INDIAN PALMISTRY

হাতত চন্দ্ৰচিহ্নৰেখা থাকিলে গভীৰ প্ৰেম হয়!!বেকা-পোন হ’লে??

হাতৰ তলুৱাত চন্দ্ৰচিহ্নৰেখা আছে নেকি ? এয়া থকাৰ ৰহস্য কি??

  হস্তৰেখা বিজ্ঞানত ব্যক্তি এজনৰ হাতৰ ৰেখাবোৰ চাই তেওঁৰ স্বভাৱ আৰু বহুতো ৰহস্যময় কথা গম পোৱা যায়। দুয়োখন হাত লগ লগাই দিলে কিছুমান লোকৰ হাতত আধা চন্দ্ৰৰেখা দেখা যায়, আৰু কিছুমানৰ হাতত পূৰ্ণ চন্দ্ৰৰেখা দেখিবলৈ পোৱা যায়। দুয়োখন হাত জোৰা লগাই দেখা পোৱা আধা জোন ব্যাক্তিজনৰ বাবে বহুত মংগল জনক।

PALMISTRY CHART

  হস্তৰেখা বিজ্ঞানৰ মতে এই অৰ্ধ চন্দ্ৰৰেখা এক শুভ বার্তা বাহক চিন বুলি কোৱা হয়। যাৰ বাবে ব্যক্তিজনৰ জীৱনত বহুত লাভ হয়। হাতত দেখা পোৱা এই জোনৰ বহুকেইটা অৰ্থ আছে ।যিজন ব্যক্তিৰ হাত দুখন জোৰা লগালে চন্দ্ৰ আৰ্কতি ৰেখা দেখা যায় সেই ব্যক্তিগৰাকীয়ে সুন্দৰ আৰু ভাল জীৱনসংগী লাভ কৰে ।

HIDDEN FACTS OF HALF MOON LIKE HAND LINES

  হস্তৰেখা জ্যাতিষ বিদ্যাত হাতত থকা ৰেখাৰ দ্বাৰাই ব্যক্তি এজনৰ অতীত, ভবিষ্যতৰ লগতে বৰ্ত্তমানৰ বিষয়ে অনুমান কৰা হয়। কিন্তু হাতত থকা এই চন্দ্ৰৰেখা ক বহু লোকে চিনি পোৱাতহে ভুল কৰে ।

Half moon hand lines secrets

  এই ৰেখা হাতৰ বুধ পৰ্বতৰ তলৰ চুকৰ পৰা আৰম্ভ হৈ বৃহস্পতি আৰু শনি পৰ্বতক সামৰি যদি শেষ হয় তেতিয়া হে এই ৰেখাই অৰ্ধ চন্দ্ৰৰ আকৃতি লয়। আৰু যদি এই ৰেখা শনি গুৰু পৰ্বতৰ আগতে সমাপ্ত হয় তাক কেতিয়াও অৰ্ধ চন্দ্ৰ বুলি কোৱা নহয়। দুয়ো হাতত হৃদয় ৰেখা সৰু আঙুলিৰ পৰা আৰম্ভ হয়। দুয়োখন হাততে থকা এই ৰেখা জোৰা লগাই চালে যদি আধা জোনৰ আকৃতি দেখা পায় আৰু যদি ই গুৰু আৰু শনি পৰ্বতলৈকে স্পষ্ট ৰূপত আধা জোনৰ আকৃতিৰ সৃষ্টি কৰে সেইটোহে শুভ চিহ্নৰেখা।

  কিছুমান বিশেষ ব্যক্তিৰ হাততহে এই চিহ্নৰেখা থাকে। যি ব্যক্তিৰ হাতত থাকে তেওঁ বহুত আকৰ্ষণীয় আৰু ভাল স্বভাৱৰ হয়।

  এনে ব্যক্তিয়ে এই চিহ্নৰ প্ৰভাৱত তেওঁৰ বিপৰীত পৰিস্থিতিটো নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

  যিসকল ব্যক্তিৰ হাতত এই আধা জোনৰ ৰেখা চিহ্ন থাকে সেই ব্যক্তিয়ে বেলেগৰ পৰা নিজৰ ভাৱ- ভাৱনা, দুখ, অভাৱবোৰ লুকাই ৰাখিবলৈ চেষ্টা কৰে । নিজৰ দুখখিনি প্ৰকাশ কৰি আনক কষ্ট দিব নিবিচাৰে।

  যিসকল ব্যক্তিৰ হাতত এই অৰ্ধচিহ্ন ৰেখা থাকে সেই ব্যক্তিয়ে নিজৰ জীৱন সংগীক বহুত মৰম কৰে আৰু তেওঁলোকে যাক ভাল পাই গভীৰ ভাৱে ভাল পাই। প্ৰেমত কেতিয়াও প্ৰতাৰণা নকৰে।

  যিসকল ব্যক্তিৰ হাতত অৰ্ধচন্দ্ৰ ৰেখা থাকে তেওঁলোকৰ মগজু বহুত চোকা হয় আৰু স্মৃতি শক্তি প্ৰখৰ হয়। তেওঁ লোকে বহু পুৰণি কথা সহজতে মনত পেলাব পাৰে।

  আধা জোনৰ চিন থকা মানুহে শান্তি বহুত ভাল পায়। কিন্তু এওঁলোকৰ খুব সোনকালে খং উঠে যদিও সিমান সোনকালেই শান্তও হয়।

  এই চিনটো সকলোৰে হাতত থকাটো আৱশ্যক নহয়। বহুত মানুহৰ হাতৰ ৰেখা ভালদৰে লগ নহয়, কিন্তু সেইবোৰ ৰেখাৰো বেলেগ বেলেগ অৰ্থ থাকে। যিসকল ব্যক্তিৰ হাতত এই আধা জোনৰ চিন নাথাকে আৰু ৰেখাবোৰ পোন হয় তথাপিও তেওঁ এজন শান্ত ভাবে থকা ব্যক্তি হব পাৰে লগতে শান্তিৰে পৰিস্থিতি চম্ভালিব পৰা ক্ষমতাও থাকিব।

HIDDEN FACTS OF HAND LINES BEING STRAIGHT AND ANGULAR

  যদি দুয়োখন হাত জোৰা লগালে পোন ৰেখা সৃষ্টি হয় তেনে ব্যক্তি বোৰো বহুত শান্ত আৰু দয়ালু হয়। এওঁলোকে প্ৰতিটো কাম আৰামত কৰিব প্ৰচন্দ কৰে। কিন্তু এনে ধৰণৰ পোন ৰেখা থকা মানুহ খুব কম।

  দুয়োখন হাত জোৰা লগালে যদি ৰেখাবোৰ নিমিলে বা বেকা হোৱা দেখা যায় তেনে ব্যক্তি বিশেষৰ ও আছে ৰহস্য। তেনে লোকে নিজত কৈ বেছি বয়সৰ মানুহৰ সম্পৰ্ক ভাল পায়। মানুহে তেওঁলোকৰ বিষয়ে কি কৈছে কি ভাবিছে সেইবোৰক লৈ কেতিয়াও ভুক্ষেপ নকৰে। এনে ব্যক্তিবোৰ ও দায়িত্বশীল স্বভাৱৰ হয়।

Share it with:

1 Comment

  1. হাতৰ ৰেখা বিশেষ ধৰণৰ ৰহস্য জানি ভাল লাগিল
    মুৰ হাতৰ ৰেখা পুন | মুৰ বিষয়ে অলপ জনাব |

Leave a Reply

Your email address will not be published. Required fields are marked *