GIVE WORSHIP IN PADDY FIELD TO BE RICH AND WEALTHY

কাতি বিহুৰ সন্ধিয়া ঘৰলৈ আনক এই বস্তু ধনে ধানে চহকী হ’ব !!

কাতি বিহুৰ সন্ধিয়া ঘৰলৈ আনক এই বস্তু ধনে ধানে চহকী হ’ব !!

GIVE WORSHIP IN PADDY FIELD TO BE RICH AND WEALTHY

 

কাতি বিহু বা কঙালী বিহু কাইলৈ ইংৰাজী ১৮/১০/২০২১ তাৰিখ সোমবাৰে। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ  তিনি বিহুৰ অন্যতম এটি। আহিন মাহ আৰু  কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত বিগত বছৰত ভঁৰালত জমা কৰি ৰখা ধান প্ৰায় শেষ হয় আৰু নতুন ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা সময়ত উদযাপন কৰা এই উৎসৱ কাতি বিহুক সেয়ে কঙালী বিহু বুলিও আখ্যা দিয়া হয়। এই বিহুত অসমীয়া পৰম্পৰা অনুসৰি ঘৰে ঘৰে তুলসী পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম প্ৰসংগ কৰা হয়। লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমীক আদৰিবলৈ চাকি বন্তি প্ৰজ্বলণ কৰা হয়। কোনো কোনো ঠাইত  আকাশ বন্তিয়ো জ্বলোৱা হয়।

do this method of worship for better luck

এই কাতি মাহ হৈছে ভগৱান বিষ্ণুৰ অত্যন্ত প্রিয় মাহ। এই মাহত ভগৱান বিষ্ণু নিদ্ৰাৰ পৰা সাৰ পায়; লগতে সকলো দেৱ দেৱতাই মানৱৰ নবদ্য গ্ৰহণ কৰিবলৈ স্বর্গৰ পৰা মৰ্ত্যলৈ নামি আহে। সেয়ে এই কাতি বিহুৰ পৰা ধৰ্মীয় চিন্তা চৰ্চা, পুথি পাঠ আৰু ঈশ্বৰৰ চিন্তাত মগ্ন হয় ভক্তসকল।  এই কাতি বিহুৰ সন্ধিয়া খেতি পথাৰত বন্তি দিয়াৰ উপৰিও তুলসীৰ তলত ভোগ নিবেদন কৰি ভক্ত সকলে ভগৱানক সন্তুষ্ট কৰিবলৈ যত্নপৰ হোৱা দেখা যায়। আৰু যদিহে এই দিনটোত তুলসী তলত বন্তি জ্বলাই ভগৱান বিষ্ণুৰ মহামন্ত্ৰটি ” ঔম নমঃ ভগবতে বাসুদেৱাই নমঃ ” পাঠ কৰা হয় মা লক্ষ্মী আৰু ভগৱান বিষ্ণু অত্যন্ত সন্তুষ্ট হয়।

pray worship to lord bisnu for better luck this way

লগতে সন্ধিয়া সময়ত ধাননি পথাৰত বন্তি জ্বলাই মা লক্ষ্মীক প্ৰণাম জনায় ধানৰ সিহ এটি আনি ভঁৰালৰ ওপৰত ওলোমাই ৰাখিব ; যদিহে কাৰোবাৰ ভঁৰাল ঘৰ নাথাকে তেন্তে ঘৰৰ ঘাই দুৱাৰৰ ওপৰত ওলোমাই ৰাখিব। এনে কৰিলে মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত সদায় থাকিব, ঘৰখনলৈ কেতিয়াও অৰ্থসংকট নামি নাহে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *