মাংস বন্ধ কৰক দেখিব শৰীৰত আচৰিত সুফল লাভ কৰিছে!

মাংস খোৱা বন্ধ কৰক দেখিব শৰীৰত আচৰিত সুফল লাভ কৰিছে :-

     আমিষ ভোজন কৰা লোক সকলৰ বাবে মাংস এবিধ সু-স্বাদু খাদ্য। আৰু এই  মাংসত পোৱা যায় দেহত প্ৰয়োজন হোৱা বহু ধৰণৰ পোষক দ্ৰব্য যেনে :- এমিনো এচিড, ভিটামিন, মিনাৰেল, চৰ্বী আৰু যথেষ্ট পৰিমাণৰ প্ৰটিন যিয়ে আমাৰ দেহ পৰিপুষ্ট কৰি ৰাখিব পাৰে। এনে কথা নহয় যে এই পোষক দ্ৰৱ্যসমূহ অকল মাংসতে থাকে অইন খাদ্যত নাথাকে ! নিশ্চিত ভাৱে এই পোষক দ্ৰব্য সমূহ আমি অইন খাদ্য আৰু ফলমূলৰ পৰাও আহৰণ কৰিব পাৰো। আৰু যদিহে আমি মাংস খোৱা বন্ধ কৰি নিৰামিষ খাদ্য গ্ৰহণৰে পৰিপুষ্ট হব যত্নপৰ হওঁ তেন্তে দেহলৈ যথেষ্ট পৰিমানৰ সুফল আহিব, দেহত বহুতো অস্বাভাৱিক সু-পৰিৱৰ্তন লাভ কৰিব আৰু বহুতো প্ৰাণ নাশী ৰোগৰ পৰা আঁতৰত থাকিবলৈ সক্ষম হব। মাংস পৰিহাৰ কৰাৰ কেইটিমান সুফল দাঙি ধৰা হল:-

১) দেহৰ ইনফ্লামেচন (INFLAMATION) ৰোধ হব। এই ইনফ্লামেচন হ’ল দেহৰ কোষ সমূহ কিছুমান বিশেষ কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ ফুলি যোৱা এক পৰিঘটনা। এই ইনফ্লামেচন দেহৰ সকলো অংগ বিশেষতে ঘটিব পাৰে। কম দিনৰ বাবে দেহৰ কোনো কোষত বা অংগত সংঘটিত ইনফ্লামেচন এক সহজ ঘটনা বা তাৰ বাবে ভয়ৰ কাৰণ নাই আৰু ই দেহৰ বাবে প্ৰয়োজনীয় পৰিঘটনা কিন্তু যদি এই ইনফ্লামেচন এক বছৰতকৈ বেছি সময় থাকে তেন্তে তাৰ পৰাই বিভিন্ন ৰোগৰ উপসৰ্গ সমূহ পৰিলক্ষিত হব। আমিষ খাদ্যই কোষ ইনফ্লামেচন কৰা প্ৰধান কাৰক। আৰু নিৰামিষ খাদ্য আৰু ফল মূল আদিয়ে ইনফ্লামেচন হ্ৰাস কৰে। আৰু এই দীৰ্ঘকালীন ইনফ্লামেচনৰ বাবেই দেহত গাঁঠিৰ বিষ, বাত বিষ, গেষ্ট্ৰাইটিছ আদি ৰোগে বাহৰ পাতে। সেয়েহে এই ইনফ্লামেচন কমাই ৰাখিবলৈ মাংস নহয় বেছিকৈ ফলমুল আৰু সেউজীয়া শাক পাচলি খোৱা বাঞ্ছনীয়।

২) কলেষ্টৰল ৰোধ হব। তেজত বেছিকৈ কলেষ্টৰলৰ পৰিমাণ থকাই হৈছে হৃদৰোগ আৰু ষ্ট্ৰকৰ কাৰণ। মাংসত অন্তৰ্নিহিত চেচুৰেটেড (SASURATED) চৰ্বী সমূহে তেজৰ কলেষ্টৰল মাত্ৰা বৃদ্ধি কৰে। দেহৰ কোষ আৰু তেজত কলেষ্টৰলৰ মাত্ৰা সম পৰিমাণে থকাটো সুস্বাস্থ্যৰ লক্ষণ। কলেষ্টৰল আমাৰ দেহৰ এক অতি প্ৰয়োজনীয় পদাৰ্থ যিয়ে দেহত ভিটামিন D আৰু কিছু হৰমন ক্ষৰণত উৎসেচক হিচাপে কাম কৰে। কিন্তু এই কলেষ্টেৰল মাত্ৰা বৃদ্ধি হলে বিপদ জনক। এই অতি মাত্ৰাৰ কলেষ্টেৰল গৈ হৃদযন্ত্ৰৰ ধমনী সমূহত জমা হৈ ধমনীৰ ছিদ্ৰ সূক্ষ্ম কৰি পেলাব আৰু তাকেই কৰণাৰী হৃদৰোগ বুলি কোৱা হয় আৰু এই কৰণাৰী হৃদৰোগ বাঢ়ি গৈ এদিন ষ্ট্ৰক হব। এই কলেষ্টেৰল সহজতে নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰ বাবে মাংস পৰিহাৰ কৰা, চকলেট পৰিহাৰ কৰা আৰু নিয়মিত শৰীৰ চৰ্চ্চা দৰকাৰ।

৩) দেহৰ প্ৰয়োজন হোৱা অণুজীৱ বোৰ সংৰক্ষিত হৈ থাকিব। মাংস ভোজনৰ ফলত দেহত প্ৰয়োজন হোৱা অণুজীৱ সমূহৰ অনুকূল পৰিবেশ বিনষ্ট হয়। ফলত এই অণুজীৱৰ পৰিমাণ হ্ৰাস হৈ পৰিব যাৰ ফলশ্ৰুতিত কৰ্কট ৰোগৰ পৰিবেশ অনুকূল হৈ পৰিব। এই অণুজীৱ সমূহে খাদ্যনলীত থাকি আহাৰ পাচনৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জিন উৎপাদন নিয়ন্ত্ৰণ কৰে আৰু দেহৰ কোষ সমূহ কেন্সাৰ কোষলৈ পৰিৱৰ্তন হোৱাত বাধা প্ৰদান কৰে। সেয়ে অহিয়া খাদ্য, সেউজীয়া শাক পাচলি, ফল মূল আদি বেছিকৈ খালেহে এই অতি প্ৰয়োজনীয় অণুজীৱ সমূহ কুশলে থাকিব।

 

৪) নিৰামিষ ভোজন কৰা সকলৰ ভৱিষ্যতে ডায়েবেটিচ ৰোগৰ আশংকা কম হয় আৰু ডায়েবেটিচ ৰোগীৰ শৰ্কৰাও নিয়ন্ত্ৰন হয়। জীৱ জন্তুৰ প্ৰটিনে  টাইপ ২ ডায়েবেটিচ ( TYPE II DIABETIS) ৰ আশংকা বৃদ্ধি কৰে। আনকি ডায়েবেটিচ ৰোগীৰ ডায়েবেটিচ পৰা হব পৰা উপসৰ্গৰোগ সমূহৰ পৰা বাচি থাকিব পাৰিব নিৰামিষ খাদ্য গ্ৰহণ কৰিলে ।

৫) দেহত অতিৰিক্ত প্ৰটিন জমা হোৱাৰ পৰা দূৰৈত থাকিব পাৰিব। যদিওবা প্ৰটিন দেহ গঠন উপাদান, মাংসৰ পৰা দেহে আহৰণ কৰা প্ৰটিন দেহত অত্যাধিক জমা হলে কিন্তু শৰীৰ বিনষ্ট হয়। আনহাতে উদ্ভিদ জাত প্ৰটিনে  বিভিন্ন ৰোগৰ আশংকা দুৰহে কৰে। এতেকে অত্যাধিক প্ৰটিন সেৱনৰ ফলত দেহৰ ওজন বৃদ্ধি হয় কিয়নো অব্যাহাৰিত প্ৰটিনখিনি দেহৰ বিভিন্ন অংগত চৰ্বী লৈ ৰূপান্তৰ হব আৰু সঞ্চিত হয়। ইয়াৰ উপৰিও অধিক প্ৰাণীজ প্ৰটিন সেৱনৰ ফলত কোষ্ঠ কাঠিন্য ৰোগ, গ্ৰহণী ৰোগ, শৰীৰত জ্বলহীনতা, উশাহ নিশাহৰ বেয়া গোন্ধ আদি সমস্যা দেখা দিয়ে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *