know your partner whether he or she is loving you truely by these tips

সঁচা প্ৰেম নে টাইম পাছ প্ৰেম কৰিছে আপুনি জানক এই ৬ টা কথাৰে!!

সঁচা প্ৰেম নে টাইম পাছ প্ৰেম কৰিছে জানক এই ৬ টা কথাৰে !!

প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। সকলোৰে জীৱনলৈ এবাৰ প্ৰেম আহে। মানুহৰ জীৱনত ধন সম্পত্তি, ঐশ্বৰ্য বিভূতিৰ দৰে প্ৰেম হৈছে এক অমূল্য সম্পদ; যাক লৈ ব্যক্তিবিশেষ সুখী থাকে। বহুজনৰে সফলতাৰ আঁৰত লুকাই থাকে প্ৰেম ভালপোৱা। এই সঁচা প্ৰেম ভালপোৱাই মানুহৰ মন মগজুক সাহসী কৰি সৃষ্টিশীল কৰি তোলে। আকৌ এই প্ৰেম ভালপোৱাত আউল লাগিলে কিন্তু বহুজনৰ জীৱন বিপদাপন্ন হৈ পৰে । লগতে যদি এই প্ৰেম ভালপোৱা একপক্ষীয় হয় ; এই প্ৰেম হৈ পৰে জঘন্য অপৰাধৰ কাৰক যিহেতু তেনে প্ৰেমত গভীৰতাৰ অভাৱ থাকে।

know your partner whether he or she is loving you truly by this tips

প্ৰেম হৈ পৰে ঘৃণাৰ কাৰণ যদিহে সম্পৰ্কটোত ভালপোৱাতকৈ অভিনয় বেছি থাকে। সেয়ে ঐশ্বৰীক প্ৰেম ঘৃণালৈ ৰূপান্তৰ হোৱাৰ আগতে সম্পৰ্কটোক জানি লোৱা উচিত বা খুবেই প্ৰয়োজনীয় যে আপোনাৰ ভালপোৱা আপোনাৰ প্ৰেম কিমান সঁচা বা কিমান গভীৰ নে আপোনাৰ সম্পৰ্কত থকাজনে আপোনাৰ সৈতে সময় পাৰ (time pass) হে কৰিছে । কিয়নো যদিহে প্ৰেম সময় পাৰ কৰাৰ বাবেহে কৰিছে তেন্তে সেই প্ৰেমত অতি সোনকালে বিশ্বাসঘাটকতা আহিবই। সেয়ে আগতীয়াকৈ আপোনাৰ প্ৰেমৰ স্থিতি জানিব পাৰিলে নিশ্চিত ভাবে সতৰ্ক হ’ব পাৰিব আৰু প্ৰৱঞ্চনাৰ পৰা বাচিব পাৰিব আৰু  অন্তৰত আঘাট পোৱাৰ পৰা দূৰৈত থাকিব পাৰিব।

এনেবোৰ কথাৰ ওপৰত এজন আমেৰিকাৰ মনোবিজ্ঞানী ডঃ জন গডমেনে ৪০ বছৰ এই প্ৰেমৰ ওপৰত গৱেষণা কৰি কিছুমান সিদ্ধান্তত উপনীত হৈছিল আৰু সেই সিদ্ধান্ত সমূহৰ পৰা এজন লোকে জানিব পাৰে তেঁওৰ প্ৰেমৰ স্থিতিৰ বিষয়ে, তেওঁৰ প্ৰেম সঁচা নে নাটকীয়, তেওঁ প্ৰেমৰ সম্পৰ্কত ভৱিষ্যতে প্ৰতাৰিত হোৱাৰ শংকা থাকিব নেকি আদি বহু কথা।

 ১) আপোনাৰ সম্পৰ্কত থকা সংগীজনে যদিহে আপোনাক মনে মনে প্ৰতাৰণা কৰাৰ অভিসন্ধি কৰিছে জানিব সেইজন সংগীয়ে আপোনাক কেতিয়াও প্ৰথমে যোগাযোগ নকৰে বা ফোন নকৰে বা কৰিবলৈ মন নকৰে কিন্তু যেতিয়া তেওঁৰ দৰকাৰ হৈছে বা কিবা কামৰ বাবে আপোনাৰ প্ৰয়োজন তেতিয়াহে তেওঁ যোগাযোগ কৰিব। কিন্তু যিখিনি সময়ত তেওঁক আপোনাৰ প্ৰয়োজন হয় তেতিয়া সংগীজনে নানান অজুহাত দেখুৱাই আপোনাৰ পৰা আঁতৰি থাকিব। আৰু এই ব্যৱধান যদি ছমাহ বছৰলৈ এনেদৰে চলি থাকে বাৰুকৈয়ে নিশ্চিত হ’ব লাগিব যে আপোনাৰ সম্পৰ্কত দৃঢ়তা সঁচাকৈ হ্ৰাস পাইছে। চিকিৎসা বিজ্ঞানৰ মতে মানুহ যেতিয়া এটি সঁচা প্ৰেমৰ সম্পৰ্কত থাকে তেতিয়া ইজনে সিজনক সঘনাই লগ পোৱাৰ প্ৰৱণতা বৃদ্ধি পায় মগজুত ক্ষৰণ হোৱা ৰাসয়নিক দ্ৰৱ্য “দোপামিন” ক্ষৰণ হোৱাৰ বাবে। এই ৰাসায়নিক দ্ৰব্য ক্ষৰণৰ লগে লগে ভালপোৱা জনলৈ খুব মনত পৰে আৰু কাষতে পোৱাৰ হাবিয়াস আহে । এই কথাই এইটো প্ৰমাণ কৰে যে প্ৰেমৰ গাঢ়তা নথকা বাবেই আপোনাৰ সংগী আপোনাক আঁতৰি থাকিব পাৰে।

know your partner whether she or he is loving you truely by this 6 tips

২) টাইম পাছ কৰা প্ৰেমত মনৰ ভালপোৱাৰ গাঢ়তা খুব কম। এনে প্ৰেমৰ ক্ষেত্ৰত মনৰ ভালপোৱাতকৈ শৰীৰৰ ভালপোৱাই হে প্ৰাধান্য পাই। কিন্তু সঁচা ভালপোৱাত মন আৰু শৰীৰৰ ভালপোৱা সমানুপাতিক দিশত অৱস্থান কৰে। অৰ্থাৎ আপোনাৰ দুখৰ সময়ত বা আপোনাৰ বেয়া দিনত আপোনাৰ সংগী সমভাগী হোৱাৰ পৰা দূৰৈত থাকিব বিচাৰে মাত্ৰ তেওঁৰ শাৰীৰিক সুখ সম্ভোগৰ বাবেহে তেওঁ আপোনাক বিচাৰি থাকিব। সেয়ে কোৱা হয় এনে প্ৰেমৰ কোনো নিশ্চয়তা নাথাকে আৰু যিদিনাই আপোনাতকৈ ধুনীয়া শৰীৰৰ সান্নিধ্যলৈ তেওঁ আহিব সিদিনাৰ পৰাই তেওঁ আপোনাক সৰু অজুহাত লৈ ব্ৰেক আপ দিব বা লাহে লাহে আঁতৰি যোৱাৰ কু -অভিসন্ধি ৰচনা কৰিব।

৩) অপৰিকল্পিত প্ৰেমক সদায় নাটকীয় বা সময় অতিবাহিত প্ৰেম ৰূপে আখ্যা দিয়া হয়। অৰ্থাৎ এনে ধৰণৰ প্ৰেমিকে কোনোদিনে ভৱিষ্যতে তেওঁলোকৰ সম্বন্ধ বা প্ৰেমৰ কোনো কথাই চিন্তা নকৰে বা আপোনাৰ পৰাও শুনিব নিবিচাৰে। আৰু আপুনিও সম্পৰ্কটোৰ ভবিষ্যতৰ বিষয়ে তেওঁৰ সৈতে আলোচনা কৰিব বিচাৰিলে তেওঁ খুব চতুৰতাৰে বিষয়টো আঁতৰাই চলে। সেয়ে কোৱা হয় পৰিকল্পনাহীন প্ৰেম কচু পাতৰ পানী মাত্ৰ। এইটো ধ্ৰুব সত্য যে অপৰিকল্পিত প্ৰেমৰ পৰিণতিৰ কোনো নিশ্চয়তা নাথাকে।

৪) প্ৰেমৰ এটি সৰু অভিমানে যদি এটি ডাঙৰ ব্যৱধান লৈছে তেন্তে জানিব সম্পৰ্কত গভীৰতা নাই বা নোহোৱা হৈছে। সহজকৈ বুজিবলৈ হ’লে প্ৰেমত সৰু সৰু অভিমান, সৰু সৰু কাজিয়া আদি বৰ মজাৰ কথা কিন্তু এই সৰু অভিমান বা কাজিয়াৰ অজুহাত ধৰি আপোনাৰ সংগীয়ে যদি আপোনাক এৰি চলিছে বা আপুনি ক্ষমা ভিক্ষা কৰাৰ পিছতো সৈমান যোৱা নাই তেতিয়া বাৰুকৈয়ে বুজিব যে সম্পৰ্কটোৰ গভীৰতা বহু কম বা কমি আহিছে।

know your love whether your love is true or time pass by this 6 tips

আৰু প্ৰায়ে যদি এনেকুৱা একে কথাই হৈ থাকে তেন্তে জানিব লাগিব আপোনাৰ প্ৰেম সঁচাই এক টাইম পাছ প্ৰেম। যেনেদৰে লৰা ছোৱালীক মাক দেউতাকে কিছুমান কাৰণত খং কৰে কিন্তু সেই খং সিহঁতৰ ভালৰ কাৰণে কৰে কিন্তু পিছত ধৰি নাৰাখে। ঠিক একেদৰে সঁচা প্ৰেমৰ সম্পৰ্কত অভিমান আৰু সৰু সৰু কাজিয়া হলেও কেতিয়াও প্ৰেমিক প্ৰেমিকাই এই অভিমান বেছি দিনলৈ ধৰি ৰাখিব নোৱাৰে।

৫) প্ৰেমিক প্ৰেমিকাই যদি তেওঁলোকৰ ব্যক্তিগত কথা ইজনে সিজনক শ্বেয়াৰ কৰিবলৈ টান পায় তেন্তে জানিব কিবা কেণা আছে এই প্ৰেমত। এনেধৰণৰ প্ৰেমিক প্ৰেমিকা এখন কাল্পনিক পৃথিৱীত বাস কৰে য’ত বেছিখিনি কথাই কাল্পনিক আৰু বহুখিনি মিছা। এনে প্ৰেম কেতিয়াও সাৰ্থক নহয় এয়া টাইম পাছ প্ৰেমহে।

৬) যি প্ৰেমত প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ অনুভৱ ( feelings ) বোৰক সন্মান নকৰে তেনে প্ৰেম এক নাটকীয় প্ৰেম; যাৰ কোনো ভাল ভৱিষ্যত নাথাকে। যদি আপোনাৰ সুখ শান্তি আপোনাৰ মনৰ হাবিয়াস আপোনাৰ ইচ্ছাক আপোনাৰ সংগীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে তেন্তে এই প্ৰেম কেতিয়াও স্বৰ্গীয় নহয়।

Share it with:

3 Comments

  1. সাৰমৰ্মী কথা শিকিলোঁ। সকলোৰে ভাল হব এই আগতীয়া অভিজ্ঞতাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *