জীৱনৰ কিছু কঠিন আৰু অপ্ৰিয় সত্য !! নিষ্ঠুৰ সমাজৰ অপ্ৰিয় সত্য !!

জীৱনৰ কিছু কঠিন সত্য !! নিষ্ঠুৰ সমাজৰ অপ্ৰিয় সত্য !!

   মানৱ জীৱনৰ কিছু কঠিন বাস্তৱৰ সৈতে আপোনাক আজি পৰিচয় কৰি দিব খুজিছোঁ মাত্ৰ প্ৰত্যেকটো কথা মন দিয়ক , অনুভৱ কৰক  ; কথাবোৰ হৈছে আপুনি জনা নজনা, কিছু বাস্তৱ আৰু কিছুমান অপ্ৰিয় সত্য।

14 real truths of life

 ১) পৃথিৱীত আটাইতকৈ কম দামী বস্তু হৈছে উপদেশ; যদি আপুনি বিচাৰে দিবৰ বাবে হাজাৰজন আগবাঢ়ি আহিব  দিবলৈ। আৰু পৃথিৱীত আটাইতকৈ মূল্যবান বস্তুটি হৈছে উপকাৰ; যদিহে হাজাৰ জনৰো ভৰিত ধৰে  তেন্তে ভাগ্যক্ৰমে মাত্ৰ এজনৰ পৰাহে পাব উপকাৰ।

 ২) এই পৃথিৱীৰ এটি ডাঙৰ শত্ৰু কি জানে ? আপুনি যিমান ভাল কাম নকৰক যিমানেই আনৰ উপকাৰী নহওঁক এই পৃথিৱীয়ে আপোনাৰ এটি মাত্ৰ ভুলৰ অপেক্ষাত থাকে । সেয়ে আপুনি যদিহে আপোনাৰ কাম বোৰ ভালকৈ আপোনাৰ এশ শতাংশ দি কৰি গৈ আছে তেন্তে কোনোবাই তাতে কটু মন্তব্য দিলেও বা সমালোচনা কৰিলেও মন বেয়া নকৰিব মাত্ৰ কৰি গৈ থাকক। কাৰণ তেওঁলোকে আপোনাক ওপৰলৈ যোৱাটো কেতিয়াও নিবিচাৰে; যিমান পাৰি সমালোচনা কৰি আপোনাক হেয় প্ৰতিপন্ন কৰি, আপোনাৰ কৰ্ম উদ্দাম ভাগি আপোনাকো তেওঁলোকৰ লগত থকাটো বিচাৰে।

 ৩) নিজক লৈ আপুনি কেতিয়াও এনেকৈ নাভাবিব যে আপোনাৰ একো নাই আৰু নাভাবিব যে আপুনিয়েই সকলো ; সদায়ে ভাৱক যে আপোনাৰ মাজত এনে কিবা এটা আছে যাৰ দ্বাৰা আপুনি পৃথিৱীৰ সকলো কৰিব পাৰে।

 ৪) সদায় কটু কথা শুনাৰ অভ্যাস গঢ়ি তুলিব লাগে কাৰণ আপোনাক কিমান মানুহে নিন্দা কৰে আপুনি একেবাৰে নাজানে আৰু এনে শ্রেণীৰ লোকৰ অভাৱেই নাই সমাজত।

14 truths of life

  ৫) সকলো সময়তে সকলো পৰিবেশতে হাঁহি ধেমালিৰে জীৱন কটোৱাৰ অভ্যাস গঢ়ক কাৰণ আপোনাক দুখ দি নিজে আনন্দ পোৱা মানুহৰ আজি একেবাৰে অভাৱ নাই।

 ৬) সদায় ডাঙৰ সপোন দেখি ওপৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক কিয়নো আপোনাক টানি বহুদূৰ তললৈ নমাই আনিলেও যাতে আপুনি তেওঁলোকৰ ওপৰতে থাকে।

 ৭) অনেক আঘাত পোৱাৰ পিছত এটা শিক্ষা হয় যে সম্পৰ্ক সকলোৰে সৈতে কৰক কিন্তু সহায় কাৰো পৰা নিবিচাৰিব কাৰণ আজিৰ দিনত সহায় পোৱা আৰু ঢেকীয়াৰ ফুল পোৱা একে।

 ৮) যেতিয়া মানুহে আপোনাক সুধিব যে আপুনি কি কৰে তেতিয়াই আপুনি বুজি লব যে তেওঁ আপোনাক তেওঁৰ সৈতে তুলনা কৰিছে ; তেঁওতকৈ আপুনি সৰু নে ডাঙৰ।

  ৯) যেতিয়াই জীৱন পৰিক্ৰমাত আগুৱাই যোৱাৰ ৰাস্তা নেদেখে তেতিয়া কেতিয়াও দৌৰিবলৈ বা খৰধৰ নকৰিব; লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি যাওক দেখিব ৰাস্তাই আপোনাক আপোনাৰ লক্ষ্য স্থানত উপস্থিত কৰাব।

14 truth of life

  ১০) হাজাৰ চেষ্টা কৰাৰ পিছতো যদি নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰে তেন্তে ভাগি নপৰিব; কাৰণ ভগৱানে সেইটো নিদিয়ে যিটো আপোনাৰ ভাল লাগে, ভগৱানে সেইটো দিয়ে যিটো তেওঁৰ ভাল লাগে আৰু আপোনাৰ ভাল হয়।

  ১১) সকলো সময়তে এটা কথা মনত ৰাখিব যিবোৰ বস্তু খুব সোনকালে আৰু সহজতে পোৱা যায় সেইবোৰ বস্তু খুবেই সোনকালেই আৰু সহজতে হেৰাই যায়।

  ১২) মানুহে ভাবে মই অকলশৰীয়া, কিন্তু সূৰ্য্যৰ ফালে চাওক অকলে গোটেই বিশ্বব্ৰহ্মাণ্ড উজ্বলাই।

১৩) সময় আৰু কৰ্ম সংযোজন হৈ মানুহৰ ভাগ্য ৰচনা হয় ; যিসকলে সময়ত কৰ্ম নকৰি ভাগ্যক বিশ্বাস কৰি বহি থাকে তেওঁৰ ভাগ্যও চিৰদিন বহি থাকে।

  ১৪) নিজৰ ওপৰত বিশ্বাস ৰাখি এখন হাতত কৰ্ম আৰু আনখন হাতত সময় ৰাখি কৰ্মত নিয়োজিত হওঁক; কাৰণ ভগৱান সকলোৰে সৈতে আৰু সকলো ঠাইতে থাকে তেওঁ সঠিক সময়ত আৰু আপোনাৰ বাবে সঠিক বস্তু দান কৰিবই।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *