ডাব নাৰিকলৰ কি আছে আচৰিত স্বাস্থ্য গুণ ?? 

 

HEALTH BENIFITS OF COCONUT WTER

  অতি উত্তম পানীয় সমূহৰ ভিতৰত ডাব নাৰিকল ৰ পানী সন্নিবিষ্ট কৰিব পাৰি। বিজ্ঞান সন্মত ভাবে এই ডাব নাৰিকলত প্ৰাকৃতিক ভাৱে বিভিন্ন পোষক দ্ৰব্য আৰু খনিজ লৱন থাকে। বজাৰত পোৱা শীতল পনীয়া খোৱাতকৈ এই ডাব নাৰিকলৰ পানী নিয়মিত সেৱন কৰিলে বহুত স্বাস্থ্য উপকাৰ পোৱা যায়। তাৰেই কেইটামান উপকাৰী গুণ বিজ্ঞানসন্মত ভাবে উপস্থাপন কৰা হৈছে।

COCONUT WATER PREVENTS HEART DISEASES

  ১) নাৰিকলৰ পানী হৈছে অতি উত্তম শক্তিদায়ক পনীয়া। ২৪০ মিলিলিটাৰ এই পানীত প্ৰায় ৬০ কেলৰি শক্তি থাকে। ২৪০ মি লি এই পানীৰ শক্তি বিশ্লেষণ কৰিলে কাৰ্বহ্যড্ৰেট ১৫ গ্ৰাম, চেনী ৮ গ্ৰাম, এজন লোকক এদিন প্ৰয়োজনীয় কেলিচিয়ামৰ ৪%, মেগনেছিয়ামৰ ৪% ,ফস্ফৰাছ ২% আৰু পতাচিয়ামৰ ১৫% উপলব্ধ।

COCONUT WATER PREVENTS KIDNEY STONE FORMATION

  ২) এই পানীৰৰ এন্টী অক্সিডেণ্ট গুণ আছে। দেহত সংঘটিত হৈ থকা বিপাকীয় কাৰ্য্যৰ সমূহৰ ফলত কোষ সমূহত ফ্ৰি ৰেদিকেল নামৰ কিছু অস্থিৰ দ্ৰব্য কণা উৎপাদন হয়। আৰু এই ফ্ৰি ৰেদিকলৰ উৎপাদন বাঢ়ে যেতিয়াই শৰীৰ আঘাত প্ৰাপ্ত হয় আৰু মানসিক চিন্তাই শৰীৰক ভাৰাক্ৰান্ত কৰে। আৰু যেতিয়াই এই ফ্ৰী ৰেদিকেলৰ মাত্ৰা দেহত বৃদ্ধি হয় তেতিয়া দেহত অক্সিডেটিভ স্ত্ৰেছ আৰম্ভ হয় আৰু ইয়াৰ ফলত দেহৰ কোষৰ ক্ষতি হব লগতে বিভিন্ন ৰোগ সৃষ্টি হব। দৈনিক এই ডাব নাৰিকলৰ পানী সেৱন কৰিলে এই ফ্ৰী ৰেদিকেল সমূহ কোষৰ পৰা নিষ্কাশন হব।

 ৩) ডায়েবেটিচ ৰোগৰ পৰা দূৰৈত থাকিব পাৰি। নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে মেগনেচীয়াম থাকে আৰু এই মেগনেছিয়ামে ইনচুলিনক সক্ৰিয়তা প্ৰদান কৰিব পাৰে।

 ৪) কিডনীৰোগ আৰু কিডনী পাথৰ বাধা দিব পাৰে এই ডাব নাৰিকলৰ পানী সেৱন কৰিলে। এই পানী খালে পেচাবৰ দ্বাৰা পাথৰ জমা হব খোজা ক্ৰিষ্টেল সমূহ ওলাই যায় আৰু পেচাবৰ বীজাণু সংক্ৰমণ ৰোধ হয়।

 ৫) হৃদৰোগৰ আশংকা দূৰ হয়। এই পানীত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে লগতে তেজৰ কলেষ্টেৰল হ্ৰাস কৰিব পাৰে।

 

REGULAR DRINKING OF COCONUT WATER PREVENTS HYPERTENSION AND HEART DISEASES

 ৬) শাৰীৰিক ব্যায়াম কৰা লোকৰ বাবে উত্তম পানীয়। চডিয়াম, পটাচিয়াম, মেগনেছিয়াম কেলচিয়াম আদি ইলেক্ট্ৰলাইট সমূহ ভৰপূৰ হৈ থাকে এই পানীতত। সেয়ে এই পানী এক উত্তম বিকল্প শৰীৰ চৰ্চ্চা কৰা লোকৰ বাবে।

 ৭) ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে উপযোগী। ভিটামিন B12, B3, C পৰ্যাপ্ত পৰিমানে আছে এই পানীতত। দৈনিক এটাকৈ ডাব নাৰিকলৰ পানী খালে ছাল সজীৱ হৈ থাকে, ছালত wrinkle নপৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *