Tips to get better examination results

পৰীক্ষাৰ ফলাফল কেনেকৈ ভাল কৰিব ? মনোযোগ কেনেকৈ বৃদ্ধি কৰিব ?

পঢ়াশুনাত কেনেকৈ মনোযোগ বৃদ্ধি কৰিব ?? পৰীক্ষাৰ ফলাফল কেনেকৈ ভাল কৰিব ?

Tips to get better examination results

ছাত্ৰ ছাত্ৰী যেতিয়াই এটি নতুন বছৰৰ পাঠ্যক্ৰম আৰম্ভ কৰে প্ৰথম কিছুদিন পঢ়াৰ উদ্যম বহুত বেছি থাকে কিন্তু লাহে লাহে এই উদ্যম কমি গৈ থাকে। প্ৰথমে ছাত্ৰ ছাত্ৰীৰ মনত এনেকুৱা লাগে যে তেওঁ প্ৰত্যেক দিনে ৬ -৮ ঘণ্টা পঢ়িব আৰু খুব সোনকালে পাঠ্যক্ৰম শেষ কৰি পেলাব। কিন্তু যেতিয়া পঢ়িবলৈ বহে মাত্ৰ ১০- ১৫ মিনিটৰ ভিতৰতে বহু ছাত্ৰ ছাত্ৰীৰ উদ্যম প্ৰায় ৯০ % কমি যায় আৰু তেতিয়াই তেওঁলোকে ভাবে আজি নপঢ়ো কাইলৈ পঢ়িম। পুনঃ কাইলৈ যেতিয়া আকৌ টেবুলত বহে একে ঘটনাৰ পুনৰাবৃত্তি ঘটে বহুজনৰ সৈতে। আৰু এই মনোযোগৰ অভাৱতে যদিও অভিভাৱকে বহুত শাসনো কৰে তথাপিও ছাত্ৰ ছাত্ৰীৰ ফলাফল আশানুৰূপ দেখা নাযায়। সেয়ে পঢ়াত মনোযোগ আৰু উদ্যম ৰাখি পঢ়িবলৈ হ’লে কিছু কথাৰ ওপৰত সম্পূৰ্ণ ভাবে গুৰুত্ব দিব লাগিব। সেই কথাবোৰ হৈছে:-

১) পঢ়াৰ সময়ত মোবাইল ফোনটো যিমানেই পাৰে দূৰৈত ৰাখক আৰু পাৰিলে বন্ধ কৰি ৰাখক লগতে এখন ৰুটিন অনুসৰণ কৰি পঢ়াত বহক। আৰু প্ৰথমদিনা পঢ়া টেবুলত বহিলে পঢ়াৰ সময়খিনি কম কমকৈ ভাগ কৰি লব। অৰ্থাৎ প্ৰথম ২০ মিনিট পঢ়াৰ পিছত ২০ মিনিট ব্ৰেক লওঁক তাৰ পিছত আকৌ ২০ মিনিট পঢ়ি ১৫ মিনিট ব্ৰেক লওঁক। এনেদৰেই প্ৰথম দিনা ২ -৩ ঘন্টা পঢ়ক। তাৰ পিছদিনাৰ পৰা এনেদৰে ব্ৰেক দিয়া সময়বোৰ কমাই লৈ গৈ থাকিব আৰু বেছি বেছি সময় পঢ়াৰ লক্ষ্যস্থিৰ কৰি লওঁক। অৰ্থত ইংৰাজীত কথা আছে যে “think big but start with a small” । আৰু এনেদৰে আৰম্ভ কৰিলে পঢ়াৰ প্ৰতি এটি অভ্যাস গঠন হ’ব; আপুনিও জানে যিবোৰ কামৰ অভ্যাস মানুহৰ গঢ়ি উঠে সেইবোৰ কাম তেওঁ সদায় কৰে।

২) কোন সময়ত পঢ়িব ঠিক কৰি লওঁক। কিয়নো সকলো ছাত্ৰৰ শাৰীৰিক গঠন আৰু মস্তিষ্ক একে নহয়; সেইবাবে সকলো ছাত্রই পঢ়ি ভালপোৱা সময় একে নহয়। ছাত্ৰজনে ঠিক কৰি লওঁক তেওঁ ৰাতিপুৱা পঢ়িব নে আবেলি পঢ়িব নে সন্ধিয়া পঢ়িব নে ৰাতি পঢ়িব। অৰ্থাৎ নিজৰ পঢ়াৰ মন বহা সময় ( peak concentration time) নিজে বাচি লওঁক ।

৩) বিচনা পৰিহাৰ কৰক। বিচনাত বহি পঢ়া অভ্যাস অতি বেয়া কিয়নো কিছু সময় পঢ়াৰ পিছতে অকণমান আউজি শুবৰ মন যায় আৰু শুই দিলেই টোপনি আহিব পাৰে। সেয়ে টেবুল, চকীত পঢ়া উত্তম। আকৌ এনেকুৱা হয় যে কিছু সময় পঢ়াৰ পিছত দেখে কলমটো নাই আৰু সেইটো বিচাৰোঁতে সময় নষ্ট হোৱাৰ উপৰিও মনোযোগ নষ্ট হয় সেয়ে পঢ়াত বহাৰ আগতে কলম, পেঞ্চিল, কিতাপ, স্কেল আদি এবাৰতে যোগাৰ কৰি লৈ বহিব লাগে।

Tips to get better examination results

৪) চিন্তা ভাৱনাৰ পৰা দূৰৈত থাকিব। বহুতেই পৰীক্ষাৰ আগত যেতিয়া পঢ়িবলৈ লয় তেতিয়া নানা চিন্তা মূৰত সোমাই লয় যেনে:- পৰীক্ষা কি হ’ব তেওঁৰ পাঠ্যক্ৰম পঢ়ি শেষে হোৱা নাই, পৰীক্ষা বেয়া হলে লগবোৰক কেনেকৈ মুখ দেখাব আদি। কিন্তু এইবোৰ চিন্তা পঢ়া সময়ত কৰি থাকিলে সময় নষ্ট হয় আৰু মনোযোগ ভাগি যায়। পঢ়াত মনোযোগ আনিবলৈ হ’লে সদায় টেবুলত বহা সময়ত মন আৰু মগজু সজীৱ কৰি ৰাখিব লাগে।

তাৰ উপৰিও পঢ়া টেবুলত মনোযোগ ভাগি যোৱাৰ কাৰণ হৈছে পৰিবেশৰ পৰা পোৱা আমনি যেনে ওচৰৰ ঘৰৰ চিঞৰ বাখৰ, ৰাতি কুকুৰৰ চিঞৰ, ৰাস্তাৰে অহৰহ পাৰ হৈ গৈ থকা গাড়ী মটৰৰ শব্দ ইত্যাদি। সেইবোৰ প্ৰতিহত কৰি পঢ়াত মনোযোগ ৰাখিবলৈ বগা শব্দৰ আশ্ৰয় লব পাৰে যাক ইংৰাজীত white noise sound বুলি কোৱা হয়; এই শব্দ পঢ়া ৰুমত বজাই  ৰাখিলে বাহিৰৰ শব্দ কাণত নপৰে, এই শব্দ youtube ৰ পৰা download কৰি লব পাৰে।

৫) পঢ়াক এনেদৰে এটি খেললৈ ৰূপান্তৰ কৰি লওঁক । এই বুদ্ধিক gamification বুলি কোৱা হয়। প্ৰথমে গোটেই বছৰৰ syllabus খিনি কেইটিমান বেলেগ বেলেগ লেভেলত ভাগ কৰি লওঁক যেনে :- লেভেল ১ , লেভেল ২, লেভেল ৩, লেভেল ৪ আদিত। যেনেদৰে ছাত্ৰ ছাত্ৰীয়ে মোবাইলত game খেলে আৰু এটা এটা লেভেল পাৰ কৰে ঠিক তেনেদৰেই প্ৰত্যেক ১৫ দিনৰ মূৰে মূৰে এই পাঠ্যক্ৰম খিনি পঢ়ি শেষ কৰি এটা এটা লেভেল পাৰ কৰক। আৰু যেতিয়া পাঠ্যক্ৰম শেষ হ’ব তেতিয়া ১৫ দিনত দুটাকৈ লেভেল revision কৰিবলৈ চেষ্টা কৰক। এইটো কৰিলে ছাত্ৰৰ নিজৰ মগজুৰ মাজতে প্ৰতিযোগিতা আৰম্ভ হ’ব । আৰু পাঠ্যক্ৰম সোনকালে পঢ়ি শেষ কৰিব পাৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *