7 tips to be smart

মানুহ কেনেকৈ ভদ্ৰলোক হয়?নিজকে স্মাৰ্ট সজাব কেনেকৈ?

নিজকে স্মাৰ্ট কৰি তোলাৰ ৭ টা উপায় !! স্মাৰ্ট হৈ যাওঁক এই সাত উপায়েৰে !!

 সকলো মানুহে তেও ডেকাই হওঁক বা বৃদ্ধ, নাৰী হওঁক বা পুৰুষ সকলোৱে নিজৰ ফালে আনৰ দৃষ্টি আকৰ্ষণ কৰাৰ ইচ্ছা ৰাখে; যিটো কিন্তু মানুহে প্ৰকাশ নকৰে। আৰু বহুজনেই আকৌ বাস্তৱ জীৱনত সকলোৰে মাজত জনপ্ৰিয় হবলৈ কি কি যে নকৰে। কিন্তু এই জনপ্ৰিয়তা তেতিয়াই পাব যেতিয়াই কোনো এজনে নিজকে অলপ সলনি কৰি ভদ্ৰলোক বা ভদ্ৰ মহিলাৰ শাৰীত উপনীত কৰিব পাৰিব। ভদ্রলোক বা ভদ্ৰমহিলা এনে এক গুণ যাৰ বাবে তেওঁক শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষৰ পৰা মহিলালৈকে সকলোৱে পছন্দ কৰে, সকলোৱে সন্মান কৰে আৰু অইনতকৈ তেওঁক এক বিশেষ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে। এই ভোদ্রলোক বা মহিলা সকলোৰে আদৰ্শ হৈ পৰে; সকলোৱে তেওঁৰ কথা মানি চলে আৰু সকলোৰে মৰমৰ পাত্ৰ হৈ পৰে। কিন্তু বৰ পৰিতাপৰ কথা যে আমাৰ বৰ্তমান সমাজত এনে লোক পাবলৈ অতি তাকৰ। মানুহ অকল ভাল হলেই বা শান্ত স্বভাৱৰ হলেই সকলোৰে প্ৰিয়ভাজন হ’ব নোৱাৰে; তেওঁ ভোদ্রলোক বা স্মাৰ্ট ও হ’ব লাগিব। কিন্ত এইটোও মনত ৰাখিব যে ভদ্ৰলোক হবলৈ আপোনাৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন কৰিব লাগিব এনে কথাও নহয়। মাত্ৰ কিছুমান সৰু সৰু কামৰ দ্বাৰা নিজকে এই পৰ্যায়লৈ লৈ যোৱাৰ কেইটিমান টিপছ্ হৈছে :-

১) ব্যক্তিগত চাফ চিকুণ ( Maintain personal hygiene ) :- সদায় নজৰ ৰাখিব আপোনাৰ ব্যক্তিগত চাফ চিকুনৰ উপৰত। আপুনি যিমানেই স্মাৰ্ট নেদেখুৱাক যদিহে আপোনাৰ দেহৰ পৰা যদি দুৰ্গন্ধ ওলাই, দেহৰ পৰা ঘামৰ গোন্ধ ওলাই, কথা কওঁতে মুখৰ দুৰ্গন্ধ ওলাই তেন্তে আপোনাক কোনোৱে পছন্দ নকৰে। মানুহৰ ইন্দ্ৰিয় সমূহৰ ভিতৰত নাক অত্যন্ত শক্তিশালী যাৰ ফলতে আপুনি যিমান আকৰ্ষণীয় নহলেও আনৰ নাকত এই দুৰ্গন্ধৰ বাবে বহু দূৰৈত অৱস্থান কৰিব আপুনি; আপুনি ওচৰলৈ গলেও আনজনে আপোনাৰ পৰা দূৰৈত থাকিব। সেয়ে দৈনিক দুবাৰকৈ দাঁত পৰিষ্কাৰ কৰি ৰখা আৰু প্ৰয়োজনত সোনকালেই স্নান আদি কৰা, পিন্ধা কাপোৰ  সময়ত ধুই নিজকে চাফ চিকুণ ৰখাটো এটি ভদ্ৰলোকৰ কাম। এনেকৈ কব বিচৰা হোৱা নাই যে আপুনি গোন্ধ লুকাবলৈ উগ্ৰগন্ধী পাৰ্ফিউম ব্যৱহাৰ কৰক; কিয়নো বহুজনেই বেছি উগ্ৰগন্ধী পাৰ্ফিউম পছন্দ নকৰে।

২) সদায়ে নিজৰ সৈতে ৰুমাল ৰাখিব ( Always carry handkerchief ) । যেতিয়া মানুহৰ সৈতে আপুনি অৱস্থান কৰিব হঠাৎ আপোনাৰ কিছুমান অধাৰণীয় বেগ যেনে হাচি কাহ আহিব পাৰে আৰু সেই সময়ত নাক আৰু মুখ ঢাকি লোৱাটো আপোনাৰ আৰু আপোনাৰ ওচৰত থকা সকলৰ বাবেও প্ৰয়োজনীয়। আৰু সেই সময়ত যদিহে ৰুমালখন নাথাকে আপুনি হাতদুখন ব্যৱহাৰ কৰাৰ ফলত হাতদুখন লেতেৰা হৈ পৰিব আৰু যদিহে সেই সময়ত হাতদুখন ধুবলৈ পানীৰ অভাৱ হ’ল পিন্ধি থকা কাপোৰত মচিব লাগিব আৰু সেয়া হোৱাটো বাৰুকৈয়ে অস্বস্তিকৰ আৰু অস্বাস্থ্যকৰ।

৩) সদায় নিজৰ আভ্যন্তৰীক চেহেৰাৰ লগতে বাহ্যিক সৌন্দৰ্যৰ ৰ ওপৰত গুৰুত্ব দিয়ক। মনত ৰাখিব প্ৰথম বাৰৰ বাবে যেতিয়া আপোনাৰ কাৰোবাৰ সৈতে সাক্ষাৎ হয় তেতিয়া তেওঁ আপোনাৰ বিষয়ে একো নাজানে মাত্ৰ আপোনাক বাহ্যিক চেহেৰাটোহে দেখে। কিন্তু এনে নহয় যে আপুনি খুব দামী কাপোৰ কানি পিন্ধক বা দামী জোতা ছেণ্ডেল পিন্ধিব লাগিব; আপোনাৰ যি আছে তাকেই পৰিপাটিকৈ, চাফ চিকুনকৈ পৰিধান কৰক। কিয়নো মানুহে আপোনাক প্ৰথমবাৰ যেনেদৰে দেখে তেনেকৈয়ে মনত ৰাখে। কিছুমানৰ ভুল ধাৰণা আছে যে তেওঁ দেখিবলৈ কলা, দেখিবলৈ বৰ ক্ষীণ সেয়ে তেওঁক অইন লোকে কেনেকৈ পছন্দ কৰিব বা আনৰ প্ৰিয়ভাজন হ’ব; বাস্তৱত সেয়া শুদ্ধ নহয়। ধৰা হওঁক দুজন লোক আপুনি দেখিছে তাৰে এজন কলা বা দেখিবলৈ বেয়া আৰু এজন বগা আৰু দেখিবলৈ সুন্দৰ কিন্তু যদিহে দেখিবলৈ সুন্দৰজনে যদি লেতেৰা আৰু অপৰিপাতি সাজ পিন্ধিছে, তেওঁৰ দেহৰ পৰা দূৰ্গন্ধ ওলাই আৰু তাৰ বিপৰীতে দেখিবলৈ বেয়াজনে যদিহে বহুত পুৰণি কাপোৰ কানি খিনিয়ে পৰিপাটিকৈ পিন্ধিছে তেন্তে দেখিব প্ৰথম দেখাৰ পিছত পিছৰ জনকহে সকলোৱে ভদ্ৰলোক বুলি কব বা জ্ঞান কৰিব। সেয়ে নিজকে সুন্দৰভাবে উপস্থাপন আৰু প্ৰতিস্থাপন কৰাতো এজন ভদ্ৰলোক বা ভদ্ৰ মহিলাৰ বাবে খুবেই প্ৰয়োজন।

৪) নিজৰ সীমাবদ্ধতা সদায় বজাই ৰাখিব (know your boundery) । এইটো বহুত দৰকাৰী কথা যাৰ দ্বাৰা এজন মানুহে নিজৰ ব্যক্তিত্ব বহু ওপৰলৈ লৈ যাব পাৰে। যেনে ধৰক কাৰোবাৰ ঘৰলৈ, কাৰোবাৰ কোঠালৈ প্ৰৱেশ কৰোঁতে অনুমতি লৈ বা দুৱাৰত টুকুৰ মাৰি প্ৰৱেশ কৰা; অপ্ৰয়োজনীয় কথা বতৰা সুধি সন্মুখৰ জনক আমনি নিদিয়া, কাৰোবাৰ ব্যক্তিগত কাম কাজ আৰু কথা বতৰাত মতামত ব্যক্ত নকৰা, আনৰ ভালখিনি এৰি বেয়া খিনি খুচৰি নথকা আদিয়ে এজন মানুহৰ ভদ্ৰতাৰ পৰিচয় দাঙি ধৰে।

৫) ধাৰ লোৱা আৰু ভাগবতৰা কৰোঁতে সাৱধান হোৱা উচিত ( Careful borrowing and sharing)। ভদ্ৰ লোক সকলে আনৰ সামগ্রী প্ৰয়োজনত ব্যৱহাৰ কৰিলে আকৌ ধুনীয়াকৈ সময়ত ঘূৰাই দিবলৈ সদায় পছন্দ কৰে আৰু দিয়ে। ভদ্রলোকে কোনোদিনে কাৰো পৰা জোৰকৈ কিবা বস্তু আশা নকৰে সদায় মিনতি কৰিহে লব বিচাৰে। কাৰোবাৰ পৰা কিবা ঋণ গ্ৰহণ কৰিলে সময়ৰ আগতে ভদ্ৰলোক এজনে পৰিশোধ কৰে; আৰু সামৰ্থ্য থাকিলে তেওঁ প্ৰয়োজনত আনক দিবলৈকে প্ৰস্তুত থাকে। মানুহৰ ব্যক্তিত্যৰ পৰীক্ষা আৰু পৰিচয় সদায় লেনদেন আৰু ভাগবতৰাত প্ৰতিফলিত হয়। আৰু এইক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ ফলত এজন সাধাৰণ লোক ভদ্ৰলোকত পৰিণত হয়।

৬) সদায় নিজৰ নম্ৰ স্বভাৱ বজাই ৰাখিব (Be polite as always)। দেখা যায় বহুলোকে নিজৰ আপ্তজনক খুব ভালদৰে ব্যৱহাৰ কৰে, সন্মান কৰে কিন্তু যেতিয়াই তেওঁ নিজৰ তলৰ বয়সৰ সৈতে, তেওতকৈ দুখীয়াজনৰ সৈতে কথা পাতে তেতিয়া কিন্তু সেই ভাল ব্যৱহাৰ, মৰম আৰু সন্মান দেখা নাযায়; যাৰ ফলতে তেওঁ সকলোৰে পৰা মৰম, সন্মান আৰু আদৰ নাপাই।মনত ৰাখিব আনক তুচ্ছ তাচ্ছিল্য কৰি কথা কোৱাজন চইতানৰ সংগী ভগৱানৰ নহয়। কিন্তু এজন ভদ্ৰলোক হিচাপে নিজকে গঢ় দিবলৈ সদায় ধনী- দুখীয়া, সৰু- ডাঙৰ সকলোকে সমান চকুৰে চাব পাৰিব লাগিব; সকলোকে মৰম, সন্মান প্ৰদৰ্শন কৰিব লাগিব। এজন ভদ্ৰলোকে সকলোৰে সতে কথা বতৰাত “ধন্যবাদ” আৰু “অনুগ্ৰহ কৰি” শব্দ দুটি বেছিকৈ ব্যৱহাৰ কৰে। এই গুণৰ অধিকাৰী লোক সদায় সকলোৰে প্ৰিয়ভাজন হৈ পৰে।

৭) বিশ্বাসযোগ্যতা ( confidence) । এজন স্মাৰ্ট আৰু ভদ্ৰলোক হবলৈ আনে তেওঁৰ বিশ্বাস পাবই লাগিব। কাৰোবাৰ গোপনিয়তা ৰক্ষা কৰা বা কৰিব পৰাজনৰ আসন সদায় আনৰ তুলনাত উচ্চ। আৰু সেইজন ব্যক্তিৰ ব্যক্তিত্যক সকলোৱে প্ৰশংসা কৰিব যিজনে আনৰ কথা হকে বিহকে নকয়।

Share it with:

4 Comments

  1. বহুত বুজি পালো ধন্যবাদ
    ছাৰ

  2. Thank you..Nice Post

  3. খুব সুন্দৰ বিশ্লেষণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *