টন্দুৰী চিকেনৰ এখন ঠেং খোৱা ৬০ ডাল চিগাৰেট খোৱা সমান!!

ব্ৰইলাৰ মাংস কিমান স্বাস্থ্য ক্ষতিকাৰক ? পুৰুষে জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই!!

   ভাৰতীয় বজাৰত আটাইতকৈ সহজ লভ্য আৰু বেছি বিক্রী হোৱা মাংস বিধ হল ব্ৰইলাৰ । উৎপাদন আৰু চাহিদা আৰু মূল্য সমতুল হোৱা বাবেই আটাইতকৈ বেছি ভক্ষণ কৰা হয় এই ব্ৰইলাৰ চিকেন। কিন্তু সু-খাদ্যৰ নামত যেন বৰবিহ হে ভক্ষণ কৰি আছে এই মাংস সেৱণকাৰী সকলে। কিয় বৰবিহ বুলি কোৱা হৈছে তাক জানিব লাগিলে জানিব লাগিব ব্ৰইলাৰ চিকেনৰ উৎপাদন আৰু পোহ-পালনৰ কিছু গুৰুত্বপূৰ্ণ কথা।

   কথা এটি যে জানি আচৰিত হব যে আমাৰ ভাৰতবৰ্ষত নিৰামিষ ভোজন কৰা লোকৰ সংখ্যা আমিষ ভোজীত কৈ বেছি। গোটেই পৃথিৱীৰ নিৰামিষ ভোজী লোকৰ সংখ্যাত কৈ আমাৰ দেশৰ নিৰামিষ ভোজীৰ সংখ্যা বেছি। তাতোকৈ মজাৰ কথা  গোটেই পৃথিৱীৰ আমিষ ভোজন কৰা লোকৰ সংখ্যাতকৈ আমাৰ দেশত আমিষ ভোজীৰ সংখ্যা বেছি। আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে ব্ৰইলাৰ চিকেন উৎপাদন কৰা হৈছে কিছু চুটি পদ্ধতি (short cut) ৰ দ্বাৰা। বজাৰৰ চাহিদা অনুসৰি উৎপাদন কৰিবলৈ যাওঁতে কণীৰ পৰা জন্ম হোৱাৰ দিনৰে পৰা ব্ৰইলাৰ পোৱালীটো ৪৩ দিনত ভক্ষণ কৰাৰ পূৰ্ণতা দিবলৈ পোৱালিটিক দিয়া হৈছে অধিক পৰিমাণ ৰ বিভিন্ন ধৰণৰ হৰমন, ভিটামিন, এন্টীবাইটিক আৰু বহুতো ভেকচিন। যাৰ ফলশ্ৰুতিত বজাৰৰ উৰ্ধগামী চাহিদা পূৰণ কৰিবলৈ উৎপাদন হৈ উঠে এই বৰবিহ সদৃশ ব্ৰইলাৰ চিকেন। প্ৰচুৰ মাত্ৰাত ভিটামিন, এন্টী বাইটিক ব্যৱহাৰৰ এই চিকেন খালে মানুহৰ স্বাস্থ্যলৈ নামি আহে বিভিন্ন ধৰণৰ ভয়ংকৰ অপকাৰ ।

   ১) ব্ৰইলাৰ চিকেন যদি বহু উচ্চ উষ্ণতাত ৰান্ধি খোৱা হয় তেন্তে পুৰুষ ৰ প্ৰষ্টেট কেন্সাৰ ৰোগৰ সম্ভাৱনা বাঢ়ি যায়। উচ্চ উষ্ণতাত বনোৱা চিকেন হ’ল তন্দুৰী চিকেন, গ্ৰীলড চিকেন, আদি স্বাস্থ্য ৰ বাবে হানিকাৰক। এখন এই গ্ৰীল্ড চিকেন বা তন্দুৰী চিকেন ৰ ঠেং ভক্ষণ কৰা ৬০ ডাল চিগাৰেট হুপি খোৱাত কৈ বেছি অপকাৰী।

  ২) বহু ব্ৰইলাৰ চিকেনৰ গাত কিছুমান ভয়ংকৰ বেক্টেৰিয়া, প্ৰতযোৱা আদি থাকে যাৰ ফলত তেনে চিকেন ভক্ষণ কৰিলে স্বাস্থ্য জনীত সমস্যাৰ সৃষ্টি হব পাৰে।

  ৩) দেহত অস্বাস্থ্যকৰ চৰ্বী জমা হৈ পৰে ব্ৰইলাৰ চিকেন ভক্ষণ কৰিলে। সেয়ে নিয়মিত ব্ৰইলাৰ চিকেন খোৱা লোকৰ দেহৰ ওজন বৃদ্ধি হৈ পৰে , তেজৰ কলেষ্টেৰল মাত্ৰা বৃদ্ধি হয়, তেজৰ চাপ বৃদ্ধি হয় লগতে কৰণাৰী হৃদৰোগ আৰম্ভ হ’ব। ফলত কম বয়সতে ষ্ট্ৰক আদি হোৱাৰ সম্ভবনা বৃদ্ধি পায়।

   ৪) ব্ৰইলাৰক যথেষ্ট পৰিমাণে এন্টীবায়টিক আৰু গ্ৰুঠ হৰমন যোগান ধৰা হয় বাবে এই চিকেন  বহুদিন খালে পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাইকিয়া হৈ যাব পাৰে, মহিলাৰ অনিয়মীয়া ঋতুস্ৰাবৰ সমস্যা দেখা দিব, ছোৱালী সন্তান কম বয়সতে পুস্পিতা হব পাৰে। আজিকালি পুৰুষৰ জন্ম দিয়া ক্ষমতা হেৰুৱাই পেলোৱা সমস্যা বাঢ়িছে। আৰু এয়া ব্ৰইলাৰ চিকেন ভক্ষণ কৰা লোকৰ মাজত বেছি। ব্ৰইলাৰ দেহত থকা বিষাক্ত ৰাসায়নিক দ্ৰব্যই পুৰুষৰ ধাতুৰ কোষবোৰ( SPARM CELL) ধংশ কৰি পেলাব পাৰে।

  ৫) ব্ৰইলাৰ চিকেন সপ্তাহত দুসাজ সেৱন কৰা সপ্তাহত তিনিটা এন্টীবায়টিক বেজী লোৱাৰ সমান। যাৰ বাবেই যিসকল লোকে এই চিকেন সেৱন কৰে তেওঁলোকৰ কিবা বেমাৰ হলে কম চোকৰ এন্টী বায়টিক ঔষধ সেৱন বা বেজিয়ে কাম নকৰা হৈ পৰে।

তথ্যৰ উৎস :- ইণ্টাৰনেট।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য  সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। কমলপুৰ এক্সপ্ৰেছে এয়া নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *