Intelligent people never disclose this 4 things to other !!

এই চাৰিটা কথা কেতিয়াও আনক নকব !! এই চাৰিটা কথা আনক কলে ক্ষতি হ’ব !! ( Intelligent people never disclose this 4 things to other !! ) : –

Intelligent people never disclose this 4 things to other !!

  বুদ্ধিমান লোক সকলৰ কিছুমান ব্যতিক্ৰমী গুণ থাকে যিবোৰ গুণে তেঁওক বুধিয়ক হোৱাত সহায় কৰে। আচাৰ্য চাণক্যই কৈ গৈছিল যে কিছুমান কথা আনক কোৱা খুবেই অনুচিত যাৰ ফলত নিজৰ ক্ষতি হ’ব পাৰে ।

১) নিজৰ ব্যৱসায়ৰ আৰু অর্থৰ ক্ষয় ক্ষতিৰ কথা অইন লোকক কোৱা অনুচিত ( Never disclose your loss to other ) ।

  চাণক্য নীতি অনুসৰি কোনো মানুহে নিজৰ ব্যৱসায়ৰ লাভ লোকচান আৰু টকাৰ লোকচান বা ক্ষতিৰ বিষয়ে অইন লোকক কোৱা অনুচিত; যিমান পাৰি এই কথা নিজৰ মাজতে ৰখা উচিত। কিয়নো যেতিয়া আপুনি আপোনাৰ বেয়া অৱস্থাৰ কথা আন লোকক কব তাৰ বহুজনেই আপোনাক দেখুৱাবলৈহে সহানুভূতি প্ৰকাশ কৰিব, দুখ প্ৰকাশ কৰি দেখুৱাব; কিন্তু আপোনাক কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি নাহে। আৰু বহুজনেই আপুনি আতৰি গলেই আপোনাৰ বেয়া দিন অহা বাবে  আনন্দহে প্ৰকাশ কৰিব। আৰু যদিহে এই কথা কোৱাৰ অত্যন্ত প্ৰয়োজন বুলি ভাবিছে নিজৰ আপোন মানুহকহে জনাওক যিয়ে আপোনাক সহায় কৰিব বুলি বিশ্বাস হয়।

২) নিজৰ দৰিদ্ৰতাক কেতিয়াও আনৰ আগত নকব ( Never share about your poverty to other) ।

Intelligent people never disclose this 4 things to other !!

  চাণক্যৰ মতে দুখীয়া লোকৰ এইখন পৃথিৱীত কোনো সন্মান নাই; সেয়ে নিজৰ অভাৱ অভিযোগ বোৰ আনৰ আগত কৈ তুচ্ছ তাচ্ছিল্যৰ পাত্ৰ নহ’ব ; যিমান পাৰে এই কথা নিজৰ মাজতে ৰাখক আৰু মনে মনে এই দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ চেষ্টা আৰু পৰিশ্ৰমত ব্ৰতী হওঁক। কাৰণ চেষ্টাৰ অসাধ্য একো নাই ; আনকি চেষ্টা কৰিলে নিজৰ ভাগ্যকো সলনি কৰিব পাৰি।

৩) নিজৰ ব্যক্তিগত সমস্যাৰ কথা আনক নকব ( Never disclose your personal problems )।

Intelligent people never disclose this 4 things to other !!

ব্যক্তিগত সমস্যা আপোনজনৰ বাহিৰে আনৰ সৈতে কেতিয়াও আলোচনা নকৰা ভাল নহ’লে সমস্যা দুগুণ বাঢ়ি যোৱাৰ আশংকা বাঢ়িব লগতে আপোনাৰ সমস্যাৰ কথা আনে প্ৰচাৰ কৰি সমাজৰ আগত আপোনাক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব। কিয়নো আপুনি বিশ্বাস কৰক বা নকৰক এচাম  মানুহে অইন মানুহৰ দুখ দেখি মনে মনে সুখী হয়, তৃপ্তি লভে। লগতে নিজৰ স্ত্ৰীৰ চৰিত্ৰৰ কথা আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিব।

৪) নিজে পোৱা অপমানৰ কথা কেতিয়াও আনক নকব ( Do not share the assault you got to other) ।

আচাৰ্য চাণক্যই কৈছিল যে আপুনি পোৱা অপমান আৰু ঠাট্টা মস্কৰাৰ কথা কেতিয়াও আনৰ দৃষ্টিগোচৰ নকৰিব। এনে কৰিলে আপোনাৰ মান সন্মান হানি হ’ব কিয়নো এই কথা যাক আপুনি কৈছে তেওঁলোকৰ বহুজনেই আপোনাৰ কথাত আনন্দ পাব আৰু আন বহুজনৰ মাজত প্ৰচাৰ কৰি ফুৰিব ; আৰু সেয়া আপোনাৰ কাণত পৰিলে আপুনি হতাশাত ভুগি আপোনাৰ আত্মবিশ্বাস হেৰুৱাই পেলাব।

Share it with:

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *