কোন সময়ত কি খাদ্য খোৱা হানিকাৰক ??

  ভাত খোৱাৰ উত্তম সময় কেতিয়া ? চাহ কফি কেতিয়া খাব ? গাখীৰ খোৱাৰ উত্তম সময় ? ফলমুল খালীপেটত খাব লাগেনে ?

  ভাত হৈছে উচ্চ কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য। ভাত কেতিয়া খাব লাগে এই বিষয়ত বিভিন্ন পুষ্টি বিশেষজ্ঞৰ মতামত ভিন্ন। ভাত খোৱাৰ উত্তম সময় বুলি কবলৈ হ’লে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰাৰ পিছত পেটত ভোক অনুভৱ হয় আৰু এই সময়ত এজন লোকক এনে এসাজ খাদ্যৰ প্ৰয়োজন হয় যিয়ে প্ৰায় ৬-৮ ঘণ্টাৰ বাবে দেহত শক্তিৰ যোগান ধৰিব পাৰে। সেয়ে এই সময়তে ভাত খোৱা এটি উত্তম সময়।

 

RICE SHOULD NOT BE EATEN BEFORE SLEEP AT NIGHT

  দিনৰ ভাগত এজন লোক বিভিন্ন কৰ্মত নিয়োজিত হয় আৰু এই সময়ত দেহত প্ৰয়োজন হয় যথেষ্ট পৰিমানৰ শক্তিৰ। সেয়ে দিনৰ ভাগত ভোক লাগিলে এবিধ শক্তিবৰ্ধক খাদ্য হিচাপে আপোনাৰ প্ৰথম পছন্দ ভাত হ’লে কোনো ভুল নহয়।

 

BEST TIME TO EAT RICE IS JUST AFTER HALF HOUR OF BREAKFAST AND DAY TIMESTOMACH TAKES 30 TO 60 MINITE TO DIGEST PLANE RICE

  এই দুয়ো সময় ভাতৰ বাবে উত্তম এইবাবেই যে মানুহে অকল ভাতেই নাখায় ভাতৰ লগত থাকিব পাৰে মাছ, মাংস, কণী, চবজি পাচলি, ডাইল আদি। অকল ভাতেই খালে ইয়াক পাকস্থলীয়ে খুব কম সময়তে ৩০-৬০ মিনিটৰ ভিতৰতে হজম কৰি লব পাৰিলেহেঁতেন। কিন্তু ভাতৰ লগত খোৱা ব্যঞ্জন সমূহ পাচন কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। যেতিয়া এই খাদ্য দিনৰ কামৰ ব্যস্ততাৰ সময়ত খোৱা হয় তেতিয়া ইয়াৰ বিপাক ক্ষিপ্ৰতৰ হয় আৰু খাদনলীত “আম পাচন” ( Indigestion ) হ’বলৈ সুবিধা নাপাই। কাৰণ এই ‘আম” হৈছে পেটৰ নানান ৰোগৰ কাৰক।

  কিন্তু ৰাতিৰ ভাগত ভাত খোৱা অতি উত্তম নহয়। কিয়নো ৰাতিৰ সময়ত সকলো মানুহ শুই যায় আৰু টোপনিৰ সময়ত দেহৰ বিপাকীয় কাৰ্য্যসমূহৰ গতি হ্ৰাস হয়। সেয়ে এই সময়ত কম পৰিমাণে কাৰ্বহাইদ্ৰেট, প্ৰটিন আৰু চৰ্বী থকা খাদ্য গ্ৰহণ কৰা উত্তম। সেয়ে এয়া আহাৰ গ্ৰহণ কৰিলেও কমে টোপনিৰ দুই ঘণ্টা আগতে কৰিব লাগে। ৰাতিৰ ভাগত বেছিকৈ ফাইবাৰ সমৃদ্ধিশালী খাদ্য গ্ৰহন উত্তম। টোপনিৰ আধাঘন্টা আগত মাত্ৰ ২০০ কেলৰি পৰিমাণৰ খাদ্যই উত্তম।

  ২) ফল-মূল :- বিভিন্ন গৱেষণাৰ অন্তত এই কথা প্ৰকাশ পাইছে যে ফলমুল গুৰু ভোজন কৰাৰ কমেও এঘণ্টা আগতে বা এই ভোজনৰ কমেও দুঘন্টা পিছতহে খাব লাগে। এই সময় চোৱাত ফল-মূল খালে ফলমুলত থকা ভিটামিন, মিনাৰেল সমূহ দেহত বেছিকৈ শোষণ হয়।

 

BEST TIME TO EAT FRUIT IS JUST AFTER TAKING A GLASS OF WATER IN THE MORNING IF HE HAS NO ACIDITY PROBLEM

 ফল-মূল খোৱাৰ আটাইতকৈ উত্তম সময় হৈছে ৰাতিপুৱা শুই উঠি এগিলাচ পানী সেৱন কৰাৰ পিছত যদিহে লোকজনৰ গেছৰ সমস্যা নাই। আৰু তাৰ কমেও এঘন্টা পিছত গুৰু ভোজন কৰিব লাগে। এনে কৰিলে এই গুৰু ভোজনো ভালদৰে বিপাক হ’ব কিয়নো ফল-মূল খোৱাৰ সময়ত খাদ্যনলীত ক্ষৰণ হোৱা উৎসেচক সমূহেও এই গুৰু আহাৰ পাচনত সহায় কৰিব। আৰু ৰাতিপুৱা নোৱাৰিলে দুসাজ গুৰু ভোজনৰ মাজৰ সময়ত ফল-মূল সেৱন কৰা ভাল কিন্তু ভোজনৰ পিছতে বা লগে লগে নহয়।

  ৩) চাহ আৰু কফি :- কফি আৰু চাহত এক বিশেষ পদাৰ্থ কেফেইন থাকে যিয়ে দেহত শক্তি যোগান ধৰে, পচনতন্ত্ৰক সক্ৰিয় কৰে। আকৌ এই কেফেইনে বহুলোকৰ এচিদিটি বঢ়াই তুলিব পাৰে কিয়নো ইয়াৰ গুণ আম্লিক।

BEST TIME TO TAKE COFFEE IS JUST AFTER TAKING A GLASS OF WATER IN THE MORNINGNEVER TAKE COFFEE IN EMPTY STOMACH

 

সেয়ে এই চাহ কফি শুই উঠিয়ে নহয়, এগিলাচ পানী সেৱনৰ পিছত খোৱাহে উত্তম। লগতে এই চাহ কফি দিনৰ ভাগটো খাদ্য খোৱাৰ পিছতহে গ্ৰহণ কৰা উত্তম। চাহ কফি টোপনিৰ আগত খালে চেনী বিনা খাব লাগিব নহলে টোপনিৰ সমস্যা হ’ব।

DONT TAKE TEA IN EMPTY STOMACHBEST TIME TO DRINK TEA IS JUST AFTER HEAVY MEAL

 

  ঠিক তেনেদৰে গ্ৰীণটি বিধো খালীপেটত খোৱা ও অনুচিত কিয়নো এই টিত টেনিন নামৰ পলিফেনলছ থাকে যিয়ে পেটৰ বিষ, বমি ভাব আৰু পেট জ্বলা সমস্যাৰ সৃষ্টি কৰিব।

NEVER TAKEGREAN TEA IN EMPTY STOMACH

 এই চাহ দুই ভোজনৰ মাজৰ সময়ত বা ভোজনৰ পিছত লোৱা উত্তম সময়। ৰক্তহীনতা সমস্যাত ভোগা লোকে ভোজনৰ লগে লগে এই চাহ সেৱন কৰিলে ভোজনৰ পৰা আইৰণ বেছিকৈ শোষণ বেছি হয়।

  ৪) গাখীৰ :- আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি গাখীৰ ৰাতিপুৱা খোৱাৰ বাবে উপযোগী নহয় কিয়নো ইয়াক পাচন কৰিবলৈ বেছি সময় লাগে আৰু গাখীৰ সেৱনে টোপনিৰ আসক্তি বঢ়াই। সেয়ে আয়ুৰ্বেদ শাস্ত্ৰত শিশুয়ে গাখীৰ ৰাতিপুৱা আৰু পূৰ্ণ বয়স্ক লোকে ৰাতি শুবৰ সময়ত খোৱাৰ পোষকতা কৰিছে।

BEST TIME TO DRINK MILK IS BEFORE SLEAP

 আনহাতে আধুনিক স্বাস্থ্য বিজ্ঞানৰ মতে গাখীৰত এবিধ এমিন এচিড “তৃপ্তফেন” থাকে যিয়ে ভাল টোপনি আনে বুলি প্ৰমাণিত সেয়ে গাখীৰ ৰাতি আহাৰৰ সৈতে খোৱাৰ পোষকতা কৰিছে। কিন্ত গাখীৰৰ সৈতে ভিটামিন C সমৃদ্ধ খাদ্য যেনে নেমু, সুমথিৰা, কল আদি খাব নালাগে কিয়নো ভিটামিন C য়ে গাখীৰৰ পাচন পলম কৰে।

 

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *