11 qualities of intelligent person

বুদ্ধিমান লোকৰ ১১ টি লক্ষণ কি কি ?? বুদ্ধিমান হ’বলৈ কি কি গুণ থাকিব লাগিব ? কোনবোৰ মানুহ বুদ্ধিমান হয় ?

11 great qualities of great and intelligent person

বুধিয়ক বা বুদ্ধিমান লোক আপুনিও চিনি উলিয়াব পাৰে কিছু কথাৰ দ্বাৰা। এই কথা সমূহ জানিলে আচৰিত হ’ব কিয়নো বুদ্ধিমান লোকৰ  কিছু আচৰিত লক্ষণো থাকে। যদিহে এই গুণ সমূহ আপোনাৰ গাত আছে তেন্তে জানিব আপুনিও বুদ্ধিমানৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। পৃথিৱীৰ প্ৰায় ২% লোকৰ মাজতহে এই গুণসমূহ পৰিলক্ষিত হয়।

আচাৰ্য চাণক্যই উল্লেখ কৰি গৈছে যে যিবোৰ মানুহে নিজৰ সময় কেনে চলিছে, তেওঁৰ বন্ধু বৰ্গ কেনেধৰণৰ, তেওঁ বসবাস কৰা পৰিবেশ কেনে, তেওঁৰ আয় – ব্যায় কেনে, তেওঁ কি কাম কৰিবৰ সমৰ্থবান, তেওঁ নিজৰ চৰিত্রক কেনেদৰে পৰিচালনা কৰিছে আদি কথাবোৰ সদায় চিন্তা পৰ্যালোচনা কৰে তেওঁলোক বুদ্ধিমান।

GREAT QUALITIES OF GREAT MAN

পৃথিৱীৰ বহু গৱেষক আৰু বৈজ্ঞানিকে বুদ্ধিমান মানুহৰ বহু লক্ষণ ও গুণ বহু গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে। এই লক্ষণ সমূহ হৈছে:-

১) বুদ্ধিমান লোকে হৈ হাল্লা পছন্দ নকৰে বা নিজেও চিঞৰ বাখৰ কৰিবলৈ টান পায়। কিন্তু যিসকল লোকৰ চিন্তাশীল কামৰ প্ৰৱণতা নাথাকে তেওঁলোকে হাত সাৱটি বহি থাকিবলৈ টান পায় আৰু সকলো সময়তে শাৰীৰিক কাম কৰি থাকি ভাল পায় তেওঁলোক কিন্তু বুদ্ধিমান লোকৰ শ্ৰেণীত নপৰে। অন্যহাতে বুদ্ধিমান লোকে এঠাইত বহি থাকিবলৈ বিৰক্তি অনুভৱ নকৰে, তেওঁলোকে ধ্যান আৰু গভীৰ চিন্তাত মগ্ন হৈ এঠাইত বহি থাকি ভাল পায়। যাৰ দ্বাৰা বুদ্ধিমান লোকে তেওঁৰ পাৰিপাৰ্শ্বিকতাৰ হৈ হাল্লা আৰু চিঞৰ বাখৰ আদিৰ পৰা দুৰৈত থাকে। কম বুদ্ধিমান লোকে অকলশৰে বহি থাকিবলৈ অস্বস্তি বোধ কৰে সেয়ে তেওঁলোকে শাৰীৰিক কৰ্মত স্ফূৰ্তি লাভ কৰে অন্যহাতে বুদ্ধিমান লোকে অপ্ৰয়োজনীয় শাৰীৰিক কৰ্মৰ পৰা দূৰৈত থাকি প্ৰশান্তি লাভ কৰে ।

11 QUALITIES OF INTELLIGENT PEAPLE

২) বুদ্ধিমান লোকে ৰাতি দেৰিকৈ শুৱে আৰু ৰাতিপুৱা দেৰকৈ শুই উঠে। এইটো কিয় কৰে তেওঁলোকে তাৰ কোনো বৈজ্ঞানিক যুক্তি নাই যদিও বুদ্ধিমান লোকে নিজৰ সফলতাৰ বাবে ৰাতি অকলশৰে দেৰিকৈ কাম কৰি ৰাতিপুৱা দেৰিকৈ শুই উঠে। বিজ্ঞান সন্মত ভাবে এজন লোকে ২৪ ঘণ্টাৰ ভিতৰত কমেও ৭ ঘণ্টা টোপনি যোৱাৰ দৰকাৰ। টোপনি কোনে কেতিয়া যাব সেইটো কিন্তু নিৰ্ভৰ কৰে অভ্যাসৰ ওপৰত।

৩) বুদ্ধিমান লোকসকল সদায় অপৰিপাতি স্বভাৱৰ হয়। এওঁলোকে যি সামগ্ৰীৰ দ্বাৰা কাম কৰে যেনে:- লেপটপ, কেমেৰা, কলম, ডায়েৰী, কিতাপ কাগজ আদি কাম কৰা ঠাইতে অপিৰিপাতিকৈ পৰি থকা দেখা যায়। মিনি চিটি ইউনিভাৰ্চিটিৰ গৱেষক কেথলীন ব’ছে কৈছে যে তুমি যিমানে অপৰিপাতি সিমানেই বুদ্ধিমান।

৪) বুদ্ধিমান লোকে অকলে অকলে নিজৰ সৈতে কথা পাতে। এই লক্ষণৰ বাবে এনে লোকক অইন লোকে পাগল বুলিও জ্ঞান কৰে। বুদ্ধিমান লোকে নিজৰ সৈতে ডাঙৰকৈ অকলে হাঁহে, অকলে কথা পাতে। বিখ্যাত মনোবিজ্ঞানী পালোমা মেৰী আৰু আলেকজেণ্ডাৰ কিং খান য়ে প্ৰকাশ কৰিছে যে ডাঙৰকৈ নিজৰ সৈতে কথা কলে আত্মসংযম ও আত্মবিশ্বাস বৃদ্ধি হয় লগতে আত্ম নিয়ন্ত্ৰণ বাঢ়ে। সেইবাবেই নামি দামী পেছাদাৰী খেলুৱৈ সকলে প্ৰতিযোগিতাত খেলাৰ সময়ত নিজেই উচ্চস্বৰে কথা পাতে যাৰ ফলত তেওঁলোকৰ খেলত নিয়ন্ত্ৰণ আহে বুলি বিশ্বাস কৰে।

৫) বুদ্ধিমান লোক নিজকে লৈ ব্যস্ত হৈ অকলশৰে থাকি ভাল পায়। বিভিন্ন গৱেষণাত প্ৰকাশ যে অকলশৰে সময় কটোৱা আৰু বুদ্ধিমত্তাৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। অকলে থাকিলে চিন্তা কৰিবলৈ, কামৰ প্ৰাধান্য বিচাৰ কৰিবলৈ আৰু পৰিকল্পনা কৰিবলৈ সুবিধা হয়। এওঁলোকে বেছি সামাজিকতা পছন্দ নকৰে।

STAYING ALONE IS A QUALITY OF INTELLIGENT PERSON

মানুহে প্রিয় বন্ধু বান্ধৱীৰ সৈতে সময় অতিবাহিত কৰি ভাল পায় কিন্তু বুদ্ধিমান লোকৰ ক্ষেত্ৰত এয়া বিপৰীত দেখা যায়।

৬) বুদ্ধিমান লোক সকল সদায় স্ফূৰ্তিত থাকে; তেওঁলোকে সুখী থাকি ভাল পায়, সৰু – সুৰা সমস্যাই তেওঁলোকক আঘাট কৰিব নোৱাৰে । তেওঁলোক সদায় ৰসাল আৰু সৃষ্টিশীল হয়। এই বিশেষ গুণ পেছাদাৰী কাৰ্টুন অংকন কৰা, পেছাদাৰী কৌতুক বা ধেমেলীয়া অভিনয় কৰা আৰু হাস্য ৰসৰ চুটি সংলাপ লিখা ব্যক্তি সকলৰ মাজত বেছিকৈ বিৰাজমান।

৭) বুদ্ধিমান ব্যক্তিসকলে কুকুৰ ভাল নাপায়; বিপৰীতে অইন পোহনীয়া জীৱ জন্তু বেছি পচন্দ কৰে।

৮) বুদ্ধিমান লোকসকল বিনয়ী হয়। শালীনতা আৰু ভদ্ৰতা গুণ এওঁলোকৰ মাজত বিৰাজমান। বুদ্ধিমান লোকে নিজৰ জ্ঞানৰ সীমাবদ্ধতা বুজে। কিন্তু দুৰ্বল বুদ্ধিৰ লোকে নিজৰ জ্ঞানৰ পৰিসৰ নুবুজে। কম বুদ্ধিমান লোক অভদ্ৰ হয় কিন্তু বুদ্ধিমান লোক অতি ভদ্ৰ আৰু বিনয়ী হয়।

৯) বুদ্ধিমান লোকে সদায় সৰু ডাঙৰ কোনো কথাই অৱহেলা নকৰে। তেওঁলোকে সকলোতে জ্ঞানৰ সম্ভাৱনা বিচাৰি থাকে। বুদ্ধিমান লোকে আসন্ন বিপদৰ আশংকা কৰিব পাৰে; দুৰ্ঘটনাৰ পৰিণতি কি হয় তাকো সদায় গভীৰভাবে চিন্তা কৰিব পাৰে।

১০) বুদ্ধিমান ব্যক্তিসকলে বাল্য কালত খুব কম সময়তে পঢ়া শুনা কৰিবলৈ শিকে। তেওঁলোক লগৰ অইন ১০ জনতকৈ বেছি তীক্ষ্ণ বুদ্ধিৰ হয়। আৰু ডাঙৰ হৈ এই শিশু বুদ্ধিমান হৈ পৰে ।

১১) বুদ্ধিমান ব্যক্তি সৃষ্টিশীল হয়। বিখ্যাত নিউৰ’চাইক’লজিষ্ট ডাঃ কে টি ডেভিছ এ প্ৰকাশ কৰিছে সৃষ্টিশীলতা হৈছে বুদ্ধিমানৰ অপৰিহাৰ্য্য অংগ। সৃষ্টিৰ বাবে চিন্তা, অধ্যয়ন আৰু ত্যাগৰ প্ৰয়োজন আৰু এই গুণ বুদ্ধিমান লোকৰ গাত উপলব্ধ হয়। বুদ্ধিমান লোক সাধাৰণ লোকৰ দৰে নহয় তেওঁলোকে সদায় কিবা নহয় কিবা সৃষ্টিশীল কৰ্ম কৰাৰ হাবিয়াস ৰাখে।

Share it with:

1 Comment

  1. ভাল লাগিল।

Leave a Reply

Your email address will not be published. Required fields are marked *