ফেঁটী লিভাৰ নহবলৈ খাওঁক ঘৰতে পোৱা পাছবিধ চুপাৰ ফুড-

এই ৫ বিধ চুপাৰ ফুড খালে ফেঁটী লিভাৰ নহব :-

  লিভাৰ অৰ্থাৎ যকৃত হৈছে দেহৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ যিয়ে দেহত সংঘটিত প্ৰায় ৫০০ তকৈ অধিক ক্ৰিয়া কলাপৰ যত্ন লয়। এই যকৃতে এক মিনিটত প্ৰায় ১.৪ লিটাৰকৈ তেজ সংশোধন কৰে।

NORMAL LIVER STRUCTURE

  লিভাৰত অলপ চৰ্বী বা ফেট থাকিব পাৰে কিন্তু লিভাৰৰ ওজনৰ প্ৰায় ৫-১৫ শতাংশ যদিহে চৰ্বী বা ফেট হয় তেতিয়াই এই যকৃতক ফেঁটী লিভাৰ বুলি কোৱা হব। এই ফেঁটী লিভাৰৰ সমস্যা সাধাৰণতে আমি অত্যাধিক মদ্যপান কৰাৰ ফলতে হোৱা বুলি ভাবোঁ যদিও মদ্যপান নকৰা প্ৰায় ৩০-৩৫ শতাংশ লোকৰোঁ ফেঁটী লিভাৰৰ সমস্যা দেখা যায় যাক ন’ন এলকহলীক ফেঁটী লিভাৰ ( non alcoholic fatty liver) বুলি কোৱা হয়।

ANATOMY HUMAN LIVER

  ফেঁটী লিভাৰ নহবলৈ খাব লগা খাদ্যৰ বিষয়ে জনাৰ আগতে জানিব লাগিব আমি কেইটিমান নাখাব লগা খাদ্য।

১) ৰঙা মাংস (Red meat) :- গৰু, ছাগলী আদিৰ মাংসত বেছিকৈ চেচুৰেটেড চৰ্বী ( High saturated fats) থাকে। যাৰ ফলত এই মাংসৰ পৰা লিভাৰত চৰ্বী জমা হৈ পৰে।

২) নিমখ :- প্ৰয়োজনতকৈ বেছি নিমখ সেৱন কৰিলে দেহত অতিৰিক্ত পানী জমা হব। সেয়ে দৈনিক ১৫০০ মিলিগ্ৰামত কৈ কম নিমখ খোৱা উচিত।

৩) বেছিকৈ ভজা খাদ্য (fried food) :- এনে খাদ্যত চৰ্বী আৰু কেলৰি বেছি থাকে।

৪) চেনী:- অত্যাধিক চেনী আৰু চেনিৰে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ খালে তেজৰ শৰ্কৰা বৃদ্ধি কৰিব আৰু লিভাৰত চৰ্বী জমা হব।

৫) এলকহল :- অত্যাধিক চৰ্বী থাকে এলহলত।অত্যাধিক আৰু নিয়মিত এলকহল সেৱন কৰিলে খুব কম দিনৰ ভিতৰত ফেঁটী লিভাৰ হব যাক এলকহলিক ফেঁটী লিভাৰ (Alcoholic fatty liver ) বুলি কোৱা হয়। আৰু ই বাঢ়ি গৈ লিভাৰ চিৰহহচিচ (Cirrhosis) হয় যাক কেতিয়াও ভাল কৰিব নোৱাৰি।

   কি কি খাদ্য খালে ফেঁটী লিভাৰ নহব:-

১) নহৰু (garlic) :- নহৰু হৈছে এক শক্তিশালী লিভাৰ সংশোধক আৰু বহুত ৰোগৰ মহৌষধ। নহৰুৰ সক্ৰিয় পদাৰ্থ চেলেনীয়াম এ লিভাৰত জমা হোৱা অতিৰিক্ত চৰ্বী বিয়োজন কৰিব পাৰে। সেয়ে প্ৰতিদিনে ৪০০ মিলি গ্ৰাম নহৰু সেৱন কৰিব পাৰিলে ভাল।

২) কফি :- কফিৰ এন্টী ইনফ্লেমেতেৰি আৰু এন্টী অক্সিদাঁতিভ গুণ আছে। এই কফিয়ে কলেষ্টেৰল কমাব পাৰে। সেয়ে ২ ৰ পৰা ৪ কাপ কফি দৈনিক খোৱা উপিকাৰী। কিন্তু ইয়াতকৈ বেছি খালে কিছু অন্য সমস্যা যেনে বুকুৰ ঢপধপনি বেছি হোৱা, টোপনি কমি যোৱা আদি দেখা দিব। আৰু এই কফি চেনী নোহোৱাকৈ খোৱা উত্তম।

৩) ওমেগা ৩ ফেঁটী এচিড :- ফেঁটী লিভাৰ নহবলৈ এবিধ উত্তম খাদ্য। কিয়নো এই এচিডে দেহৰ চৰ্বী কমাব পাৰে, ইনচুলিন হৰমন সক্ৰিয় কৰি ৰাখে আৰু উচ্চ ৰক্তচাপ কমাই। দৈনিক ২৫০- ৫০০ মিলিগ্ৰাম অমেগা ৩ ফেঁটী এচিড সেৱন কৰিলে সুফল পাব।তলৰ ফটোত দেখুৱাই দিয়া খাদ্য সমূহত যথেষ্ট পৰিমাণে ওমেগা ৩ ফেঁটী এচিড পোৱা যায়।

FOOD SOURCE RICH IN OMEGA 3

৪) ব্রকলি ( Broccoli) :- অত্যাধিক ফাইবাৰ, এন্টী অক্সিডেণ্ট সমৃদ্ধ ব্রকলি খালে লিভাৰৰ উৎসেচক সমূহ সক্ৰিয় হৈ পৰে ।

BROCCOLI AS SUPERB FOOD
BROCCOLI PREVENTS FATTY LIVER

৫) চাহ :- এন্টী অক্সিডেণ্ট সমৃদ্ধ চাহ খালে লিভাৰ সংশোধন হয়। এই চাহে তেজৰ আৰু দেহৰ আভ্যন্তৰীণ অংগত জমা হোৱা চৰ্বী বিয়োজন কৰিব পাৰে। সেয়ে দৈনিক ৫ পৰা ১০ কাপ ৰঙা চেনী নোহোৱা চাহ খোৱা ভাল। আৰু যদি গ্ৰীণ টি যোগাৰ কৰিব পাৰে অতি উত্তম।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *