EXCELLENT HOME APPLIANCES CLEANING TIPS

 ব্যৱহাৰ কৰি কৰি  লেতেৰা হৈ পৰা ফনিখন এনেদৰে পৰিষ্কাৰ কৰক

 ব্যৱহাৰ কৰি কৰি  লেতেৰা হৈ পৰা ফনিখন এনেদৰে পৰিষ্কাৰ কৰক:-

   নতুন ফনিখন কিনি আনি কিছুদিন ব্যৱহাৰ কৰাৰ পিছতে ফনিখনৰ দাঁতবোৰৰ মাজে মাজে কিছু কলা কলা লেতেৰা জমা হৈ পৰে ।

Beautiful lifestyle habits

Healthy lifestyle tips

 আৰু যদিহে এই ফনিখন বহুজনেই ব্যৱহাৰ কৰিছে তেন্তে এই লেতেৰা সমূহত কিছু ৰোগৰ বীজাণুও জমা হৈ থাকিব পাৰে। যদিহে ব্যৱহাৰ কৰা কাৰোবাৰ মূৰত “চেবৰহিক দাৰমাটাইটিছ” বা উফিৰ সমস্যা আছে তেন্তে এই ৰোগ আন ব্যৱহাৰৰ কাৰী জনৰ মুৰলৈ নিশ্চিত ভাৱে বিয়পি যাব। আৰু যদিহে এই ব্যৱহাৰ কৰা কোনোবাই চুলিত ৰং খানে তেন্তে এইখন চাব নোৱাৰাকৈ কলা হৈ পৰিব। সেয়ে সময়ে সময়ে এই ফনিখন পৰিষ্কাৰ কৰি থকা নিত্যান্তই প্ৰয়োজন। আৰু তলত দিয়া দিহাৰে আপুনি অতি সহজে কোনো কষ্ট নকৰাকৈ পৰিষ্কাৰ কৰক এই লেতেৰা ফনিখন।

ক্লিক কৰি আৰু পঢ়ক 👇👇

চশমা নিপিন্ধাকৈ দৃষ্টিশক্তি এশ শতাংশই ৰাখিব কেনেকৈ?

  এটা কেৰাহীত ফনিখন বা ফনি কেইখন ডুব যাব পৰাকৈ পানী লৈ পানীখিনি গৰম হৈ উতলিবলৈ দিয়ক।

Lifestyle changing tricks

এই উতলি থকা পানীখিনিত এতিয়া এক চামুচ বেকিং চদা আৰু  ভীম লিকুইড চাৰিচামুচ দি ফনিখন বা ফনিকেইখন ডুবাই দি পুনৰ তিনি চাৰি মিনিট উতলিবলৈ দিলে দেখিব ফনিখনৰ দাঁতৰ ভিতৰত জমা হৈ থকা লেতেৰাবোৰ আঁতৰি গৈ পানীখিনি লেতেৰা লেতেৰা দেখা হৈ পৰিছে।

Process demostration of cleaning comb by boiling

  মাত্ৰ পানীখিনি উতলি থকা সময়ত এখন হেতাৰে ফনিখন তল উপৰ কৰি দিবলৈ নাপাহৰিব। আৰু ইয়াৰ পিছতে জুইকুৰা নুমাই ফনিখন গৰমে গৰমে বেচিনৰ পানীত ধুই দিয়ক দেখিব ফনিখন সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ পৰিছে

Healthy lifestyle tips

 আৰু এয়া দেখি আপোনাৰ মুখত এটি মিঠা হাঁহি বিৰিঙিছে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *