মুকলি ঠাইত বিজুলী ঢেৰেকনিৰ পৰা কেনেকৈ বাচিব ? কিয় হয় বজ্ৰপাত ?

  আমি বাসকৰা পৃথিবী নামৰ গ্ৰহটোত যে কত কিমান কৌতূহলি ঘটনা ঘটে তাক কৈ শেষ কৰা নাযায়। যিমানবোৰ ঘটনা পৰিঘটনা ঘটে কিছুমানৰ হে কাৰণ আমি বুজি পাওঁ আৰু বহু আচৰিত আচৰিত ঘটনা প্ৰবাহৰ আমি সাক্ষীহে হৈ ৰও এই পৃথিৱীত। কিয়নো প্ৰকৃতিৰ অবিশ্বাস্য সৃষ্টি হৈছে আমাৰ বাসভূমি পৃথিৱী নামৰ গ্ৰহটো । এই আচৰিত ঘটনা পৰিঘটনাবোৰৰ ভিতৰতে এটি হ’ল বায়ুমণ্ডলত হঠাতে উদিত হোৱা পোহৰৰ ৰেশ আৰু তাৰ খন্তেক পাছতে শুনিবলৈ পোৱা এক প্ৰৱল শব্দ তৰংগ । যাৰ আমি নাম ৰাখিছো বিজুলী ঢেৰেকনি ।

HOW TO ESCAPE FROM THUNDERSTORM STRIKING IN OPEN AREA

 

  বিজুলী হৈছে আমি ব্যৱহাৰ কৰা বৈদ্যুতিক সা সৰঞ্জামবোৰত দেখা পোৱা বৈদ্যুতিক স্পাৰ্কীঙৰ দৰে এটি ঘটনাৰ দৃশ্য। উদাহৰণস্বৰূপে, এটি ফুটবলত যদি এটি নিৰ্দিষ্ট মাত্ৰাৰ ওপৰত পাম্প কৰা হয় ফুটবলতো ফাটি যায় কিয়নো ফুটবলটোৱে অতিৰিক্ত বায়ুৰ চাপক এৰাই চলিবলৈ বা নিষ্কাশন কৰিবলৈ গৈ অৱশেষত নিজেই ফাটি যায়। এয়া হৈছে যান্ত্ৰিক চাপ। ঠিক একেদৰে এই যান্ত্ৰিক চাপৰ দৰে বিজুলীও হৈছে চাপ নিষ্কাষণৰ এক প্ৰক্ৰিয়া । এই চাপ হ’ল বায়ুমণ্ডলত প্ৰবাহিত হৈ থকা বৈদ্যুতিক চাপ ।

THUNDERSTORM STRIKING EARTH

 

  পৃথিৱী পৃষ্ঠত থকা তেজস্ক্রিয় পদাৰ্থবোৰৰ পৰা নিৰ্গত অতি উচ্চ শক্তিসম্পন্ন কণাবোৰে বায়ুমণ্ডলৰ বিভিন্ন গেছবোৰৰ আয়নায়ন কৰে । সূৰ্য আৰু মহাকাশৰ পৰা অহা অতি উচ্চ শক্তিসম্পন্ন কণাবোৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু আয়নৰ সৃষ্টি কৰে । এই বৈদ্যুতিক আধানযুক্ত আয়নবোৰ লাহে লাহে ধূলি, ডাৱৰ আৰু বৰষুণৰ কণাৰ লগত মিলিত হয় । আৰু অনুকুল পৰিবেশত যেনে ধুমুহাৰ সময়ত এই আধানীকৃত কণাবোৰ ডাৱৰত হোৱা বিভিন্ন ভৌতিক ক্ৰিয়াৰ বাবে ডাৱৰৰ বিভিন্ন অংশত পঞ্জীভূত হয় । বায়ুমণ্ডলে এই আধানসমূহক সহজে চলাচল কৰিবলৈ নিদিয়ে আৰু সেয়ে আধানবোৰ সেই অংশটোত জমা হ’বলৈ আৰম্ভ কৰে । কোনো সময়ত এই পঞ্জীভূত আধানবোৰে বায়ুমণ্ডলত ডাৱৰৰ মাজত বা ডাৱৰ আৰু ধৰাৰ মাজত বৈদ্যুতিক চাপৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে । যেতিয়াই এই বৈদ্যুতিক চাপে (পৃথিৱীৰ বায়ুমণ্ডলে সৰ্ব্বোচ্চ ৩ মিলিয়ন ভল্ট/মিটাৰ বৈদ্যুতিক চাপ বহন কৰিব পাৰে) সৰ্ব্বোচ্চ মান অতিক্ৰম কৰে তেতিয়াই বায়ুমণ্ডলে আধানৰ চলাচল ধৰি ৰাখিব নোৱাৰা হৈ পৰে । প্ৰতিক্ৰিয়া স্বৰূপে অৰ্থাৎ চাপমুক্ত কৰিবলৈ পঞ্জীভূত আধানবোৰ পৃথিৱীপৃষ্ঠৰ ওপৰেৰে আৰু কেতিয়াবা ডাৱৰৰ অন্য অংশেৰে প্ৰৱাহিত হ’বলৈ ধৰে । যেতিয়া আধানবোৰ একেটা পথেৰে প্ৰৱাহিত হয় সেই পথৰ গেছ পৰমাণুবোৰে পোহৰ নিৰ্গত কৰে । তাৰ ফলশ্ৰুতিত হঠাতে এক পোহৰ ধৰালৈ নামি অহা দেখা পাওঁ আৰু যাক ডাৱৰৰ পৰা ধৰালৈ প্ৰৱাহিত বিজুলী বুলি অভিহিত হয় । যদিহে এই পৰিঘটনা কেৱল ডাৱৰৰ মাজতেই সংঘটিত হয় তেন্তে ইয়াক আন্ত:ডাৱৰ বিজুলী বোলা হয় ।

HOW TO ESCAPE FROM THUNDERSTORM STROKE IN HOME

 

  আৰু যদিহে এই বৈদ্যুতিক আধানবোৰ বায়ুমণ্ডলত কম ৰোধসম্পন্ন পথেৰে গতি কৰে তেতিয়া আমি বহুতো আলোকিত পথৰ শাখা দেখা পাওঁ । এই বৈদ্যুতিক প্ৰৱাহৰ ফলত উৎপন্ন উত্তাপে প্ৰৱাহ পথ প্ৰায় ২৪০০০ কেলভিন (সাধাৰণ ৰুম তাপমান ২৯৮ কেলভিন) উত্তাপৰ হয় আৰু ইয়াৰ চাপ অতি উচ্চ প্ৰায় ১ মিলিয়ন পাস্কেলৰো বেছি হ’ব পাৰে। এই অপৰিমেয় শক্তিৰ ফলত উৎপন্ন অভিঘাত তৰংগ অতি ক্ষীপ্ৰতাৰে প্ৰৱাহ পথেৰে গতি কৰে যি অভিঘাত তৰংগক বজ্ৰপাত বা  ঢেৰেকনি বোলা হয় ।

  শুনি আচৰিত লাগিলেও বিজুলী আৰু  ঢেৰেকনি মানৱজাতি আৰু পৃথিৱীৰ অইন জীৱ জন্তুৰ বাবে এক আচৰিত প্ৰকৃতিক প্ৰত্যাহ্বান। প্ৰতি ছেকেণ্ডত প্ৰায় ৪৪ টা বিজুলীৰ প্ৰৱাহ সংঘটিত হয় । গোটেই পৃথিৱীত প্ৰতিবছৰে প্ৰায় ২৪০০০ লোক বিজুলী ধেৰেকণিৰ তাণ্ডৱৰ আঘাটৰ ফলত মৃত্যু মুখত পৰে ।  বজ্ৰপাতৰ ফলত বনজুই, বৈদ্যুতিক সামগ্ৰীৰ ক্ষতি আদিৰ দৰে দুৰ্ঘটনা সংঘটিত হয় ।

  আৰু আশ্চৰ্যজনক কথা যে বিজুলী প্ৰৱাহৰ ফলত পৃথিৱীৰ জীৱমণ্ডলত বিভিন্ন প্ৰতিকূল প্ৰভাৱো আছে যাৰ বাবে বিজুলীক মানৱ জাতিৰ বাবে আশীৰ্বাদ হিচাপেও গণ্য কৰা হয় । কিয়নো বিজুলী পৰিঘটনা বায়ুমণ্ডলত নাইট্ৰ’জেনৰ ঘনীভৱনৰ ফলত সংঘটিত হয়। এই ঘনীভূত নাইট্ৰ’জেন বৰষুণৰ লগত পৃথিৱীৰ বুকুলৈ নামি আহি মাটিৰ সৈতে মিলি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে । জনবিশ্বাস মতে পৃথিৱীত জীৱৰ সৃষ্টিত বায়ুমণ্ডলত সংঘটিত হোৱা বিজুলীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই কথা মিলাৰ আৰু উৰেয়ৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

 তথাপিও এই যদিও বিজুলী বিপদজনক।

কেনেকৈ হাত সাৰিব এই বিজুলী  ঢেৰেকনিৰ পৰা ??

১) যদিহে বতৰটো বিজুলী ঢেৰেকনিৰ আহিব পাৰে বুলি আশংকা অনুভৱ কৰিছে বা বতৰ বিজ্ঞানীয়ে প্ৰচাৰ মাধ্যমৰ দ্বাৰা জনাইছে তেন্তে সেইদিনা ঘৰৰ পৰা ওলাব নালাগে বা ঘৰৰ বাহিৰৰ কাম বৰ্জন কৰা উত্তম।

২) যেতিয়াই বিজুলী  ঢেৰেকনি দেখে পলম নকৰি নিৰাপদ স্থানত অৱস্থান কৰা জৰুৰী। এই নিৰাপদ স্থান কাৰ্যালয়, ঘৰ, গাড়ী যিকোনো হ’ব পাৰে।

৩) বিজুলী ধেৰেকণিৰ সময়ত সদায় ৩০ – ৩০ নিয়ম মানি চলা অতি জৰুৰী। এই নিয়ম মতে এটি বিজুলী দেখাৰ পৰা ১ ৰ পৰা ৩০ লৈ সংখ্যা গণনা কৰিব লাগে। যদি বিজুলী দেখাৰ পৰা সংখ্যা গণনা কৰা শেষ নৌহওঁতেই ঢেৰেকনিটো আহিছে তেন্তে জানিব যে এই পৰিঘটনা আপোনাৰ ওচৰে পাজৰে হৈছে আৰু হবলৈ গৈ আছে। সেয়ে নিৰাপদ স্থানত অৱস্থান কৰা অতি জৰুৰী। আৰু বিজুলী দেখাৰ পিছত যদি সংখ্যা গণনা কৰি কৰি ৩০ শেষ হোৱাৰ পিছতহে ঢেৰেকনি  আহে তেন্তে ঢেৰেকনি  আপোনাৰ ওচৰে পাজৰে নহয় ই বহুত দূৰৈত হৈছে। আৰু ঢেৰেকনিৰ আশংকা শেষৰ ঢেৰেকনি শেষ হোৱাৰ আধাঘণ্টা সময়লৈ কৰি আশ্ৰয় স্থানতে থাকক।

৪) যদিহে মুকলি ঠাইত বিজুলী ঢেৰেকনি  পাই গল প্ৰথম কাম হল নিৰাপদ স্থান বিচৰা যদিহে পোৱা নাই তেন্তে হাউলি দিলে বা বাগৰি দিলে কিছু বিপদৰ আশংকা কমিব কিন্ত বিপদ শেষ নহয়। যদিহে নিৰাপদ স্থান বিচাৰি হাবাথুৰি খাইছে তেন্তে তলৰ পন্থা অৱলম্বন কৰক।

ক) যদিহে ওখ ঠাই বা পাহাৰত, পৰ্বতত বা চিৰিত উঠি আছে তললৈ নামিবলৈ যত্ন কৰক।

খ) মাটিত পেট পেলাই শুই নপৰিব। মাত্ৰ তলমূৰ কৰি আগফালে হাউলি দিয়ক আৰু দুয়োখন হাতেৰে কান ঢাকি ধৰক।

গ) সৰু ডাঙৰ গছৰ তলত নাথাকিব। ইমান দূৰৈত থাকিব যিমান গছডাল দীঘল।

ঘ) নদী, পুখুৰী , কুৱা বা জলাশয়ৰ স্পৰ্শত নাথাকিব।

ঙ) বিদ্যুৎ পৰিবাহী যিকোনো বস্তুৰ পৰা দূৰৈত থাকিব ।

৫) যদিহে ঘৰৰ ভিতৰতে আছে তেন্তে জানিব আপুনি ২/৩ অংশহে নিৰাপদ। আৰু ১/৩ অংশ বিপদৰ শংকা তেতিয়াও থাকিব। বিজুলীৰ সময়ত সেয়ে ঘৰৰ ভিতৰত থাকিলেও এই সতৰ্ক বাণী অৱলম্বন কৰক :-

ক) গা নুধুব, পানীৰ বেচিন আৰু টেপ ব্যৱহাৰ নকৰিব। কাৰণ বিজুলী পানীৰে পৰিবাহিত হয়।

খ) সকলো ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ নকৰিব। টিভি আৰু ৰেডিওৰ ৰিচিপতাৰ চিষ্টেমত বিজুলী প্ৰবাহিত হয়।

গ) লেণ্ডলাইন ফোন আৰু কৰ্ডেদ ফোন ব্যৱহাৰ নকৰিব। কিন্তু চেলুলাৰ ফোন আৰু মোবাইল ফোনে কোনো সমস্যাৰ সৃষ্টি নকৰে।

ঘ) পকীঘৰৰ মজিয়াত খালি ভৰিৰে নাথাকিব আৰু শুই নপৰিব আৰু ঘৰৰ বেৰত আউজি নাথাকিব। কাৰণ সেই ঘৰটোত বিজুলী পৰিলে এই পকীবোৰৰ ভিতৰৰ লোৰে বিজুলী পৰিবাহিত হৈ ক্ষতি হব পাৰে।

ঙ) যদিহে গাড়ীৰ ভিতৰত আছে তেনেহলে খিৰিকি বন্ধ কৰি গাড়ীখন স্টাৰ্ট অফ কৰিবলৈ নাপাহৰিব।

এজন ঢেৰেকনিত আঘাতপ্ৰাপ্ত ব্যক্তিক কেনেকৈ সহায় কৰিব?

বিজুলী ঢেৰেকনি পৰি আঘাত পৰা লোক এজন পৰি বা ঠিয় হৈ যেনেকৈয়ে থকা নেদেখক বা মৃত্যু হোৱা যেন লাগিলেও ওচৰৰে এক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰক। কিছু লোকৰ ভুল বিশ্বাস থাকে যে আঘাত প্ৰাপ্ত লোকজনক চুলে তেৱোঁ বিজুলী স্পৃত্য হব সেয়া একেবাৰে মিছা। সেয়েহে লোকজনক নিৰাপদ স্থানলৈ আনি তাৰ পিছত CPR পদ্ধতি অৱলম্বন কৰি তেওঁৰ হৃদযন্ত্ৰ , হাওফাঁওক পুনঃ সক্ৰিয় কৰি তুলিবলৈ যত্নপৰ হওঁক। তলত এই CPR পদ্ধতিৰ ভিডিঅ দিয়া হ’ল 👇👇

 

আৰু লগে লগে চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *