SYMPTOMS OF HYPOTHYROIDISM

থাইৰয়ডৰ সমস্যা বুলি কেনেকৈ জানিব?

থাইৰয়ডৰ যে আপোনাৰ সমস্যা আছে কেনেকৈ বুজিব ??

   থাইৰয়ড হৰমন ডিঙিত থকা থাইৰয়ড গ্ৰন্থিৰ পৰা ক্ষৰণ হয়। এই গ্ৰন্থি ডিঙিৰ শ্বাস প্ৰশ্বাস নলীত এটী পখিলাৰ দৰে লাগি থাকে। এই গ্ৰন্থিৰ আটাইতকৈ দৰকাৰী কাম হ’ল হৰমন ক্ষৰণ কৰা আৰু এই ক্ষৰিত হৰমনক নিয়ন্ত্ৰণ কৰি ৰখা। এই থাইৰয়ড হৰমনৰ মুখ্য কাম হ’ল দেহৰ বিপাকীয় কাৰ্য্য সমূহ (metabolism) নিয়ন্ত্ৰিত কৰি ৰখা ।

SYMPTOMS HYPOTHYROIDISM

 এই মেটাবলিজিম হ’ল এক ক্ৰিয়া যাৰ দ্বাৰা খোৱা খাদ্য শক্তিলৈ ৰূপান্তৰ হয়। থাইৰয়ড গ্ৰন্থিয়ে ক্ষৰণ কৰা তিনিটা হৰমন T3, T4 আৰু TSH য়ে নিয়ন্ত্ৰিত কৰে দেহত কিমান শক্তি খৰছ হ’ব। সেয়ে যদি থাইৰয়ড হৰমন দেহত নিয়ন্ত্ৰণ হৈ থাকে দেহৰ পাক বিপাক আদি ক্ৰিয়া কলাপ ভাল দৰে চলি থাকিব।

    জানি আচৰিত হব যে প্ৰায় ১২.৫ শতাংশ লোকে নিজৰ জীৱনত এই হৰমন কম বা কেতিয়াবা বেছি হোৱা সমস্যাত ভুগিব পাৰে বা ভোগে। এই সমস্যাটো মহিলাৰ পুৰুষৰ তুলনাত আঠ গুণ বেছিকৈ হোৱা দেখা যায়। এই সমস্যাটো বয়সৰ লগত বাঢ়ি যায়।

  থাইৰয়ডৰ বেমাৰ এই হৰমন বেছিকৈ ক্ষৰণ হলেও হব বা কমকৈ ক্ষৰণ হলেও হ’ব। এই হৰমনৰ পৰিমাণ তেজত বেছিকৈ ধৰা পৰিলে তাক হাইপ’থাইৰয়ডিজিম ( HYPOTHYROIDISM) আৰু তেজত কমকৈ ওলালে তাক হায়পাৰথাইৰয়ডিজিম (HYPERTHYROIDISM) বুলি কোৱা হয়।

KNOW YOUR THYROID GLAND STATUS

তলত এই হৰমনৰ মাত্ৰা তেজত বেছি দেখালে হোৱা HYPOTHYROIDISM ৰ লক্ষণ দাঙি ধৰা হল:-

১) বেছিকৈ ভাগৰ লগা :- প্ৰায় ৫২ শতাংশ এই হৰমন তেজত বেছি দেখুৱা লোকে ভাগৰ ভাগৰ লগা অনুভৱ কৰে। আৰু ৪২ শতাংশ লোকে যথেষ্ট টোপনি মৰাৰ পিছতো টোপনি কম হোৱা অনুভৱ কৰি থাকে। সেয়ে জানিব কোনো কাৰণ নোহোৱাকৈ টোপনি টোপনি অনুভব কৰি থকাটো এই হায়প’থাইৰয়ডিজিম ৰ লক্ষণ নিশ্চিতভাবে হব পাৰে।

২) বেছিকৈ দেহৰ ওজন বাঢ়ি যোৱা। হায়প’থাইৰয়ডিজিমৰ ফলত দেহৰ BMR কমি যায়।
ফলত শৰীৰে যেতিয়া জিৰণি লয় তেতিয়া শক্তিৰ খৰছ কমকৈ হয় আৰু এই শক্তি চৰ্বী হিচাপে দেহত সঞ্চিত হৈ গৈ থাকে

৩) এনেই ঠাণ্ডা ঠাণ্ডা লগা। যিহেতু হায়প’থাইৰয়ডিজিমত দেহৰ BMR কমি যায় সেয়ে দেহত কমকৈ গৰম উৎপাদন হয়।

৪) হাত ভৰিৰ দূৰ্বল অনুভৱ কৰা আৰু বিষ বিষ অনুভৱ কৰা।

৫) বেছিকৈ চুলি সৰা। হায়প’থাইৰয়ডিজিম হ’লে চুলিৰ কোষ মানে ফলিকল বোৰৰ (Follicle) বোৰৰ পৰিপুষ্টি কম হয় ফলত শ্ৰীবৃদ্ধি কমি যায়। ২৫-৩০% চুলি সৰা সমস্যাত ভোগা লোকৰে থাইৰয়ডৰ সমস্যা পোৱা যায়।

৬) গাৰ ছালখনৰ খজুৱতি আৰু শুকান ভাব। এই থাইৰয়ড হৰমনে দেহৰ ছালক পৰিপুষ্টি দিয়ে। হায়প’থাইৰয়ডিজিম হ’লে প্ৰায় ৭৪ শতাংশ লোকে শুকান ছাল অনুভৱ কৰে।

৭) মানসিক ভাৱে দুৰ্বল হৈ পৰা ( Depression) । প্ৰায় ৬৪ শতাংশ মহিলা আৰু ৫৪ শতাংশ পুৰুষেই এই লক্ষণৰ মুখামুখি হয় হায়পাৰথাইৰয়ডিজিম থাকিলে। এয়া কিয় হয় কবলৈ বৰ টান যদিওবা দেহৰ গঠনত প্ৰভাৱ পৰা বাবেই আৰু শৰীৰ দুৰ্বল অনুভৱ কৰা ব্যক্তি সমূহৰ মাজত এই depression বেছিকৈ পৰিলক্ষিত হয়।

৮) মনোযোগ আৰু স্মৃতি শক্তিত ব্যাঘাত জন্মা। হায়প’থাইৰয়ডিজিম ত ভোগা প্ৰায় ২২% লোক হিচাপত কেঁচা হৈ পৰা দেখা যায়, ৩৪% লোকক বিশেষ সিদ্ধান্ত লব নোৱাৰা বা মাজে প্ৰায়ে দোধোৰ মোধোৰ অৱস্থাত পৰা আদি সমস্যাত পৰে। আৰু প্ৰায় ৩৯% লোকে কথা পাহৰি যোৱা সমস্যা অনুভৱ কৰে।

৯) কোষ্ঠ্য কাঠিন্যৰ সমস্যা। এই সমস্যা প্ৰায় হায়প’থাইৰয়ডিজিম থকা ১০% লোকে অনুভৱ কৰে।

১০) অনিয়মীয়া মাহেকীয়া ঋতুস্ৰাৱ আৰু অত্যাধিক ৰক্তক্ষৰণ । প্ৰায় ৪০% মহিলাই menapause (ঋতুস্ৰাৱ সম্পূৰ্ণ বন্ধ হোৱা পৰিঘটনা) ৰ আগে আগে এই সমস্যাটোত ভোগে যদিহে হায়প’থাইৰয়ডিজিম থাকে।

ওপৰত উল্লেখিত লক্ষণবোৰে ১০০% নিশ্চিত নকৰে যে আপোনাৰ হায়প’থাইৰয়ডিজিম আছে। এয়া তেতিয়াহে নিশ্চিত হ’ব যেতিয়া তেজৰ  TSH, T3 আৰু  T4 পৰিমাণ পৰীক্ষাগাৰত পৰীক্ষা কৰিব।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *