HEALTH BENIFITS OF FISH

মাছ খাওঁক ষ্ট্ৰকৰ পৰা বাছি থাকক !!

মাছ খাওঁক আৰু ষ্ট্ৰক হোৱাৰ পৰা বাছি থাকক:-

  আমিষভোজী লোকৰ এবিধ প্ৰিয় খাদ্য হ’ল মাছ। কিয়নো অতি সহজতে অতি কম সময়তে মাছৰ এক সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। তদুপৰি মাছৰ আছে বহুতো স্বাস্থ্য উপকাৰী গুণ। বিভিন্ন গৱেষণাত প্ৰকাশ যে সপ্তাহত অতি কমেও দুসাজ মাছ সেৱন কৰাটো স্বাস্থ্য ৰক্ষাৰ বাবে অতি প্ৰয়োজন।

HEALTH BENIFITS OF FISHFISH CURRY IMAGE

   কিয়নো মাছত থাকে খুব উচ্চ মানৰ প্ৰটিন, আইদিন, কেবাটাও ভিটামিন, এন্টী-অক্সিডেণ্ট আৰু বহুতো খনিজ লৱন। আৰু এই পোষক দ্ৰব্য সমূহ থকা বাবেই মাছ খালে পোৱা যায় বহুতো স্বাস্থ্য উপকাৰ। উপকাৰ সমূহ হ’ল:-

১) মাছ খালে টোপনি ৰ সমস্যা দূৰ হয়। কিয়নো মাছত পোৱা যায় যথেষ্ট পৰিমানে ভিটামিন D । এই ভিটামিন এ টোপনিৰ মান উন্নত কৰিব পাৰে।

২) ষ্ট্ৰক হোৱাৰ সম্ভাৱনা হ্ৰাস হয় মাছ সেৱন কৰিলে। গৱেষণাত প্ৰকাশ যে মাছ সেৱন কৰা লোকৰ ষ্ট্ৰক হোৱাৰ সম্ভাৱনা প্ৰায় ১৫% হ্ৰাস হয়। এয়া সম্ভৱ হয় মাছত থকা এবিধ এন্টী অক্সিডেণ্ট অ’মেগা ৩ ফেঁটী এচিডৰ বাবে।

৩) মাছ খালে শিশুৰ মগজু বিকাশ হয়।মাছৰ অন্য এবিধ লাখটকীয়া পোষক দ্ৰব্য হৈছে DHA অৰ্থাৎ দকছা হেক্সানৈক এচিড ( Docosahexanoic Acid ) । আৰু লগতে থাকে অ’মেগা ৩ ফেঁটী এচিড । এই DHA য়ে শিশুৰ মগজু বিকাশ কৰে আৰু চকুৰ দৃষ্টি শক্তি মজবুত কৰি ৰাখে। আনকি গৰ্ভৱতী অৱস্থাত মাতৃয়ে মাছ সেৱন কৰিলে গৰ্ভত থকা শিশুৰ মগজু বিকাশ হ’ব।

OMEGA 3 FATTY ACID AS HEALTH PROMOTER
OMEGA 3 FATTY ACID
DHA AS BRAIN BOOSTER
DOCOSAHEXANOIC ACID

৪) মাছ সেৱন কৰিলে বৃদ্ধাবস্থাৰ মগজুৰ ৰোগৰ আশংকা কমে। কিয়নো মাছত থকা DHA আৰু অ’মেগা ৩ ফেঁটী এচিডে মগজুৰ এক গুৰুত্বপূৰ্ণ অংশ গ্ৰেই মেটাৰ ( Grey matter) ক পৰিপুষ্টি প্ৰদান কৰিব। সেয়ে বয়সৰ লগত হোৱা মগজুৰ ৰোগ ১) দিমেনচিয়া ২) অলজেমাৰ ৰোগ আদিৰ আশংকা মাছ সেৱনৰ ফলত হ্ৰাস হয়। আনকি মানসিক চাপকো কমাব পাৰে।

৫) ডায়েবেটিচ ৰোগীয়ে খাব পাৰে মাছ । সপ্তাহত প্ৰায় ৩৪০ গ্ৰাম মাছ সেৱন কৰিলে উপকাৰ পাব ডায়েবেটিচ ৰোগীয়ে। কিয়নো মাছৰ এন্টী অক্সিডেণ্ট অ’মেগা ৩ ফেঁটী এচিড এ ইনচুলিন হৰম’ন ক্ষৰণ কৰা অগ্নাশয় গ্ৰন্থিৰ কোষবোৰক সতেজ কৰি হৰম’ন ক্ষৰণ তড়িৎ কৰিব পাৰে।

৬) শিশুৰ ৰোগ হাঁপানী ( Bronchial Asthma) ৰোগ প্ৰতিৰোধ হ’ব মাছ সেৱন কৰিলে। মাছ সেৱন কৰা শিশুৰ এই ৰোগ হোৱাৰ আশংকা প্ৰায় ২৪% হ্ৰাস হয়।

৭) গাঁঠিৰ বিষ ৰোগীৰ বাবেও লাভজনক মাছ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *