দাগৰে লেতেৰা দেখা প্লাস্টিক বাল্টি  মগ এনেদৰে চকচকীয়া কৰক !

ঘৰৰ দাগ লাগি লেতেৰা দেখা প্লাস্টিকৰ বাল্টি  মগ এনেদৰে চকচকীয়া কৰক :-

  গৃহিনী সকলে এনে সমস্যাৰ সন্মুখীন নিশ্চিত ভাবে হৈছে যে প্লাষ্টিকৰ বাল্টি টো ভালে আছে বা ব্যৱহাৰৰ উপযোগী হৈ আছে কিন্তু ইয়াৰ বাহিৰ ভাগত ইমানেই বেয়াকৈ দাগ পৰিছে যে মানুহে দেখিলে অলপ লাজ অনুভৱ হয়।

Excellent home aplliances cleaning solutions

  বহু বাৰ ইয়াক বিভিন্ন দিটাৰজেন্ট ঘঁহি মাজি ধুই এই দাগ নাইকিয়া কৰিব পৰা নাই অৰ্থত বাল্টিটো পৰিষ্কাৰ দেখা কৰি লব পৰা নাই। এই সমস্যাৰ বাবে আপুনি এই সহজ আৰু অতি সাধাৰণ দিহা অৱলম্বন কৰি বাল্টিটো চক চকীয়া হোৱাকৈ পৰিষ্কাৰ কৰি লব পাৰিব।

  Excellent home appliances cleaning ideaইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব এটি মিশ্ৰণ। এই মিশ্ৰণটো আপুনি ঘৰতে তৈয়াৰ কৰি লব পাৰিব।

  1) এটা বাটিত লওক  দুই চামুচ চাৰ্ফ, দুচামুচ লৱন, আধা চামুচ দাত ঘহা টুথপেস্ট। টুথপেস্ট যিকোনো কোম্পানীৰ হলেও হ’ব ।

Home appliances cleaning idea

 এতিয়া এই মিশ্ৰণটোত অকণমান পানী দি চামুচ খনেৰে বা হাতৰ আঙুলিৰে ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক।

নাইবা,

 2)  বেকিং চদা আধা কাপ আৰু সম পৰিমাণৰ ভিনেগাৰৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লওক।

Home appliances cleaning idea

ইয়াৰ পিছত আপোনাৰ ঘৰত থকা সেই কলা দাগ বা লেতেৰা দাগ পৰা প্লাষ্টিকৰ বাল্টি বা মগ যি আছে আৰু যিটোক চাফা কৰিম বুলি ভাবিছে সেইটো এখন বাচন মজা ষ্টীলৰ সেই ব্ৰাছ দালেৰে এফালৰ পৰা সহজে ঘঁহি যাব ।

আৰু জানক 👇

Healthy lifestyle tips

ক্লিক কৰক👇👇

 ব্যৱহাৰ কৰি কৰি  লেতেৰা হৈ পৰা ফনিখন এনেদৰে পৰিষ্কাৰ কৰক

 বাল্টিটোৰ ভিতৰৰ ভাগটো যদি লেতেৰা জমিছে ভিতৰৰ ভাগ ও একেদৰে ঘঁহি দিয়ক। তাৰ পিছত এই বাল্টিটো চাৰি পাছ মিনিট তেনেদৰে এৰি দি পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিয়ক দেখিব বাল্টিটোত কোনো ধৰণৰ দাগ বা লেতেৰা নাথাকিব আৰু ই চক চকীয়া হৈ পৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *