৰ দিশে গতি কৰিব পাৰিব।

২) প্ৰশ্ন :-  আপুনি যি কাম কৰিম বুলি ভাবিছে সেই কামটি আৰম্ভ কৰিছেনে নাই আৰু এতিয়ালৈকে যদি আৰম্ভ কৰা নাই কেতিয়া কৰিব ? নে কিবা সমস্যাৰ বাবে কামটো আৰম্ভ কৰিব পৰা নাই ? ( What is your problem  being late to start the deed ? )   তাৰ উত্তৰবোৰ আপুনি নিজে প্ৰস্তুত কৰক ; দেখিব ইয়াৰ সমাধান সূত্ৰ আপোনাৰ উত্তৰতে পাব।

৩) প্ৰশ্ন :-  আপোনাৰ বাবে ভয়ংকৰ কথা কোনটো আপোনাৰ অসফলতা নে সফল হবলৈ প্ৰচেষ্টা নকৰাতোহে ? ( What is more  danger for you the failure or not trying to be succeed ? )

এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে সফল হবলৈ চেষ্টা নকৰাটো। বহু মানুহ আছে যিয়ে ব্যৰ্থতাৰ ভয়ত কোনো কাম আৰম্ভই নকৰে। কিন্তু মনত ৰাখিব লগীয়া কথাটো এই যে বিফলতা হৈছে সফলতাৰ প্ৰথম খোজ। পৃথিৱীৰ সকলো জন সফল ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰথম অৱস্থাত বিফলতা পাইছিল। আৰু সেই প্ৰথম বিফলতা খিনিকে মূলধন হিচাপে আগবাঢ়ি গৈ তেওঁলোকে সফলতাৰ শিখৰত উপনীত হ’ব পাৰিছিল।

৪ ) প্ৰশ্ন :-  যিটো কাম কৰিবলৈ ওলাইছে বা মন কৰিছে তাৰ সমস্ত তথ্য আপুনি যোগাৰ কৰিলেনে ? ( Are you eligible to do the task ? )

 কৰিব খোজা কামৰ ওপৰত আপোনাৰ অভিজ্ঞতা আছেনে নাই নিজে নিজক সোধক আৰু যদি নাই সেই বিষয় বস্তু আগতে আয়ত্ব কৰিহে কামত আগবাঢ়ি যাওক শিখৰত উপনীত হ’ব পাৰিব। 

৫) প্ৰশ্ন :-  আপুনি কিয় সফলতা আশা কৰে ? ( Why do you need success ? )

TALK YOURSELVES 9 THINGS IN THE MORNING TO BE SUCCESSFUL IN LIFE - DR APJ ABDUL KALAM AZAD

 কোনো কামত সফলতা অৰ্জন কৰিবলৈ আপোনাৰ কি অৰ্হতা আছে এয়া আগতে নিশ্চিত কৰক।

৬) প্ৰশ্ন :- Will there someone to feel sad when you are in sad ?  আপুনি যদি দুখত থাকে পৃথিৱীৰ আন কাৰোবাৰ কিবা ক্ষতি হ’ব নেকি ? এই প্রশ্নৰ উত্তৰ আপোনাৰ মতে “হয়” নে “নহয়” সদায়ে এবাৰ নিজকে নিজক দিয়ক।

৭) প্ৰশ্ন :-  মানুহৰ  জীৱন খুব কম সময়ৰ আৰু এই জীৱন বাস্তৱত এবাৰে পোৱা যায়; তেন্তে আপুনি জীৱনৰ বাবে প্ৰয়োজনীয় খিনিৰ বাহিৰে অদৰকাৰী কামবোৰ কৰি কিয় বিনা কাৰণত সময় নষ্ট কৰিছে তাৰ উত্তৰ আপুনি নিজকে সদায় দিয়ক। ( Why do you spent time in unnecessary task ? )

৮) প্ৰশ্ন :-  What are the obstacles ?  আপুনি আগুৱাই যোৱাত বা সফলতাৰ দিশে আগবাঢ়ি যাওঁতে কি বাধা আহিছে নিজেই নিজক সোধক আৰু উত্তৰ নিজেই দিয়ক। 

৯) প্ৰশ্ন :  Are  you trying to achieve what you aim ? – আপুনি যিমান আশা কৰে বা হাবিয়াস কৰে যিমান খিনি পাবলৈ লক্ষ্য কৰিছে তাত উপনীত হবলৈ সিমানখিনি কষ্ট আৰু চেষ্টা কৰিছেনে এই কথা নিজকে সোধক আৰু উত্তৰত কিন্তু আপুনি আপোনাৰ বিফলতাৰ সমাধান পোৱাটো নিশ্চিত। 

যেতিয়াই মানুহে এনেদৰে নিজকে প্ৰশ্ন সমূহ কৰিব আৰু উত্তৰ দিব তাতে তেওঁ তেওঁৰ দুৰ্বলতা খিনি বিচাৰি পাব। আৰু বিফলতা খিনিক সফলতালৈ ৰূপান্তৰ কৰিবলৈ অহৰহ চেষ্টা কৰিলে সফলতা খুব সোনকালে আহিব।

Tags :-

#lifequotes #quotes #life #motivationalquotes #love #motivation #quoteoftheday #inspirationalquotes #inspiration #quote #lovequotes #instagram #instagood #positivevibes #quotestoliveby #success #lifestyle #quotestagram #happiness #selflove #believe #successquotes #loveyourself #follow #poetry #like #motivational #quotesdaily #positivity #bhfyp

Share it with:

2 Comments

  1. জীৱনত এনে এটি মূহুৰ্তত সমইছা খিনি আহি পৰে যেন,কামবোৰ কৰিম্ বুলিও আৰ্থিক অভাৱ- অনাটনে দেখা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *