HOW TO CLEAN IRON POT EASILY AT HOME

কেৰাহী এনেদৰে চাফা কৰক নতুন হৈ যাব!আচৰিত হব লগা দিহা,

ঘৰৰ কলা পৰি যোৱা চৰুটি এই সহজ উপায়েৰে চকচকীয়া কৰক :-

  ঘৰৰ চৰু বা কেৰাহী বিভিন্ন ব্যঞ্জন ৰান্ধোতে ৰান্ধোতে ভালকৈ পৰিষ্কাৰ কৰি থাকিলেও ইয়াৰ তলৰ ভাগে নহয় ওপৰৰ ভাগতো কলা দাগ পৰি যায় ।

how to clean iron pot at homeiron and steel pot cooking curry

 গৃহিনীৰ বহু ইচ্ছা থাকিলেও, বহু যত্ন কৰিলেও, বহু ভীমবাৰ ঘঁহি থাকিলেও এই চৰুৰ কলা দাগ গুচি বগা নহয় হে নহয়। সেয়ে তলৰ এই সহজ উপায়েৰে কিন্তু আপুনি সহজতে গেৰাণ্টি সহকাৰে পৰিষ্কাৰ কৰি চক চকীয়া কৰি ল’ব পাৰে কেৰাহিটো।

আৰু পঢ়ক

World best engineer Krishna ক্লিক কৰক👇

জন্মাষ্টমীৰ শুভ সময় কেতিয়া ? জন্মাষ্টমীৰ আগতে কি কৰিলে ঘৰৰ মঙ্গল হব?

  প্ৰথমে যিটো চৰুৰ কলা দাগ আঁতৰাব লাগে সেইটো ভালদৰে ধুই লৈ আপোনাৰ গেছৰ চুলাটো জ্বলাই লৈ অলপ গৰম কৰি লওক। তাৰ পিছত কেৰাহীটোত আধাতকৈ বেছি পানী দি পানী খিনি উতলিবলৈ দি সেই পানীত এটা পিয়াজ কাটি দুফাল কৰি দিয়ক ।

vineger oil can clean steel coocking potVINEGER SALT AND LEMON JUICE CAN CLEAN COOCKING STEEL AND IRON POT

 লগত দুচামুচ বেকিং চদা আৰু এচামুচ নিমখ দি উতলিবলৈ দিয়ক। এই মিশ্ৰণ খিনিত এতিয়া দিয়ক চাৰি পাঁচ চামুচমান বগা ভিনেগাৰ। যদি ভিনেগাৰ নাথাকে তেন্তে ঘৰত পোৱা নেমুৰ ৰস চাৰি পাঁচ চামুচ ব্যৱহাৰ কৰিলেও হ’ব। মিশ্ৰণটো উতলি থকা সময়ত এখন কাঠৰ হেতাৰে কেৰাহীতোৰ চাৰিওফালে অৰ্থাৎ ওপৰৰ ভাগটো পানীখিনি বিয়পাই দিবলৈ নাপাহৰিব। আনকি কেৰাহীৰ ঠাৰি দুডাল সংযোগ হোৱা স্থানটো এই মিশ্ৰণ লগাই লগাই দিব।

  তাৰ পিছত পানীখিনি এটি প্লাষ্টিকৰ চৰিয়াত লৈ কেৰাহীৰ তলভাগটো মিশ্ৰণ খিনিত ডুবাই ৰাখক কিছু সময়। দেখিব কেৰাহীৰ কলা দাগ সমূহ লাহে লাহে ঢিলা হৈ পৰিছে। যেতিয়া পানীখিনিৰ গৰম কমি হাতেৰে চুব পৰা হ’ব তেতিয়া আপোনাৰ ঘৰতে থকা ষ্টীলৰ বাচন ঘঁহা ব্ৰাছডালেৰে এই মিশ্ৰণ লগাই লগাই গোটেই কেৰাহীটো এফালৰ পৰা সহজে ঘঁহক। বেছি বল প্ৰয়োগ কৰিব নালাগে সহজভাবে আনদিনা বাচন ঘঁহাৰ দৰে ঘঁহিলেই কেৰাহিটোৰ কলা দাগ সমূহ আঁতৰি আজি কিনি অনাৰ দৰেই নিশ্চিত ভাবে চকচকীয়া হৈ পৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *