health benifits of cashew nuts

কাজু বাদাম কেচাই খোৱা অপকাৰী!! দৈনিক কেইটাকৈ খাব এই বাদাম?

দৈনিক কাজু বাদাম খোৱাটো কিমান উপকাৰী ? কাৰ বাবে অপকাৰী এই কাজু বাদাম ??

বাদাম জাতীয় খাদ্য সম্ভাৰৰ ভিতৰত কাজুবাদাম যথেষ্ট স্বাস্থ্য উপকাৰী। এই বাদামত বেছি মাত্রাত স্নেহ পদাৰ্থ থকা হেতুকে মানুহৰ এটি ভুল ধাৰণা যে এই বাদাম খালে দেহত চৰ্বী বাঢ়িব আৰু ওজন বাঢ়িব যি এক ভুল ধাৰণাহে। বিপৰীতে এই কাজুবাদামৰ আছে অতি স্বাস্থ্য উপকাৰী গুণ। কোৱা হয় দৈনিক খালিপেটত যিসকলে চাৰি পাঁচটাকৈ কাজুবাদাম খালে ভাবিব নোৱাৰা উপকাৰ হয়। এই কথা প্ৰমাণ কৰে এই বাদামত থকা পোষক দ্ৰব্য সমূহে।

CASHEW NUT PREVENTS HEART DISEASES STRENGHTEN BONES AND TEATH

২৮ গ্ৰাম এই বাদামত থাকে প্ৰটিন :- ৫ গ্ৰাম; চৰ্বী :- ১২ গ্ৰাম; কাৰ্বহাইড্ৰেট:- ৯ গ্ৰাম; ফাইবাৰ :- ১ গ্ৰাম। আৰু এইখিনি কাজুবাদামৰ শক্তি মাত্ৰা ১৫৭ কেলৰি। আৰু দৈনিক এজন লোকে যদি কাজুবাদাম সেৱন কৰে তেওঁ দিনটোত প্ৰয়োজন হোৱা কঁপাৰ ৬৭% , মেগনেছিয়াম ২০% ,জিংক ১৫% ,ফোস্ফোৰছ ১৩% , আইৰন ১১% , চেলেনীয়াম ১০% , মেনগানিছ ১০%, ভিটামিন B1( থায়মিন) ১০% , ভিটামিন K ৮% , ভিটামিন B6 ৭% , ভিটামিন B3 ২.৮%, ভিটামিন E ২%, কেলচিয়াম ২.৩%, ভিটামিন K ১২% লাভ কৰিব। এই কাজু বাদামত থকা চৰ্বী অসংক্ৰিপ্ট চৰ্বী ( unsaturated fats ) যাক শৰীৰৰ বাবে উপকাৰী অৰ্থাৎ ভাল চৰ্বী আখ্যা দিয়া হয়। সেয়ে দৈনিক এই মাত্ৰাৰ কাজুবাদাম সেৱন কৰিলে পাব পৰা উপকাৰ হৈছে :-

১) চকুৰ দৃষ্টিশক্তি মজবুত হৈ থাকে। কাজুত থকা বিশেষ ধৰণৰ এন্টি-অক্সিডেন্ট সমূহ চকুৰ বিশেষ অংশ ৰেটিনাৰ বাবে উপকাৰী। ইয়াৰ ফলত দৃষ্টিশক্তি বৃদ্ধ বয়সলৈকে অটুত হৈ ৰয়।

২) নিয়মিত ২৮ গ্ৰাম কাজুবাদাম খালে হৃদৰোগৰ আশঙ্কা কমে। কাজুবাদামত থকা অসংক্ৰিপ্ট চৰ্বীয়ে তেজৰ বেয়া কলেষ্টৰল নাশ কৰিব পাৰে। বিভিন্ন উপাদানে ৰক্তচাপ নিয়ন্ত্রণত ৰখাত সহায় কৰে। ফলত হৃদযন্ত্রৰ ওপৰত চাপ কমে।

২) এই পৰিমাণৰ কাজুবাদাম দৈনিক সেৱন কৰিলে দেহত ভাগৰ নালাগে। যিহেতু এই বাদাম বিভিন্ন খনিজ লৱনৰে ভৰপূৰ। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

৩) কেঞ্চাৰ কোষ প্ৰতিৰোধ হয়। কঁপাৰ আৰু প্ৰ’এন্ঠচায়েনিদিনছ নামৰ এবিধ ফ্লেভনয়ডছ যথেষ্ট থাকে বাবে কাজু খালে কেঞ্চাৰ কোষ বাধাপ্ৰাপ্ত হয়।

CASHEW NUTS HEALTH BENIFITS

৪) ছালৰ সৌন্দৰ্যৰ বাবে যথেষ্ট উপকাৰী দৈনিক ৪- ৫ টা কাজু বাদাম খোৱাটো। ইয়াৰ এন্টী অক্সিডেণ্ট সমূহে ছালত পৰা বয়সৰ চাপ ধৰি ৰাখিব পাৰে। আৰু কঁপাৰ নামৰ খনিজ পদাৰ্থ বিধে ছালৰ কলাজেন কোষ বৃদ্ধি কৰি ছালৰ স্থিতিস্থাপক গুণ বঢ়াই তুলিব পাৰে যাৰ ফলত দেহৰ ছাল সতেজ হৈ থাকিব।

EATING 4 - 5 CASHEW NUT EARLY MORNING BURNS CALORIE AND BODY FATS

৫) হৃদযন্ত্ৰৰ ৰোগ প্রতিৰোধ হয় কাজু বাদাম খালে। ইয়াত উপলব্ধ পতাচিয়াম, মেনগানিছয়াম আৰু অসংক্ৰিপ্ট চৰ্বীয়ে তেজৰ বেয়া কলেষ্টৰল হ্ৰাস কৰিব পাৰে। যাৰ ফলত হৃদযন্ত্ৰৰ ৰক্ত পৰিবাহী ধমনীৰ ৰোগ প্ৰতিৰোধ হয়। লগতে মেগনেছিয়াম থকা হেতুকে ৰক্তচাপ নিয়ন্ত্ৰণ হয় এই কাজুবাদাম সেৱন কৰিলে।

৬) মেগনেছিয়াম খনিজ লৱন থকা হেতুকে কাজু বাদাম খোৱা স্নায়ুকোষৰৰ বাবেও উপকাৰী। মাইগ্ৰেইন আৰু শৰীৰৰ বিষ থকা সকলৰ বাবেও উপকাৰী এই বাদাম।

৭) দৈনিক দুই তিনিটা কাজু বাদাম সেৱন কৰা অন্ত্ৰ ( intestine ) ৰ বাবে উপকাৰী।

৮) কপাৰ, মেগনেছিয়াম, ফস্ফৰাছ আৰু জিংক সমৃদ্ধিশালী এই কাজু বাদাম সেৱন কৰা হাড় আৰু দাঁতৰ গঠনৰ বাবে লাভজনক। সেয়ে বাঢ়ি অহা শিশুৰ শ্ৰী বৃদ্ধিৰ বাবে এই বাদাম খোৱা খুবেই উপকাৰী।

৯) অতি কম গ্লাইছেমীক ইন্দেস্ক থকা এই কাজু বাদাম ডায়েবেটিচ থকা লোকেও খাব পাৰে। দৈনিক ৪-৫ টা কাজু বাদাম সেৱনে তেজৰ শৰ্কৰাৰ পৰিমাণ নবঢ়াই ।

১০) কম বয়সতে চুলি পকা, চুলি সৰা সমস্যাৰ পৰা ৰোধ কৰিবলৈ খাব পাৰে দৈনিক ৪-৫ টা এই বাদাম। কপাৰ, জিংক আৰু আইৰনৰ অভাৱত চুলি সোনকালে পকে সেয়ে এই অভাৱ কাজু বাদাম সেৱনে পূৰণ কৰিব পাৰে। লগতে এই বাদামত উপলব্ধ ভিটামিন B3 য়ে চুলিৰ গুৰিৰ তেজৰ সঞ্চালন বঢ়াই তুলিব পাৰে যাৰ ফলত চুলিয়ে পৰিপুষ্টি পাব ।

১১) ৰক্তহীনতাত ভোগা লোকৰ বাবে দৈনিক ২৮ গ্ৰাম এই বাদাম সেৱন কৰা মহৌষধ স্বৰূপ। আইৰন থকাৰ উপৰিও ইয়াত থকা কপাৰ খনিজে তেজৰ হিমগ্লবিনৰ অক্সিজেন কঢ়িয়াই নিয়া ক্ষমতা বৃদ্ধি কৰিব পাৰে।

১২) দৈনন্দিন খালি পেটত ৪-৫ টা কাজু বাদাম সেৱন কৰি মেদবহুল লোকৰ ওজন কমাব পাৰে। এই কাম সপন্ন কৰে এই বাদামত থকা মেগনেছিয়ামে।

কাৰ বাবে অপকাৰী এই কাজু বাদাম ??

১) যদিহে কোনো লোকৰ এই বাদাম সেৱন কৰিলে দেহৰ খজুৱতি হয়, কাহ চৰ্দি আৰু হাঁপানীৰ লক্ষণ দেখা দিয়ে তেনে লোকে এই বাদাম নোখোৱা ভাল।

NEVER EAT RAW CASHEW NUT IT IS UNHEALTHY

২) কেঁচাই কেঁচাই এই বাদাম কেতিয়াও সেৱন কৰিব নালাগে। এই বাদামৰ খোলটোত উৰুছিঅ’ল নামৰ বিষাক্ত দ্ৰৱ্য থাকে সেয়ে এই বাদামৰ খোল আঁতৰাই তাক ভাজি বা সেকিহে খোৱা উচিত।

৩) হিচাপৰ বাহিৰত এই বাদাম খোৱা অপকাৰী আনকি কিডনী বিকল হ’ব পাৰে। কিয়নো এই বাদামত বেছি পৰিমাণে অক্সালেট (oxalate) থাকে। লগতে বেছিকৈ এই বাদাম খালে দেহৰ ওজন বৃদ্ধি, ভৰিৰ গাঁঠি ফুলা, কোষ্ঠ্য কাঠিন্য আৰু পেটৰ গেছৰ সমস্যা হ’ব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *