HOW TO CONTROL BLOOD PRESSURE YOURSELF

 সহজতে ৰক্তচাপ  নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি ?

এই ঘৰুৱা উপায়েৰে ৰক্তচাপ  সহজতে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি ?

  উচ্চ ৰক্তচাপ বা হাই প্ৰেচাৰ বা হাইপাৰটেনশ্যন (Hypertension) হৈছে এটি পৰিঘটনা যত দেহৰ তেজ পৰিবাহী ধমনিসমূহৰ চাপ হিচাবৰ বাহিৰত বৃদ্ধি হয়।

Easy tips to keep blood pressure under control

Keep blood pressure under control by easy way

 প্ৰথম অৱস্থাত এই বৃদ্ধি লোকজনে অনুভৱ নকৰে কিয়নো এই অৱস্থাত কোনো লক্ষণ দেখা নাযায়। লাহে লাহে মূৰৰ পিছফালৰ বিষ, মূৰ ঘূৰোৱা, মুৰ ওজন লগা, কাণেৰে অইন শব্দ শুনা, টোপনি কম হোৱা, মুৰ ঘুৰাই বাগৰি পৰা আদি সমস্যা দেখা দিয়ে।

  কিন্তু এই উচ্চ ৰক্তচাপ যদিহে দীৰ্ঘদিনৰ বাবে থাকে তেন্তে ইয়ে হৈ পৰে ষ্ট্ৰকৰ কাৰণ, কৰ’ণাৰী আৰটেৰী ৰোগৰ কাৰক, হৃদযন্ত্ৰ বিকলৰ কাৰক, চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা, ক্ৰনিক কিডনী ৰোগৰ কাৰক আৰু বহুতো। পৃথিৱীৰ মানুহৰ ১৬-৩৭ % লোকে এই উচ্চ ৰক্তচাপ সমস্যাটোত ভোগে। আৰু বছৰি গড় অনুপাতে প্ৰায় ৯.৪ মিলয়ণ লোকৰ এই সমস্যাত মৃত্যু হয় ।

   এই ধমনিসমূহৰ চাপ বৃদ্ধি বা উচ্চ ৰক্তচাপৰ কাৰণ সমূহ ঘাইকৈ নিমখ বেছিকৈ সেৱন কৰা, দেহৰ অত্যাধিক ওজন বৃদ্ধি, চিগাৰেট সেৱন, অত্যাধিক মদ্যপান, আৰাম বিলাসী জীৱন যাপন আৰু বংশানুক্ৰম আদি প্ৰধান।

  এই উচ্চ ৰক্তচাপক চিকিৎসা বিজ্ঞানত দুটা ভাগত ভগাই লোৱা হৈছে। ইয়াৰ এটি মুখ্য (Primary hypertension) আৰু অইনবিধ গৌণ (Secondery hypertension ) উচ্চ ৰক্তচাপ। ইয়াৰ মূখ্য  উচ্চ ৰক্তচাপ ওপৰত উল্লেখিত কাৰণ বোৰৰ বাবে হয়। কিন্তু যদিহে এজন লোকৰ দেহত এই মুখ্য প্ৰকাৰৰ উচ্চ ৰক্তচাপ আগৰে পৰা নাই কিন্তু দেহত সংঘটিত কিছু অইন ৰোগ যেনে কিডনি বিকাৰ, হৃদৰোগ বা ডায়েবেটিচ আদি ৰোগৰ উপসৰ্গ হিচাপে উচ্চ ৰক্তচাপ ও ধৰা পৰিলে তেতিয়া সেই উচ্চ ৰক্তচাপক গৌণ প্রকাৰৰ উচ্চ ৰক্তচাপ কোৱা হয়।

  এজন প্রাপ্তবয়স্ক লোকৰ ৰক্তচাপ জোখাৰ পিছত যদিহে ১৪০/৯০ mm Hg বা তাতোকৈ বেছি দেখাই তেন্তে ই উচ্চ ৰক্তচাপ আৰু চিকিৎসা বিজ্ঞানৰ মতে ইয়াক যেনেকৈ হলেও বাধা দিয়াৰ প্ৰয়োজন।

এই ৰোগ প্ৰতিৰোধ কেনেকৈ কৰিব ??

১) দেহৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। এজন প্রাপ্তবয়স্ক লোকে দেহৰ BMI ২০ – ২৫ kg/Sq metre ৰ ভিতৰত ৰাখিব পাৰিলে উচ্চ ৰক্তচাপৰ আশংকা নাইকিয়া হৈ যায়। ইয়াৰ বাবে চেনী আৰু চেনী মিহলাই প্ৰস্তুত কৰা খাদ্য সম্ভাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব।

Avoid suger and high salt to keep blood pressure under control

 আৰু চেনী খালেও এক সপ্তাহত এজন লোকে দুচামুচ তকৈ বেছি চেনী খোৱা অনুচিত। অতিকৈ চৰ্বি থকা মাংস পৰিহাৰ কৰা উচিত।

Avoid animal liver to keep blood pressure under control

 মাংসৰ লিভাৰ নোখোৱাকৈ থকা ভাল কিয়নো লিভাৰত যথেষ্ট চৰ্বী থাকে। ঘি মাখনৰ পৰা বহু দূৰৈত থকা ভাল কিয়নো ইয়াত চৰ্বী অত্যাধিক থাকে। গাখীৰৰ খৰ, ক্ৰীম খাব নালাগে,

Avoid cold drinks, Sauces and ice cream to keep blood pressure under control

  কল ড্ৰিংক্স খাব নালাগে যিহেতু চেনীৰ পৰিমাণ বহুত বেছি থাকে, কণী খালে তেলত ভাজি নহয় বইল কৰি খাওক, চচ ব্যৱহাৰ কৰি বনোৱা খাদ্য আৰু চচ কেতিয়াও খাব নালাগে কাৰণ ইয়াত নিমখ আৰু চেনী দুয়োবিধ যথেষ্ট পৰিমাণে থাকে। ধাৰণাটি এনেকুৱা যে দৈনিক আঞ্জাত দিয়া তেল, মাছ মাংসৰ তেল সকলো মিলাই এজন লোকৰ বাবে তিনি চাৰি চামুচতকৈ তেল বেছি হ’ব নালাগে আৰু তেতিয়াই BMI নিয়ন্ত্ৰণ হৈ থাকিব।

২) দৈনিক নিমখ সেৱন ৬ গ্ৰামৰ তলত হব লাগে। এই পৰিমাণত নিমখ খালে দেহত দৈনিক ২.৪ গ্ৰামতকৈ কম নিমখ সোমাব। এইখিনি নিমখে ৰক্তচাপ বঢ়াব নোৱাৰে। নিমখ ভাজি খোৱা বা কেচাই খোৱা কোনো পাৰ্থক্য নাই।

৩) দৈনিক কমেও ৩৫ মিনিট শাৰীৰিক ব্যায়ামৰ অত্যন্ত প্ৰয়োজন ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ।

৪) ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অত্যাধিক মদ্যপান নিয়ন্ত্ৰণ কৰা অতি জৰুৰী। দৈনিক মদ্যপানৰ মাত্ৰা পুৰুষৰ ক্ষেত্ৰত তিনি পেকতকৈ কম আৰু মহিলাৰ ক্ষেত্ৰত দুই পেকতকৈ কম হ’ব লাগে।

৪) খাদ্যত বেছিকৈ ফল-মূল আৰু সেউজীয়া শাক পাচলিৰ মাত্ৰা বেছি হোৱা ভাল উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ। পটাছিয়াম সমৃদ্ধ ফল বেছিকৈ খাব লাগে কিয়নো পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।

BEST TIME TO EAT FRUIT IS JUST AFTER TAKING A GLASS OF WATER IN THE MORNING IF HE HAS NO ACIDITY PROBLEM

দৈনিক কমেও দুটা কল খোৱা ভাল। প্ৰতি সপ্তাহতে ফলৰ মাত্ৰা বঢ়ায় যাব লাগে। দিনত কমেও দুই আঢ়ৈ কাপ সেউজীয়া শাক পাচলি খোৱা উপিকাৰী।

৫) নিয়মিত দৈনিক সাত – আঠ ঘন্টা টোপনীৰ দৰকাৰ।

মনত ৰাখিব এই দিহা সমূহ এজন সুস্থ লোকৰ ভৱিষ্যত উচ্চ ৰক্তচাপ নহ’বলৈ আগবঢ়োৱা হৈছে। আৰু যদিহে আপোনাৰ ৰক্তচাপ আছে নিশ্চিত ভাবে চিকিৎসকৰ পৰামৰ্শ লবলৈ নাপাহৰিব। আৰু লগতে এই দিহাসমুহো পালন কৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *