কাঁহৰ কাঁহিত খাদ্য খোৱা কিয় উত্তম ?? শিশুৰ বুদ্ধিমত্তা বঢ়াই !!

কাঁহৰ কাঁহিত খাদ্য কিয় খোৱা উত্তম ?? কি স্বাস্থ্য উপকাৰ হয় এই কাঁহৰ কাঁহিত খাদ্য খালে ?

COOCKING AND EATING FOOD IN BRONZE THALI IS HEALTH BENEFICIAL

   মানৱ জীৱনৰ সমুদাই জীৱন ধাৰা আজিৰ দিনত নিৰ্ভৰশীল হৈ পৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত। আনকি আমাৰ খাদ্য অভ্যাসো নিয়ন্ত্ৰণ হৈছে প্ৰযুক্তিৰ ওপৰতে।

EATING AND COOCKING FOOD IN BRONZE UTESILS IS BENEFICIALEATING AND COOCKING FOOD IN BRONZE POT PREVENTS DIARRHEA, DISENTRY , ABDOMINAL DISEASES

 

 আৰু প্লাষ্টিক হৈ পৰিছে আমাৰ জীৱনৰ এক অংশবিশেষ যদিওবা এই প্লাষ্টিকে আমাৰ দেহত মাৰাত্মক ব্যাধি কেঞ্চাৰ, ষ্ট্ৰক আৰু উচ্চ ৰক্তচাপ আদিৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে। তথাপিও জানি বুজিও মানুহে সহজলভ্য বাবেই এই প্লাষ্টিক এৰিব পৰা নাই। আগৰ দিনত মানুহে কাঁহ পিতলৰ বাচন বৰ্তনত খাদ্য সিজাইছিল আৰু খাদ্য খাইছিল যিটো পৰম্পৰা সম্হিতা কালৰ পৰাই প্ৰচলিত আছিল। বৰ্তমানমানেও বহু ৰেষ্টুৰেণ্ট হোটেল আদিত এই কাহৰ কাঁহিত ভাত খাবলৈ দিয়া দেখা যায়। কিয়নো এই পাত্ৰত ভাত ৰন্ধা আৰু ভাত বা অন্য খাদ্য খোৱাৰ আছে আচৰিত আচৰিত স্বাস্থ্য উপকাৰ।
এই পাত্ৰত খাদ্য বনোৱা আৰু খোৱা খাদনলীৰ হিতকৰ।

IMMUNITY INCREASES WHEN FOODS ARE COOCKED IN BRONZE UTENSILS

  এই কাহ হৈছে ইংৰাজীত bell metal বা bronze এবিধ উত্তম ধাতু। এই ব্ৰঞ্জ হৈছে ৭৮% কঁপাৰ আৰু ২২% টিনৰ ধাতুসংকৰ যাক প্ৰায় ৭০০ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাত গলাই প্ৰস্তুত কৰা হয়।

EATING FOOD IN BRONZE POT INCRESES INTELECTUAL PROPRTY OF BRAIN

 কাঁহৰ বাচন বৰ্তনত খাদ্য প্ৰস্তুত আৰু গ্ৰহণৰ কথা আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে।

 এই পাত্ৰত খাদ্য খালে খাদ্যনলী বিভিন্ন বীজাণু সংক্ৰমণৰ পৰা ৰক্ষা পৰিব।

 দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

 দেহৰ শক্তি বৃদ্ধি হয় আৰু মানসিক চাপ দূৰ হয়।

EATING AND COOKING IN BRONZE POT MAKE PEAPLE HEALTHIER

 কাঁহৰ পাত্ৰত পানী থৈ খালে পানীৰ পৰা সংক্ৰমণ হব পৰা ৰোগ ডায়েৰীয়া, ডিচেন্ত্ৰী আৰু জণ্ডিচ আদি ৰোধ হয়।

 এই পাত্ৰত খাদ্য খালে মগজুয়ে সক্ৰিয়তা পায়, মৃগী ৰোগ প্ৰতিৰোধ হয় আৰু শিশুৰ লগতে প্ৰাপ্ত বয়স্কলোকৰো বুদ্ধিমত্তা বঢ়াই।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *