WHITE SUGER HAS NO REQUIRMENT IN HUMAN BODY

মানব দেহত এচামুচ নহয় এটি বিন্দুৰো প্ৰয়োজন নাই বগা চেনী

চেনী খাওঁ কিন্তু দেহক চেনীৰ প্ৰয়োজনে নাই, বৰং ক্ষতিহে কৰে এই চেনীয়ে!!

  চেনী সাধাৰণতে ভাগ কৰিলে দুই ধৰণৰ এবিধ হৈছে প্ৰাকৃতিক চেনী যিবোৰ ফলমূল, শাক চবজি, গাখীৰ আদিত পোৱা যাই,খালে অকনমান মিঠা মিঠা লাগে আৰু মিঠা লাগিলেও  যিয়ে দেহত কোনো ক্ষতি নকৰে বৰং উপকাৰ হে সাধে।  আনবিধ কৃত্ৰিম চেনী যাক বগা চেনী বা আমি দানা চেনী বুলি কওঁ।

 

  SUGAR KILLS HUMAN BY ADVERSE EFFECTWHITE AND REFINED SUGER BAD FOR HUMAN HEALTH

শুনি আচৰিত হ’ব যে এই চেনীৰ মানৱ দেহত কোনো প্ৰয়োজনেই নাই। বৰং এই চেনীয়ে দেহত বিভিন্ন স্বাস্থ্য অপকাৰ সাধে।

প্ৰথমে জানিব লাগিব এই বগা চেনী কেনেকৈ প্ৰস্তুত কৰি তোলা হয়। কুঁহিয়াৰ নাইবা বিত চুগাৰ চেপি ৰস

SUGER IS PREAPARED FROM SUGERCANE AND SUGER BEET

  উলিয়াই তাক “ক্ৰিষ্টেলাইজেচন” কৰা হয় তাৰ পিছত গোট মাৰিবলৈ “চেন্ত্ৰীফিউছ” কৰা হয়। (এই দুয়োবিধ যদিহে কোনো প্ৰযুক্তিবিদ্যাৰ ভিতৰত পৰিব নিদিয়াকৈ খাব পাৰো অপকাৰ নাই) তাৰ পিছত ফিলতাৰ কৰি মল ( মল পৃথক কৰিলেহে ই বগা হ’ব)  সমূহ পৃথক কৰিবলৈ কেবাটাও পদ্ধতি অৱলম্বন কৰাৰ পিছতহে এই দানা আকৃতিৰ বগা চেনী ওলাই আহে।

ADDED SUGER MENIFEST ILLNESS IN HUMAN

  তাৰ পিছতে এই দানা ৰিফাইন পদ্ধতি ব্যৱহাৰ কৰি বগা কৰা হয়। যি প্ৰক্ৰিয়াত কেইবাবিধ ৰাসায়নিক দ্ৰব্য ব্যবহাৰ কৰা হয় বিষাক্ত দ্ৰব্য ক্ৰমে ছালফাৰ ডাই অক্সাইড, ফচফৰিক এচিড । লগতে কেলচিয়াম হাইদ্ৰক্সাইড আৰু একটিভটেড কাৰ্বন।

 এই ছালফাৰ কিমান বিষাক্ত দ্ৰৱ্য জানি আচৰিত হ’ব। এই ছালফাৰ ডাই অক্সাইডৰ  দ্বাৰা পৰিবেশ প্ৰদূষণ হ’লে উশাহৰ কষ্ট হ’ব, হাওফাঁওৰ ৰোগ হ’ব আৰু যদি অধিক মাত্ৰাত প্ৰদূষণ হয় এচিড বৰষুণ হ’ব পাৰে। আৰু এচিদ বৰষুণ হলে কি নহব কৈ শেষ কৰিব নোৱাৰি।

 ফচফৰিক এচিড পোনপটীয়াকৈ যদি খোৱা যায় তেন্তে মুখ , ওঁঠ, খাদ্যনলী পুৰিব। চকুৰ খজুৱতি হ’ব আৰু ছাল ফাটি যাব।

 কেলচিয়াম হাইদ্ৰক্সাইড ৰ বেছি সংস্পৰ্শলৈ আহিলে চকু, ছালৰ খজুৱতি হয়, শ্বাস প্ৰশ্বাসৰ সমস্যা হয়।

    এতিয়া জানক আচল কথা আমি যি বগা দানা আকৃতিৰ কৃত্ৰিম আৰু ৰিফাইন চেনী সেৱন কৰোঁ সেয়া অনৰ্থক আৰু মাত্ৰ আমাৰ মুখৰ জুতিৰ বাবেহে। কিয়নো এই শ্রেণীৰ বিন্দুমাত্ৰা ও প্ৰয়োজন নাই মানৱ দেহত। আমাৰ দৈনন্দিন খাদ্য সম্ভাৰত যি চেনী অৰ্থাৎ কাৰ্বহ্যড্ৰেট প্ৰাকৃতিক ভাবে পাওঁ সেয়াই দেহৰ বাবে যথেষ্ট। বৰং অতিৰিক্ত কৃত্ৰিম চেনী সেৱনে স্বাস্থ্যৰ বিৰূপ প্ৰতিক্ৰিয়া কৰি যথেষ্ট অপকাৰ সাধিব। 

আৰু পঢ়ক

তলত ক্লিক কৰক ,,

কোন সময়ত কি খাদ্য খোৱা হানিকাৰক ??

কি অপকাৰ হয় জানক :- 

১) হৃদযন্ত্ৰৰ ওপৰত কুপ্রভাব : – প্ৰত্যক্ষভাবে এই দানা চেনী আৰু চেনী দিয়া খাদ্য সেৱনে হৃদয়ৰ ওপৰত কি কুপ্রভাব পেলাই এতিয়াও গৱেষণাৰ বিষয় হৈয়ে আছে।

SUGER ADDED FOOD ALSO INCREASES DIABETES

  কিন্তু পৰোক্ষভাৱে, চেনী সেৱনে হৃদযন্ত্ৰক ক্ষতি কৰে বুলি বিভিন্ন গৱেষণাত প্ৰকাশ হৈছে। কিয়নো এই অতিৰিক্ত চেনী খোৱাৰ পিছত এই চেনী ভাগ লিভাৰে বিপাক কৰি চৰ্বীলৈ ৰূপান্তৰ কৰি লিভাৰত জমা কৰিব যেনেদৰে এলকহল আৰু প্ৰাকৃতিক কাৰ্বহ্যড্ৰেটৰ বিপাক হয়। এনেদৰে এই চৰ্বী বাঢ়ি গৈ ফেঁটী লিভাৰ হ’ব আৰু এই ফেঁটী লিভাৰ হৈছে ডায়েবেটিচ ৰোগ আৰু হৃদৰোগৰ কাৰক।

২) অতিৰিক্ত কৃত্ৰিম চেনী সেৱনে দেহত ৰক্তচাপ বৃদ্ধি কৰে যেনেকৈ অতিৰিক্ত নিমখ সেৱনে ৰক্তচাপ বঢ়াই। চেনী সেৱনে দেহৰ কোষ ইনফ্লেমেচন কৰে । এই ইনফ্লেমেচন আৰু উচ্চ ৰক্তচাপ উভয় হৃদৰোগৰ কাৰক।

৩) দেহৰ ওজন বঢ়াই এই চেনী সেৱন কৰিলে যাক obesity কোৱা হয় যাৰ ফলত ডিপ্ৰেছণ হব পাৰে, ডিমেনচিয়া হব পাৰে আৰু কেইবাবিধ কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়িব।

৪) পৰোক্ষ ভাবে কিডনী আৰু অগ্নাশয় গ্ৰন্থিত কুপ্রভাব পেলাব। কিয়নো এই চেনী সেৱনে তেজত ট্ৰাইগ্লিচাৰিদ বঢ়াই হৃদৰোগৰ সম্ভৱনা বঢ়াই।

৫) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয় এই ৰিফাইন চেনী বা দানা চেনী সেৱন কৰিলে। কিয়নো বহু বেক্টেৰিয়া আৰু ভেঁকুৰৰ খাদ্য হল চেনী।

৬) ৰিফাইন চেনী সেৱনৰ ফলত দেহত এবিধ মিনাৰেল ক্ৰমিয়াম ৰ অভাৱ হয়। যি ক্ৰমিয়াম তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে ফলত ডায়েবেটিচ ৰোগ হোৱাত অৰিহণা যোগাই এই চেনীয়ে।

৭) ৰিফাইন চেনী সেৱনৰ ফলত দেহ সোনকালে বুঢ়া হয়। চেনী সেৱনৰ ফলত তেজত চেনীৰ পৰিমাণ বৃদ্ধি হয় আৰু এই চেনী গ্লাইচেতিন প্ৰক্ৰিয়াৰে প্রতিনৰ লগত সংযোগ হয় আৰু এই চেনী সংযুক্ত প্ৰটিনে দেহৰ কোষ আৰু কলা সমূহৰ স্থিতিস্থাপক গুণ নাইকিয়া কৰি অংগ প্ৰতঙ্গক বুঢ়া কৰি তোলে।

৮) দাঁতৰ সংস্পৰ্শলৈ আহিলে এই চেনী দাঁতৰ বেয়া গোন্ধ ওলাই। দাঁত মুখৰ দুৰ্গন্ধ উলিয়া প্ৰথম খাদ্য হল ৰিফাইন চেনী।

ইয়াৰ উপৰিও এই চেনীৰ আৰু বহুত স্বাস্থ্য অপকাৰ আছে । আগলৈ…….

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *