FOODS THAT BOOST EYESIGHT

চশমা নিপিন্ধাকৈ দৃষ্টিশক্তি এশ শতাংশই ৰাখিব কেনেকৈ?

কেনেকৈ বৃদ্ধা অৱস্থালৈ চশমা ব্যৱহাৰ নকৰাকৈ দৃষ্টিশক্তি এশ শতাংশই অটুট ৰাখিব!!

এই ধুনীয়া পৃথিৱীৰ ধুনীয়া অবয়ব বোৰ চাবলৈ তাক উপভোগ কৰিবলৈ আছে এযোৰ ধুনীয়া চকু। যেতিয়ালৈ এই চকুযুৰি সুন্দৰ আৰু পৰিপক্ক হৈ থাকে তেতিয়ালৈ সকলো ঠিকে থাকে কিন্তু যদিহে এই চকুহালৰ দৃষ্টিশক্তি কমি যায় তেতিয়াই লাগে ডাঙৰ কণা।

food boosting eyesight

দৈনন্দিন জীৱনৰ ক্ৰিয়া শৈলী , জীৱন যাপনৰ ব্যৱস্থাৰ বহু ক্ৰুটিৰ ফলত এই দৃষ্টিশক্তি বহুতৰে লোপ পোৱা দেখা যায়। যেনে ধৰক দৈনিক কম্পিউটাৰৰ কামত নিয়োজিত হোৱা, কম পোহৰত পঢ়া শুনা কৰা, বেছিকৈ টিভি চোৱা, খাদ্যত চকুৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰৱ্যৰ অভাৱ, বিভিন্ন পৰজীবিৰ দ্বাৰা চকুত ৰোগৰ সংক্ৰমণ, দেহত ইতিমধ্যে সংঘটিত অইন ৰোগৰ উপসৰ্গ হিচাপে দৃষ্টিশক্তি ৰ ক্ষতি আদি, পৰিৱেশৰ প্ৰদূষণৰ পৰা হ’ব পৰা চকুৰ ক্ষতি ৰোধ কৰিবলৈ বাৰুকৈয়ে প্ৰয়োজন এই চকুযুৰিৰ কিছু যত্ন লোৱাৰ।

tips that boost eyesight

 বিভিন্ন গৱেষণাত প্ৰকাশ যে চকুৰ দৃষ্টিশক্তি অটুট ৰাখিবলৈ হ’লে এই চকুযুৰিক যোগান ধৰিব লাগিব যথেষ্ট পৰিমাণৰ এন্টী অক্সিডেণ্ট, ভিটামিন C , ভিটামিন E, বিটা কেৰোটিন আৰু জিংক। দৈনিক ৫০০ মিলিগ্ৰাম ভিটামিন C, ৪০০ আই ইউ ভিটামিন E, ১৫ মিলিগ্ৰাম বিটা কেৰোটিন আৰু ৮০ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন বৃদ্ধ কাললৈ চকুৰ দৃষ্টিশক্তি এশ শতাংশ ই অটুট ৰাখিবলৈ।

FOODS THAT KEEP EYESIGHT EVERLASTING

তলত কেইবিধ মান ফলমুলৰ আৰু কিছু খাদ্যৰ বিষয়ে জনোৱা হৈছে যিসমূহত চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা পোষক দ্ৰৱ্য সমূহ প্ৰচুৰ পৰিমাণে পোৱা যায়।

১) মধুৰীআম ( GUAVA ) :-

Guava improves eye sight

একাপ মধুৰীআমত ৩৭৫ মিলিগ্ৰাম ভিটামিন C থাকে। ভিটামিন A আৰু ফলেটৰ পৰিমাণ যথেষ্ট থাকে এই মধুৰীআমত।

Eye sight increased food

২) কিবি ফল (KIWI FRUIT ) :- এই ফলত চকুৰ বাবে প্ৰয়োজনীয় যথেষ্ট পোষক দ্ৰব্য থাকে।  দুটা কিবি ফলত প্ৰায় ১২৮ গ্ৰাম ভিটামিন C পোৱা যায়।

KIWI FRUIT IMPROVES EYE SIGHT

লগতে এই ফলত ভিটামিন K প্ৰচুৰ পৰিমাণে থাকে।

৩) বেল :- পকা বেলত যথেষ্ট পৰিমাণে বিটা কেৰোটিন, ৰিবফ্লেভিন,

BILVA FRUIT IMPROVES EYE HEALTH

 ভিটামিন C , B1, B2, ঠিয়ামিন আৰু নিয়াচিন থাকে।

৪) মিঠা আলু (SWEET POTATO) :- এই আলুৰ আছে চকুৰ বাবে প্ৰয়োজন হোৱা

Sweet potato improves eye sight

 বহু পোষক দ্ৰৱ্য যেনে:- বিটা কেৰোটিন মানে ভিটামিন A আৰু E ।

৫) ব্লেক বেৰী (BLACK BERRY) :- এক কাপ এই ফলত প্ৰায় ৩৩ মিলিগ্ৰাম ভিটামিন C, 

Blackberry improves eye sight

১.৭ মিলিগ্ৰাম ভিটামিন E আৰু ১৮৪.৩ মাইক্ৰগ্ৰাম বিটা কেৰোটিন পোৱা যায়।

৬) কল (BANANA) :- প্ৰতিদিনে এটাকৈ কল খালে চকুৱে যথেষ্ট পৰিপুষ্টি পাব যিহেতু এই কলত যথেষ্ট পৰিমাণে বিটা কেৰোটিন থাকে।

Eating banana improves eye sight

  ফলমুলৰ দৰে আৰু কিছু খাদ্য সম্ভাৰৰো আছে চকুৰ দৃষ্টিশক্তি অটুট ৰাখিব পৰা পোষক দ্ৰব্য। গাজৰ, ঘন সেউজীয়া শাক পাচলি, কেপচিকাম, চৰ্বী থকা মাছ, হাহ কুকুৰাৰ মাংস আদিতো পোৱা যায় চকুৰ কোষ সমূহে পৰিপুষ্ট হ’ব পৰা পোষক দ্ৰব্য।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *