ৰাতি শোৱাৰ আগত এই পাঁচটা কাম কেতিয়াও কৰিব নালাগে ।।

DO A SMALL EXERCISE BEFORE SLEEP TO GET BETTER SLEEP

(১) শুবৰ সময়ত মোবাইল ফোন আৰু লেপটপ চুব নালাগে। সকলোৱে জানে যে মোবাইল ফোনে ক্ষতি কৰিব পাৰে। কিন্তু এনেকুৱা নহয় যে দৈনন্দিন জীৱনত মোবাইল ফোন, লেপটপ এৰি চলিব পাৰিব। সেয়ে অতি কমেও ৰাতি টোপনিৰ সময়ত বিশেষকৈ মোবাইল ফোন আৰু লেপটপৰ পৰা দূৰত থাকিব লাগে।

USING MOBILE PHONE AT BED IS HARMFUL FOR SLEEP

মোবাইল আৰু লেপটপৰ পৰা নীলা পোহৰ ওলাই সেই পোহৰে ৰাতি টোপনিৰ বাবে প্ৰয়োজনীয় মেলেটনিন হ’ৰমন ক্ষৰণক বাধা দিয়ে। আৰু এই হৰমনৰ ক্ষৰণ বাধা প্ৰাপ্ত হোৱা ফলতে টোপনি টোপনি দেৰিকৈ আহে। ব্যৱহাৰ নকৰিলেও গাৰুৰ তলত লৈ শুই দিয়াটোও ক্ষতিকাৰক।ইয়াৰ উপৰিও বহুতৰে অভ্যাস আছে যে শুই শুই ফোনটো চোৱাৰ; আৰু এনেদৰে শুই ফোনত কিবা এটা ভাললগা চাই দিনৰ অৱসাদ Relax হ’ব বুলি ভাবি লোৱা হয় ।

USING LAPTOP AT BED TIME IS HARMFUL FOR GOOD SLEEP

কিন্তু তাৰ ফলত দেহ relax নহৈ ওলোটা প্ৰতিক্ৰিয়াহে হয় যিয়ে দেহৰ ক্ষতিসাধন কৰে। লগতে শুই পেলায় হাতদুখনৰে ধৰি মোবাইলটো পিটিকি থাকিলে ডিঙিৰ বিষ, হাতৰ আঙুলিৰ বিষ আদিও হয়।

(২) ৰাতি কেতিয়াও লাইট জ্বলাই নুশুব। কিয়নো শুবৰ বাবে পোহৰৰ কোনো প্ৰয়োজন নহয় আৰু অন্ধকাৰতহে টোপনি ভালদৰে আহে। অন্ধকাৰত টোপনিৰ হৰম’ন ক্ষৰণ হয় যিয়ে মানুহৰ টোপনি অহাত সহায় কৰে। বহুতে কোঠাত পাতল পৰ্দা ব্যৱহাৰ কৰে দিনৰ ভাগত কোঠালিত পোহৰ সোমাবলৈ; কিন্তু ৰাতিৰ সময়ত ডাঠ পৰ্দা ‌থাকি লোৱাটো দৰকাৰী । কিয়নো বাহিৰৰ পোহৰ শুৱনি কোঠালিত সোমাই আহিলে টোপনি ভাল নহয়। লগতে ৰাতি শুবৰ সময়ত কোঠালিত শূণ্য শক্তিৰ লাইট ব্যবহাৰ কৰিলেও টোপনিৰ ব্যাঘাত হয়।

(৩) টোপনি মৰাৰ ১ ঘন্টা আগৰ পৰা টোপনিৰ বাবে প্ৰস্তুত হ’ব লাগে। প্ৰথমতে সকলো কাম সামৰি ১ ঘন্টাৰ প্ৰথম ২০ মিনিট আৰামত বহি দিনটোত কৰা কামবোৰ মনত কৰিব লাগে আহি থকা দিনটোত কি কৰিব ভাবিব লাগে। তাৰ পিছত যি কাম আছে কৰি হাত মুখ ধুইহে বিছনাত পৰিব লাগে।

NEVER DRINK TEA AND COFEE BEFORE SLEEP

(৪) বিছনাত উঠিয়ে শুই পৰিব নালাগে। বিছনাত বাগৰ দি প্ৰথমে ভৰিদুখন চিধাকৈ ওপৰলৈ উঠাই দি প্ৰায় ৩০ চেকেণ্ড থাকিব লাগে তাৰ পিছত আঠুকেইটা দুয়ো হাতেৰে ধৰি বুকৰ ফালে টানি আনি কিছু সময় থাকিব তাৰ পিছত আঠুকাঢ়ি লৈ হাত দুখন আগলৈ আগবঢ়াই মূৰটো তলফালে লৈ গৈ প্ৰায় ১০ ছেকেণ্ডমান সময় থাকিব লাগে। এই কৰ্মৰ দ্বাৰা সোনকালে টোপনি আনিব পাৰি ।

(৫) টোপনিৰ আগত চাহ বা কফি খাব নালাগে। পাৰিলে সন্ধিয়া ৬ বজাৰ পিছত খাবই নালাগে। লগতে ৰাতিৰ আহাৰ টোপনি মৰাৰ ২ ঘন্টা আগতে গ্ৰহণ কৰিব লাগে। নহ’লে কেতিয়াও গভীৰ টোপনি নাহিব। কিয়নো গভীৰ টোপনি হৈছে টোপনিৰ দুটা দশাৰ এটা। এই গভীৰ টোপনি অবিহনে কোনোৱে সুস্বাস্থ্য ধৰি ৰাখিব নোৱাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *