REFINED FLOUR IS NOT A HEALTHY FOOD

ঘেহুৰ পৰা ময়দা তৈয়াৰ কৰোতে মিহলোৱা হয় বিষাক্ত দ্ৰব্য !!

বৰবিহ থাকে বাবেহে ময়দা বগা দেখি !! কি কি অপকাৰ হয় এই বিধৰে প্ৰস্তুত কৰা খাদ্য সেৱন কৰিলে  ?

দৈনন্দিন জীৱনত আমি জানিয়ে হওঁক নাজানিয়ে হওঁক কিমান যে বৰবিহ সেৱন কৰি আছোঁ বা আমাক সেৱন কৰিবৰ বাবে বাধ্য কৰোৱা হৈছে তাক কৈ শেষ কৰিব নোৱাৰি। তাৰেই এবিধ হৈছে বগা ময়দা বা ৰিফাইন ময়দা।

BED HEALTH EFFECTS OF WHITE REFINED FLOURSTAY HEALTHY TIPS

 স্বাস্থ্যৰ ওপৰত ভয়ংকৰ কুপ্রভাব থকাৰ পিছতো এইবিধ ব্যৱহাৰ হৈ আহিছে বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰিবলৈ। পাউৰুটি, পিজা, বার্গাৰ, পাষ্টা, চিঙৰা, নিমকি, জিলাপি, তন্দুৰী ৰুটী, বিস্কুট আৰু নানান বস্তু বনাবলৈ ব্যৱহাৰ কৰা হয় এই ময়দা।

HEALTHY FOOD TIPSPARATHA IS NOT THAT HEALTHY FOOD

এই বাবেই বগা ময়দা মানুহৰ খাদ্য সম্ভাৰৰ এটি বিশেষ অংগ হৈ পৰিছে। এই ময়দা বা ময়দাৰে প্ৰস্তুত কৰা খাদ্য কিন্তু স্বাস্থ্যৰ বাবে কোনো লাভজনক নহয় বৰং যথেষ্ট হানিকাৰক।

কিয়নো ময়দাত বেঞ্জাইল পেৰক্সাইড নামৰ এবিধ ৰাসায়নিক পদাৰ্থ যোগ দিয়া হয় ইয়াক অধিক চিকুনাই তুলিবলৈ যাৰ ফলত ময়দা বিশুদ্ধ বগা ৰঙৰ হৈ পৰে আৰু মসৃণ গাঁথনিৰ হৈ পৰে। ইমানবোৰ ৰাসায়নিক পদাৰ্থ অন্তর্ভুক্ত কৰাৰ ফলত ময়দা স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে। যদিহে কোনো ব্যক্তিয়ে একেৰাহে ময়দাৰে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰি থাকে তেন্তে শৰীৰত বহুতো ৰোগ যেনে :- দীৰ্ঘম্যাদী কোষ্ঠকাঠিন্য, হজমৰ সমস্যা, গেছৰ সমস্যা, কলেষ্টেৰল আদিৰ আশংকা, দেহৰ মেদবহুলতা, মাইগ্ৰেইন, আৰথ্ৰাইটিচ আদি সমস্যাৰ সৃষ্টি হয়।

 

STAY HEALTHY TIPS

ময়দা কেনেকৈ আৰু কিয় মানুহৰ বাবে অপকাৰী ??

১) ময়দাৰ গুণ আম্লিক (Acidic) :- ৰিফাইনিং ( Refining) প্ৰক্ৰিয়াৰে ময়দা প্ৰস্তুত কৰাৰ সময়ত ময়দাৰ সমূহ ভিটামিন, মিনাৰেল, ফাইবাৰ আদি পোষক দ্ৰব্যসমুহ ধ্বংস হৈ পৰে আৰু ই গুণত উচ্চ আম্লিক হৈ পৰে। উচ্চ আম্লিক গুণৰ খাদ্য সেৱনে হাড়ৰ কেলচিয়াম আয়নৰ ক্ষয় কৰে ফলত হাড়ৰ ঘনত্ব কমি হাড়ৰ ৰোগ, আৰথ্ৰাইটিচ, আদি সৃষ্টি কৰে।

২) হজমৰ নানান সমস্যা :- বগা এই ৰিফাইন কৰা ময়দাক পেটৰ বাবে “গ্লু অফ গাত” ( glue of the gut) মানে পেটৰ বাবে আঠা বুলি কোৱা হয়। অৰ্থাৎ এই ময়দাৰ পৰা বনোৱা খাদ্যই খাদনলীত আঠা লাগি ধৰি খাদনলীৰ হজম শক্তি লেহেমীয়া কৰে, বিপাকীয় কার্য লেহেমীয়া কৰে। যাৰ ফলত দেহত অতিৰিক্ত মেদবহুলতা, কোষ্ঠ্য কাঠিন্য, মাইগ্ৰেইন আদি হয়।

 

HEALTHY FOOD TIPS

৩) ঘেঁহুৰ পৰা ময়দা প্ৰস্তুত কৰিবলৈ যি ৰিফাইনিং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় সেই পক্ৰিয়াত ঘেঁহুৰ ভিতৰৰ পোষক ( germ) অংশ আৰু বাহিৰৰ অহিয়া অংশ পৃথক কৰা হয় তাৰ পিছত ৰিফাইনিং পদ্ধতিৰ প্ৰয়োগ, লগতে শুভ্ৰ বগা কৰিবলৈ ব্লিচিং কৰা হয় যত এই অবশিষ্ট ঘেঁহুৰ গুৰিৰ সৈতে ৰাসায়নিক দ্ৰব্য বেঞ্জাইল পেৰক্সাইদ মিহলোৱা হয়। যি বেঞ্জাইল পেৰক্সাইদ বিভিন্ন ছালৰ ৰোগৰ ঔষধ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হয়, যাৰ দীৰ্ঘদিন ব্যৱহাৰৰ ফলত ছালৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয় যদিয়ে লোকজনে  সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি সঘনাই সেৱন কৰে। এতেকে যিহেতু ময়দা হৈছে পোষক দ্ৰব্য বিহীন এবিধ পদাৰ্থ যাৰ পৰা প্ৰস্তুত কৰা খাদ্য খালে পেট ভৰিব কিন্তু দেহৰ বাবে প্ৰয়োজন নভৰিব।

TANDOORI AND PLAIN ROTI OF WHITE REFINED FLOUR IS NOT HEALTHY FOOD

 

৪) এই ময়দাত এলোক্সেন নামৰ আন এবিধ ৰাসায়নিক দ্ৰব্য মিহলোৱা বুলি বিভিন্ন গৱেষকে মত পোষণ কৰিছে। এই এলোক্সেন মিহলাই ময়দাক বিভিন্ন স্তৰলৈ ৰূপান্তৰ কৰা হয়। এই এলোক্সেনৰ মানৱ দেহত বহু ঋণাত্মক প্ৰভাৱ আছে। ই পেনক্ৰিয়াছৰ বিটা কোষ ধংস কৰি দিব পাৰে। যাৰ ফলত ইনচুলিন প্ৰয়োজন হোৱা ডায়েবেটিচ ৰোগ হয়।

GUAVA AS SUGAR REDUCER

৫) এল চিষ্টিন (L – Cystine ) থাকে এই ময়দাত। এইবিধ এমাইন’ এচিড মিহলাই দিয়া হয় ময়দাত যাৰ ফলত ময়দাৰ ভিক্সচিটি কম হয়, স্থিতিস্থাপক গুণ বৃদ্ধি পায়। এই এল চিষ্টিনৰ কিবা স্বাস্থ্য সম্বন্ধীয় কুপ্রভাব আছেনে নাই সেয়া এতিয়াও গৱেষণাৰ বিষয় হৈ আছে। কিন্তু এল চিষ্টিনে লিভাৰ সুৰক্ষিত কৰি ৰাখে বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *