জেঠী দেখিলে কি হয় ? দ্বীপাৱলীত জেঠী দেখিলে কি শুভ হ’ব ?

জেঠী দেখিলে কি হব পাৰে ? দ্বীপাৱলী দিনা জেঠী দেখিলে কি শুভ হব ? (INDIAN ASTROLOGY):-

   জেঠী সকলোৰে ঘৰত কম বেছি পৰিমানে থাকে। কিন্তু প্ৰত্যেক সময়তে আপোনাক জেঠী দেখা নিদিয়ে। কিছু বিশেষ মুহূৰ্তত হে জেঠীয়ে মাতা শুনিব বা দেখিবলৈ পাব। কিয়নো শাস্ত্ৰমতে জেঠী হৈছে এক বিশেষ ভাৱে গুৰুত্বপূৰ্ণ জীৱ। জেঠী হল মাতা লক্ষ্মীৰ প্ৰতীক। কিয়নো দ্বীপাৱলীৰ দিনা যদি কোনোৱে জেঠী দেখা পাই সেয়া মাতা লক্ষ্মী দেৱীক দেখাৰ সম হয়। সেয়ে বিশ্বাস কৰা হয় যে যদিহে কাৰোবাৰ গাত জেঠী পৰিছে তেন্তে তেওঁৰ ভাল দিন আহে, ধনে ধানে প্ৰতিপত্তিশীল হব। সেয়ে আপোনাৰ ঘৰত সোমাই থকা জেঠী নেখেদিব বা মাৰিবও নালাগে। যদিহে দ্বীপাৱলীৰ দিনা আপোনাৰ হাতত কিবা ভুলক্ৰমে জেঠী মৰে তেতিয়া সেই মৰা জেঠী সৎকাৰ কৰিবলৈ নাপাহৰিব। অৰ্থাৎ এই মৰা জেঠিটো ঘৰৰ বাহিৰত পেলাই নিদি গাঁত খান্দি পুতি থব। নহলে আপোনাৰ অপাই অমংগল আহিব পাৰে। আৰু যদিহে এই দ্বীপাৱলীৰ দিনা জেঠী দেখিছে তেন্তে মা লক্ষ্মীৰ জ্ঞান কৰি পূজাৰ সেন্দুৰ আদি জেঠিটোৰ গাত ছটিয়াই দি মনত মা লক্ষ্মীক স্মৰণ কৰিব তেতিয়া আপোনাৰ আৰ্থিক অৱস্থা টনকিয়াল হব। দ্বীপাৱলী নহলেও যদিহে আপুনি সন্ধিয়া পূজা পাতল কৰা সময়তো যদি জেঠী দেখিছে তেতিয়াও জেঠীৰ গাত ৰঙা সেন্দুৰ ছটিয়াই দি ভগৱানক স্মৰণ কৰে আপোনাৰ মনৰ বাঞ্ছা পূৰণ হয়। আৰু যদি উজাগৰী ৰাতি আপুনি জেঠী দেখিছে তেন্তে ততাতৈয়াকৈ জেঠীৰ গাত পানী ছটিয়াই দিয়ক আৰু এগছ ভাল বন্তি জ্বলাই দি মা লক্ষ্মী দেৱীক স্মৰণ কৰিব নিশ্চিত ভাবে কিবা ভাল ফল পাব।

   লগতে জেঠী দেখাৰ শুভ আৰু অশুভ বিভিন্ন কথা ভাৰতীয় জ্যোতিষ শাস্ত্ৰ অনুসৰি বিশ্বাস কৰা হয়। ১) ভোজনৰ সময়ত জেঠীৰ টিক টিক মাত শুনিলে সেয়া শুভ সংবাদ হিচাপে গ্ৰহণ কৰা হয়। অৰ্থাৎ আপোনাৰ জীবনলৈ কোনো শুভ বার্তা আহিব বা আকস্মিক ধন লাভৰ সংকেত হব পাৰে। ২) যদিহে দুটা জেঠী একেলগে থকা দেখিছে তেন্তে আপোনাৰ কোনো পুৰণি বন্ধু বা আত্মীয় লগ পোৱাৰ সম্ভবনা আহিব। ৩) সপোনত জেঠী মৰি থকা দেখিলে অপাই অমংগল অহাৰ সংকেত দিয়ে। ৪) ঘৰৰ পৰা কৰবাত যাত্ৰা কৰাৰ সময়ত যদিহে জেঠী দেখিছে তেন্তে জানিব আপোনাৰ যাত্ৰা শুভ হব আৰু যি কামলৈ ওলাইছিল সেই কাম সুচাৰুভাৱে সমাধান হব। ৫) যদি ঘৰৰ পৰা কৰবাত যাত্ৰা কৰাৰ সময়ত দুটি যুজঁ লগা দেখিছে তেন্তে আপুনি সেইদিনা বাহিৰলৈ নোযোৱাই ভাল কিয়নো সিদিনা আপুনি আপোনাৰ কৰ্মত বা লক্ষ্যত উপনীত হব নোৱাৰিব বৰং বিপদৰ সন্মুখীন হব পাৰে । ৬) সপোনত যদিহে মৰি থকা জেঠী দেখা পাই তেন্তে আপোনাৰ আগন্তুক কিবা আৰ্থসমাজিক বেয়া হবলৈ গৈ আছে বা কিবা বেয়া খবৰ আহিব পাৰে। ৭) খাদ্য খাই থকা সময়ত যদি জেঠী দেখা পোৱা যাই বা জেঠীৰ মাত শুনে ই এটা ভাল সংকেত বুলি জনা যায় কিন্তু যদিহে খাদ্য খাই থাকোতে জেঠী ভৰিত উঠে তেন্তে জানিব ই এক অশুভ সংকেত। ৮) দুজন ব্যক্তিয়ে কথা কৈ থাকোতে যদি জেঠীয়ে মাত দিয়ে তেন্তে জানিব কথাবোৰ সত্য আৰু পাতি থকা সম্ভাব্য কথাবোৰ ও সঁচা হবলৈ গৈ আছে। ১০) যদিহে জেঠী কাৰোবাৰ মূৰত পৰিছে তেন্তে জানিব তেওঁলৈ আগন্তুক শুভ সংবাদ আহিব। ১১) যদিহে কাৰোবাৰ সোঁওহাতত জেঠী পৰিছে তেন্তে জানিব তেওঁ সন্মান পাব আৰু বাওঁহাতত জেঠী পৰে তেওঁৰ আয়ুস বৃদ্ধি হব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *