5 FOODS NOT FIT FOR HYPOTHYROID CONDITION

থাইৰয়ড সমস্যাত কিয় নাখাব এই খাদ্য! পিয়াজে বঢ়াই সমস্যা?

থাইৰয়ডৰ সমস্যা থাকিলে এই পাছবিধ খাদ্য ভুলতেও নাখাব :-

  থাইৰইড গ্ৰন্থিৰ পৰা তিনিটা থাইৰইড হৰম’ন TSH, T3 আৰু T4 ক্ষৰণ হয়। এই হৰমন সমূহে দেহৰ সকলো বিপাকীয় কাৰ্য্য ( METABOLISM) ৰ যত্ন লয়। সেয়ে এই হৰম’নৰ মানৱ দেহত নিয়ন্ত্ৰিত মাত্ৰাত থকা অতি প্ৰয়োজন। যদিহে তেজত এই হৰমনৰ মাত্ৰা পৰীক্ষাৰ পিছত বেছিকৈ ধৰা দিয়ে তাক চিকিৎসা বিজ্ঞানত হাইপ’থাইৰয়ডজিম বুলি কোৱা হয় আৰু কমকৈ ধৰা দিলে হাইপাৰথাইৰয়ডজিম বুলি অভিহিত কৰা হয়। আৰু এই হাইপ’থাইৰয়ডজিমৰ সমস্যাত জনজীৱনৰ প্ৰায় ৫% লোকেই জীৱনৰ বিভিন্ন স্তৰত ভোগে।

NORMAL ANATOMY OF THYROID GLANDNORMAL ANATOMY OF HYPOTHYROIDSM

এই হাইপ’থাইৰয়ডজিম দৈনিক ঔষধ সেৱনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি যদিওবা খোৱা খাদ্যৰ সৈতে ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক থাকে। কিছুমান খাদ্যভাগে এই সমস্যা বঢ়াই সেয়ে এনেবোৰ খাদ্য নোখোৱাই বা কমকৈ খোৱা লাভজনক। এই খাদ্য সমূহক গইত্ৰযেনিক ফুড ( Goitrogenic food) বুলি কোৱা হয়। কিয়নো এই খাদ্য সমূহে ঠাইৰদ গ্ৰন্থিৰ ক্ৰিয়া কলাপত ব্যাঘাত জন্মাই আৰু এই  থাইৰইড গ্ৰন্থীয়ে আয়দিন শোষণ কৰিব নোৱাৰা হয়। আৰু এই আয়োদিন নহ’লে থাইৰয়ড গ্ৰন্থীয়ে হৰমন ক্ষৰণ কৰাত অসমৰ্থ হব। তেনে খাদ্য সমূহ:-

১) ছয়াবিন ( Soyabin) :- অতি মাত্ৰাত প্ৰটিন সমৃদ্ধ এই খাদ্য গোটেই পৃথিৱীৰ লোকে সেৱন কৰে। ছয়াবিনৰ পৰা বনোৱা হয় আৰু কিছু খাদ্য যেনে ছয়াবিন তেল, ছয়া গাখীৰ, টফু আদি সুস্থ লোকৰ বাবে এয়া অতি উপকাৰী খাদ্য। কিন্তু হাইপ’থাইৰয়ডজিম ত ভোগা লোকৰ বাবে এয়া উত্তম খাদ্য নহয়। নানান অধ্যয়নত প্ৰকাশ যে ছয়াবিনত থাকে দুবিধ আইছ’ফ্লেভূনৈদচ :- ১) জেনীষ্টিন আৰু ২) দাইডজিন যিয়ে উৎসেচক থাইৰয়ড পেৰক্সিজিনক বাধা দিয়ে। যিটো উৎসেচক থাইৰয়ড হৰম’ন প্ৰস্তুত হবলৈ খুবেই দৰকাৰ। সেয়ে এই চয়াবিন হাইপ’থাইৰয়ডজিম থকা লোকে নোখোৱাই ভাল।

২) কেইবিধ মান পাচলি :- ব্রকলি , পালেং শাক, ফুলকবি আৰু ছালগুম আদি হাইপ’থাইৰয়ডজিম থকা লোকৰ বাবে অপকাৰী। কিয়নো এই পাচলি সমূহ খালে থাইৰয়ড গ্ৰন্থীয়ে আয়দীনক কামত লগাই হৰম’ন প্ৰস্তুত কৰাত অসমৰ্থ হয়।

VEGETABLES NOT FIT FOR HYPOTHYROID PATIENT

 ৩) গ্লুটেইন নামৰ প্ৰটিন বেছিকৈ থকা খাদ্য:- এইবোৰ হ’ল বাৰ্লি, ঘেঁহু আৰু ৰাই আদি। এই গ্লুতেন প্ৰটিন বেছিকৈ খালে হাইপ’থাইৰয়ডজিম ৰ চিকিৎসাত ব্যাঘাত হয়। কিয়নো এনেবোৰ খাদ্য খালে খাদ্যনলীয়ে এন্টী থাইৰয়ড দৰৱ শোষণ কৰিব নোৱাৰে।

৪) ফলমুল :- কেইবিধ মান ফলক যিবোৰ ৰোজেছাঁ বৰ্গৰ সেইবোৰক গৈত্ৰযেনিক ( goitrogenic fruit ) বুলি কোৱা হয় যিবোৰ খালে হাইপ’থাইৰয়ডজিম ৰ সমস্যা বেছিকৈ বাঢ়ে। সেইবোৰ হ’ল বাদাম, নাচপতি , চেৰী , এপ্ৰিকট আৰু ৰজবেৰী ষ্ট্ৰবেৰী আদি।

FRUITS NOT GOOD FOR HYPOTHYROIDSM

৫) পিয়াজ (onion) :- পিয়াঁজত দুটা ঘাই উৎসেচক দ্ৰৱ্য ১) কোৱাৰচেটিন আৰু প্ৰপাইল দাইচালফাইদ থাকে। ইয়াৰ কূৱাৰচেতিনে থাইৰপেক্সাইডেজত বাধা প্ৰদান কৰে আৰু প্ৰপাইল দাইচালফাইদ এ হেপাটিক ডিওডিনেজক বাধা প্ৰদান কৰে। আকৌ এই হেপাতিক ডিওডিনেজ নহলে থাইৰয়ড হৰমনে নিয়মিত ক্ৰিয়া কৰাত অসমৰ্থ হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *