HEALTHY DIABETIC FOOD AIR POTATO

কাঠ আলু কিয় ডায়েবেটিচ ৰোগীয়ে খাব পাৰে?? কি স্বাস্থ্য উপকাৰ আছে কাঠ আলুৰ ? কোনে খাব নালাগে এই আলু ?

  কাঠ আলু বা গছ আলু ইংৰাজীত AIR POTATO আমাৰ দেশ ভাৰত, ফিলিপাইন, ম্যানমাৰ, বাংলাদেশ আদিত যুগ যুগ ধৰি ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ হৈ আহিছে। কিয়নো এই কাঠ আলুত জৈৱ ৰাসয়নিক ভাবে বহুতো স্বাস্থ্য উপকাৰী পোষক দ্ৰব্য আছে। এই স্বাস্থ্য উপকাৰী পোষক দ্ৰব্যৰ উপৰিও ইয়াত কেইবাটাও বিশাক্ত দ্ৰৱ্য পদাৰ্থও থাকে যাক সংশোধন কৰি এই আলুবিধক খোৱাৰ উপযুক্ত কৰি তুলিব পাৰি। এইবিধ নাখালেও হয় যিহেতু ইয়াত বিষাক্ত দ্ৰব্য আছে কিন্তু খাব লাগে এই কাৰণেই যে সংশোধন কৰি খালে ইয়াৰ উপকাৰ বহুত।

AIR POTATO PREVENTS CANCER AND CHOLESTEROL

 এই আলুত থাকে কি ইযে ইমান উপকাৰী? :-

১০০ গ্ৰাম এই আলুত থাকে ৩৪ গ্ৰাম প্ৰটিন, কেলচিয়াম ৫০ গ্ৰাম , ভিটামিন A ১০০ আই ইউ, ক্ৰুদ প্ৰটিন ২.১৪%, চৰ্বী ০.৪৬ গ্ৰাম,

Air potato liver intoxication

ক্ৰুদ কেলচিয়াম ৩২ মিলিগ্ৰাম আৰু ক্ৰুদ ডায়েটেৰী ফাইবাৰ ১.৬৮ % ।

  ইয়াৰ উপৰিও এই আলুত এবিধ বিষাক্ত অস্বাস্থ্যকৰ দ্ৰব্য অক্সালিক এচিড, চায়েন’জেন মানে চায়েনাইড বিষ অতি নগণ্য, টেনিন, ফাইটেত ও  অতি কম পৰিমানে পোৱা যায়। অক্সালিক এচিড 1.8% পোৱা যায়।

 সেয়ে এই আলু লগে লগে খান্দি আনিয়ে খোৱাৰ বাবে উপযোগী নহয়। কেচাই কেচাই এই আলু খাব নালাগে। ৰান্ধি খাবলৈ হলেও গাত খান্দি উলিয়াই কমেও এসপ্তাহ ৰদত ৰাখিলে এই আলুৰ বিশাক্ত দ্ৰৱ্যৰ পৰিমান হ্ৰাস হয়। আকৌ ভালকৈ সিজাই ৰান্ধিলে অপোষক মানে বিষাক্ত দ্ৰৱ্যৰ পৰিমান অতি নগন্য হৈ পৰে।

 

Yam or air potato can cure cancer and obesity

 সেয়ে তৰকাৰী বনোৱাৰ আগত প্ৰথমে আলুখিনি সিজাই পানীখিনি পেলাই দিয়া উত্তম।

স্বাস্থ্য উপকাৰ :-

 

 ১) কাঠ আলুত বহু বেছি ডায়েটেৰী ফাইবাৰ থকা হেতুকে এই আলু খালে পেটৰ ৰোগ কোষ্ঠ্য কাঠিন্য দূৰ হয়। এই আলুই প্রাকৃতিক ভাবে পেট চাফা কৰে, গেছৰ সমস্যা দূৰ কৰিব পাৰে।

২) উত্তম কাৰ্বহ্যড্ৰেট আৰু প্ৰটিন সমৃদ্ধ এই আলু খালে তাৎক্ষণিক ভাবে দেহত শক্তি পোৱা যায়।

৩) তেজত ইনচুলিন হৰমনৰ মাত্ৰাত কোনো প্ৰভাৱ নপৰে এই আলু খালে। সেয়ে উচিত পৰিমানে সেৱন কৰিলে তেজৰ শৰ্কৰা বৃদ্ধি নহয় বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে।

৪) ভিটামিন C ৰ ভঁৰাল এই আলু সেই বাবেই দেহৰ ছালৰ সজীৱতা আনে এই আলু সেৱন কৰিলে।

৫) এই আলু সেৱন কৰিলে লিভাৰত জমা, খাদ্যনলী আৰু পাকস্থলীত জমা হোৱা টক্সিন সমূহৰ বিয়োজন হৈ নিষ্কাশন হয়।

৬) এই আলুৰ এন্টী ইনফ্লেমেটেৰী গুণ আছে সেয়ে আৰথ্ৰাইটিচ ৰোগীৰ, গাঁঠিৰ বিষ আৰু মাংস পেশীৰ বিষ হোৱা ৰোগীৰ বিষ আৰু ফুলা উপশম কৰে।

৭) ডায়েটেৰী ফাইবাৰ থকা হেতুকে দেহৰ অতিৰিক্ত ওজন হ্ৰাস হয় এই আলু খালে।

৮) তেজৰ অতিৰিক্ত কলেষ্টেৰল হ্ৰাস হয় এই আলু সেৱন কৰিলে।

HIGHER CHOLESTEROL LEADS TO HEART DISEASES, CARDIAC ARRYTHMEA AND STOKES

 এই আলু যদি এজন লোকে  ১০০ গ্ৰাম কৈ এমাহ সেৱন কৰে তেওঁৰ ৬% কলেষ্টেৰল কমিব বুলি গবেষণাত প্ৰকাশিত তথ্য।

৯) পেটৰ পেলু নিঃসৰণ হয় এই আলু সেৱন কৰিলে।

১০) কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰা গুণ আছে বুলিও বিভিন্ন গবেষণাত প্ৰকাশ পাইছে।

১১) মহিলাৰ মেনপজৰ পিছত হোৱা সমস্যা বিশেষৰ সমাধান সূত্ৰ আছে এই আলুত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *