মাছৰ কণী আৰু তেলৰ কি গুণ আছে?শিশুৰ স্মৃতিশক্তি বৰ্ধক-

মাছৰ কণী আৰু তেল কোনটো বেছি উপকাৰী??

   মাছ এবিধ উত্তম কেলৰি সমৃদ্ধ খাদ্য বুলি আমি সকলোৱে জানো। আৰু নিৰামিষাহাৰী সকলৰ বাহিৰে বহুতৰে মাছ এবিধ প্ৰিয় খাদ্য। WHO য়ে ও সপ্তাহত কিছু পৰিমানে হলেও মাছ খোৱা স্বাস্থ্য উপকাৰী বুলি ইতিমধ্যে ঘোষণা কৰি থৈছে।

  কিন্তু বহুতৰে ধাৰণা এনেকুৱা যে মাছ খাব পাৰি কিন্তু মাছৰ কণী আৰু তেল উভয়বিধ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে মাছৰ কণী আৰু তেল স্বাস্থ্য উপকাৰী নে অপকাৰী? পঢ়ি জানক আমাৰ এই বার্তা।

  মাছৰ কণী :-

   মাছৰ কণী মাছৰ সমানে স্বাস্থ্য উপকাৰী। এই কণীত কেলৰি বহুত কম থাকে। আৰু মাছৰ কণীত স্বাস্থ্য অপকাৰী চৰ্বি অতি নগণ্য। বেছিভাগ চৰ্বি হল স্বাস্থ্য উপকাৰী। মাছৰ কণীত থকা ঘাই পোষক দ্ৰৱ্য সমূহ হ’ল চেলেনিয়াম, মেগনেছিয়াম, আইৰন, কেলচিয়াম, ভিটামিন আৰু এন্টী-অক্সিডেণ্ট। এচামুচ (১৬ গ্ৰাম) এই কণীৰ জৈৱ বিশ্লেষণ হল :-

১) কেলৰি :- ৪২ গ্ৰাম।
২) চৰ্বি :- ৩ গ্ৰাম।
৩) কাৰ্বোহাইড্ৰেট:- ০.৬ গ্ৰাম।
৪) চডিয়াম:- ২৪০ মিলিগ্ৰাম।
৫) প্ৰটিন :- ৪ গ্ৰাম।

কিন্তু চেনী আৰু ফাইবাৰৰ পৰিমাণ শূন্য। সেয়েহে মাছৰ কণীয়ে আপোনাক দিব বহুত স্বাস্থ্য উপকাৰ।

১) ভিটামিন B কম্প্লেক্স ভৰপূৰ হৈ থাকে বাবে চকুৰ দৃষ্টি , চুলি, নখৰ বাবে উপকাৰী। চকুৰ দৃষ্টি শক্তি বৃদ্ধি ৰ বাবে চুলি সোনকালে পকা আৰু সৰি যোৱা সমস্যাৰ বাবে নিশ্চিত ভাবে এই কণী খাওক।

২) মাছৰ কণী খালে দেহৰ পাক আৰু বিপাক ক্ৰিয়া বহুত সক্ৰিয় হয়। ফলত এই কণী খালে দেহৰ অপ্ৰয়োজনীয় চৰ্বি সমূহৰ বিয়োজন হব যাৰ ফলত দেহৰ ওজন বৃদ্ধি সমস্যা দূৰ হব। মাছৰ কণীত এবিধ বিশেষ পোষক দ্ৰব্য “কলিন” থাকে । আৰু এই কলিনে দেহৰ অপ্ৰয়োজনীয় ঠাইত জমা হৈ থকা চৰ্বি সমূহ প্ৰয়োজনীয় অংগলৈ বিতাড়িত কৰে ফলত দেহৰ সৌন্দৰ্য্য বৃদ্ধি হয় এই কণী সেৱন কৰিলে।

৩) এই কণীত পোষক দ্ৰৱ্য মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট সমূহে দেহৰ মজবুতি প্ৰদান কৰে , দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৪) মাছ আৰু মাছৰ কণীত ওমেগা-৩ ফেঁটী এচিড নামৰ এন্টী অক্সিডেণ্ট বহু বেছি পৰিমাণে থাকে আৰু এই পোষক বিধে দেহত কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

মাছৰ কণী কোনে খাব নালাগে ?

মাছৰ কণীত কলেষ্টেৰল বেছি পৰিমানে থাকে বাবে কলেষ্টৰলৰ সমস্যা থকা লোকে মাছৰ কণীৰ পৰা দূৰৈত থকা ভাল।

মাছৰ তেল :-

    মাছৰ দৰে মাছৰ তেল ও বহুত বেছি স্বাস্থ্য উপকাৰী। মাছৰ তেলত থকা ঘাই পোষক দ্ৰব্য সমূহ হ’ল প্ৰটিন ; ভিটামিন A, D ; আয়োদিন; এন্টী-অক্সিডেণ্ট ; মিনাৰেল, এছেনচিয়াল অইল, কেলচিয়াম, ফচফৰাচ ইত্যাদি। মাছৰ তেলত থকা ওমেগা ৩ ফেঁটী এচিড নামৰ এছেনছিয়াল তেল বিধ উদ্ভিদ ত পোৱা ওমেগা ৩ ফেঁটী এচিড তকৈ বহু উত্তম। সেয়ে এই মাছৰ তেলৰ পৰা পাব পাৰি বহুতো স্বাস্থ্য উপকাৰ।

১) মাছৰ তেল খালে তেজৰ ট্ৰাইগ্লিচাৰিদ , কলেষ্টৰল হ্ৰাস পাই । ই তেজৰ চাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

২) মাছৰ তেলৰ পৰা হৃদৰোগৰ সম্ভাৱনা দূৰ হয়। নিয়মীয়াকৈ মাছ আৰু মাছৰ তেল সেৱন কৰা লোকৰ হৃদযন্ত্ৰৰ সমস্যা অতি কম হোৱা দেখা যায়।

৩) মাছৰ তেল এবিধ উত্তম স্মৃতি শক্তি বৰ্ধক। এই তেলত থকা ডি এইচ এ ( ডেকোছা হেক্সানৈক এচিড) নামৰ আছেনচিয়াল অইল বিধে শিশুৰ বুদ্ধিমত্তা, স্মৃতি শক্তি আৰু দৃষ্টি শক্তি প্ৰখৰ কৰিব পাৰে।

৪) কণীৰ দৰে মাছৰ তেলৰ কলিন নামৰ পোষক দ্ৰব্য বিধে দেহত হব খোজা বিভিন্ন প্ৰকাৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰে।

৫) মাছৰ তেলত থকা খনিজ লবন যেনে :-চেলেনীয়াম, ফচফৰাচ, মেনগানিছ আৰু কেলচিয়াম এ মানুহৰ দাঁত, মাংস পেশী আৰু হাড়ৰ গঠনৰ মজবুতি প্ৰদান কৰিব পাৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *