NEVER DO THIS THINGS TODAY ON THE DAY OF LAKHMI PUJA

লক্ষ্মী পূজাত এই কাম ভুলটো নকৰিব !! দৰিদ্ৰতা আহিব পাৰে !!

 লক্ষ্মী পূজা আৰু এই দিনটোত এই পাঁচটি কাম ভুলটো নকৰিব নহ’লে দৰিদ্ৰতা আহিব পাৰে !!

  হিন্দু দেৱী মা লক্ষ্মী দেৱী হৈছে সুখ সমৃদ্ধি, ধন সম্পত্তি, সৌভাগ্য, আধ্যাত্মিকতা আৰু সৌন্দৰ্য্যৰ দেৱী। এই মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিলে নিজৰ গৃহত মা লক্ষ্মী সদায়ে বাস কৰে যাৰ ফলতে ঘৰখনৰ ধন সম্পত্তিৰ অভাৱ নাটনি আদি দূৰ হয় ।

DO THIS WORSHIP TO GET MA LAKHMI BLESSING

সেয়ে এই দিনটোত অৰ্থত শৰৎ পুৰ্ণিমাত ৰাতিপুৱা উঠিয়ে এক কাম কৰা উচিত যাৰ দ্বাৰা ঘৰখন সুখ শান্তিৰে ভৰি পৰিব, ঘৰৰ অপাই অমংগল দূৰ হ’ব। ৰাতিপুৱা শুই উঠি এখুটি শুদ্ধ জ্বল ল’ব আৰু যদি ঘৰত গঙ্গা জল আছে ( থাকিলে অতি মঙ্গল) অলপ মিহলাই ল’ব আৰু ঘৰৰ দৰ্জা খুলিয়ে গৃহিনীয়ে ঘৰৰ মুখ্য দুৱাৰ খুলি সেই পানী দুৱাৰখনৰ বাহিৰে ভিতৰে চতিয়াব আৰু অইন সকলো দুৱাৰত এনেদৰে চটিয়াই দিব। এই কৰ্ম কৰাৰ পিছত স্নান আদি কৰি অকণমান পানীত অকণমান হালধি মিহলাই ঘৰৰ সকলো কোঠালিতে চটিয়াই দিয়ক। তাৰ পিছতে অলপ পানীত অলপ নিমখ মিহলাই ঘৰ দুৱাৰ মচি দিব।  এনে কৰ্মৰ বাবে মা লক্ষ্মী আপোনাৰ গৃহ প্ৰৱেশ ঘটিব।

GET MORE BLESSINGS OF MOTHER LAKHMI BY THIS WAY

লগতে এই পবিত্ৰ মা লক্ষ্মী পূজাৰ দিনটোত কিছুমান কাম কৰাৰ পৰা বিৰত থকা অত্যন্ত প্ৰয়োজনীয়। নহ’লে মা লক্ষ্মী ৰুষ্ট হৈ যাব পাৰে। এনে পাঁচ কাম যি কাম মা লক্ষ্মীৰ পূজাৰ দিনত কৰিব নালাগে সেয়া হৈছে:-

১) মা লক্ষ্মীৰ পূজাত কাঁহৰ ঘণ্টা ভুলটো বজাব নালাগে। কাঁহৰ ঘণ্টাৰ শব্দ মা লক্ষ্মীয়ে পছন্দ নকৰে যাৰ ফলত মা লক্ষ্মী ৰুষ্ট হৈ পৰিব।

২) মা লক্ষ্মীৰ পূজাত তুলসী পাত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। অৱশ্যে পূজা শেষ হোৱাৰ পিছত দুটি তুলসীৰ পাত ভগৱান বিষ্ণুৰ চৰণত অৰ্পণ কৰিবলৈ নাপাহৰিব।

৩) মা লক্ষ্মীৰ পূজাত লোহাৰ বাচন ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। কিয়নো লোহাৰে অলক্ষ্মী পূজা কৰা হয় যাৰ ফলত মা লক্ষ্মী ৰুষ্ট হৈ পৰিব।

৪) মা লক্ষ্মীৰ পূজাত ধূপ আৰু বন্তি দিওঁতে বাওঁফালে নিদিব। কিয়নো পূজাত ধূপ আৰু বন্তি প্রদীপ সদায় সোঁৱফালে দিব লাগে।এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়।

৫) লক্ষ্মী পূজাৰ দিনা ঘৰ দুৱাৰ লেতেৰা কৰি ৰাখিব নালাগে কিয়নো মা লক্ষ্মীয়ে কদৰ্যমই পৰিবেশ পচন্দ নকৰে; যাৰ ফলতে মা লক্ষ্মীৰ গৃহ প্ৰৱেশ নঘটিব।

আৰু জানক

কি কি ৰাশিৰ লোকৰ ভাগ্য উদয় হ’ব মা লক্ষ্মী পূজাৰ দিনৰ পৰা ??

THESE PEAPLE WILL ENJOY BETTER LIFE FROM MOTHER LAKHMI PUJA

মা লক্ষ্মীৰ পূজাৰ দিনটোৰ পৰা মেষ ৰাশি, বৃষ ৰাশি, কৰ্কট, কন্যা, তুলা, ধনু , কুম্ভ আৰু মীন ৰাশিৰ জাতক জাতিকা সকলৰ ভাগ্য উদয় হ’ব কিয়নো এই ৰাশিৰ লোকসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা পৰিছে। এনে লোকৰ সুখ সমৃদ্ধি বৃদ্ধি হ’ব, টকা পইচাৰ অভাৱ দূৰ হ’ব , ইতিমধ্যে হৈ থকা সমস্যা সমূহ দূৰ হ’ব, ব্যৱসায় বাণিজ্যত শুভ হ’ব, পৰিয়ালত সুখ শান্তি ভৰি পৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *