qualities of a boy that love a girl

ছোৱালীয়ে প্ৰেমত পৰোতে লৰাৰ কি গুণ চাই?

ছোৱালীয়ে প্ৰেমত পৰাৰ আগতে লৰাৰ কি গুণ চাই ??

বিশেষজ্ঞৰ মতে এজনী বুদ্ধিমান ছোৱালীয়ে প্ৰেমত পৰাৰ আগতে প্ৰেমিকৰ কিছু গুণ দোষ নিৰীক্ষণ কৰে।

the qualities of a boy that impresses a girl to love

 

এটি মধুস্পদ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ লৰা ছোৱালী সকলোৰে মনত হাবিয়াস থাকে। অকল লৰা ছোৱালীয়ে নহয় বিবাহিত পুৰুষ মহিলা উভয়ৰে ক্ষেত্ৰত একেই কথা পৰিলক্ষিত হয়। এজনী ছোৱালীয়ে নিজৰ জীৱন সংগীৰ কি গুণ থকাটো মনে প্ৰাণে বিচাৰে। মনোবিজ্ঞান বিশেষজ্ঞৰ মতে এইধৰণৰ গুণ এজনী ছোৱালীয়ে লৰাৰ গাত বিচাৰে :-

১) ছোৱালীয়ে লৰাৰ স্পষ্টবাদী গুণ ভাল পায় :-

সকলোৱে জানে যে সাধুতা এক বিশেষ গুণ আৰু এই সাধুতা গুণ নাৰীয়ে পুৰুষৰ গাত থকাটো কামনা কৰে। ছোৱালীয়ে তেওঁৰ সংগীজনে তেওঁক দৰকাৰী কথা কেতিয়াও মিছা কোৱাটো নিবিচাৰে। তেওঁ বিচাৰে যে তেওঁৰ সংগীয়ে ভাল লগা কথা, ভাল লগা মুহূৰ্ত, দুখৰ বার্তা সকলোখিনি তেওঁৰ সৈতে শ্বেয়াৰ কৰাটো।

 

qualities that impresses a girl to love a boy

২) ছোৱালীয়ে তেওঁৰ সংগীক এজন ভাল শ্ৰোতা হিচাপে বিচাৰে :-

তেওঁ কামনা কৰে যে তেওঁৰ সংগীয়ে তেওঁৰ ভিতৰ বাহিৰে সকলো খিনি জানক। সেইবাবেই তেওঁৰ প্ৰতিটো কথা সংগী জনে একান্ত মনে শুনাটো বিচাৰে। এই কথাৰে তেওঁ বাৰে বাৰে প্ৰমাণ কৰিব বিচাৰে যে তেওঁৰ সংগীয়ে তেওঁক কিমান ভাল পায় কিমান প্ৰাধান্য দিয়ে।

qualities of a boy that impress a girl to love

৩) সংগীয়ে সময় দিয়াটো বিচাৰে :-

সংগীজন এনেকুৱা আশা কৰে যেন সংগীজনৰ পৃথিৱীত তাইৰ বাহিৰে মূল্যবান বস্তু একো হব নোৱাৰে। আৰু প্ৰতি সময়ত তেওঁৰ কেন্দ্ৰিক চিন্তা ধাৰা বেছি পছন্দ কৰে।

৪) পৰস্পৰ বুজাবুজি আশা কৰে :-

এজনী ছোৱালীয়ে মুখেৰে বহুত কথা খুলি কব নোৱাৰে তেওঁৰ লাজৰ বাবে সেয়ে সংগীজনে তেওঁৰ আচৰণ; চাল চলন আৰু ভাব ভংগীমাত বুজি পাবলৈ সক্ষম হ’ব লাগিব ছোৱালীৰ মনৰ কথা। আৰু সংগীজনৰ এনে গুণ খুব পছন্দ কৰে ছোৱালীয়ে। তেওঁৰ সমস্যাক অৱজ্ঞা নকৰা, তেওঁৰ প্ৰয়োজন পৰ্যাপ্ত মানে পূৰণ কৰা ; তেওঁৰ বাবে কষ্ট ত্যাগ স্বীকাৰ কৰিব পৰা গুণ বৰ বেছি ভাল পায় ছোৱালীয়ে।

 

good qualities of a boy that impress a girl to love

৫) সংগীজন শাৰীৰিক আৰু মানসিক ভাৱে শক্তিশালী হোৱাটো কামনা কৰে। অকল শাৰীৰিক শক্তিয়ে নহয় মানসিক দৃঢ়তা থকা সংগী বহু ভাল পায় ছোৱালীয়ে। সৰু কথাতে ভাগি নপৰা, অকনমান কামতে ভাগৰি নপৰা আদি গুণবোৰ ছোৱালীৰ প্রিয়।

৬) পৰুষৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা গুণ নাৰীয়ে খুব পছন্দ কৰে। কিন্তু যদি আজি কৰিম কালি কৰিম বুলি কেতিয়াও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰি পুনঃ নতুন প্ৰতিশ্ৰুতি দিয়া কথা কেতিয়াও পছন্দ নকৰে ছোৱালীয়ে।

৭) ছোৱালীয়ে সদায় তেওঁৰ জীৱন সংগী জন কিছু ধেমেলীয়া হোৱাও কামনা কৰে। যিজন পুৰুষে মহিলাৰ মুখত হাঁহি বিৰিঙাব পাৰে তেওঁ সদায় প্ৰিয়ভাজন হৈ থাকে ।

Share it with:

1 Comment

  1. Val vl lagig

Leave a Reply

Your email address will not be published. Required fields are marked *