হাতীয়ে জঁপিয়াব পাৰেনে ? যদিহে নোৱাৰে ! তেনেহলে কিয় নোৱাৰে ? আৰু যদি পাৰে কিয় জাপ নামাৰে?
সাধাৰণতে দেখা যায় যে হাতীয়ে জীৱনৰ কোনো দিনে জাপ নিদিয়ে। কিন্তু কেতিয়াবা প্ৰতাৰিত হলে বা খং উঠিলে পোৱালি হাতীয়ে দুই এটা জাপ দিব পাৰে কিন্তু পূৰ্ণবয়স্ক হাতীয়ে কেতিয়াও জাঁপ দিব নোৱাৰে। হাতীয়ে দৌৰিলেও বা বেগাই খোজ কাঢ়িলেও একে সময়ত আটাইকেইখন ঠেং শূণ্যলৈ উঠি নাযায় , কমেও এখন হলেও ঠেং মাটিত লাগি থাকিবই। ইয়ে প্ৰমাণ কৰে যে হাতীয়ে জাপ দিব নোৱাৰে।
৬০ দশকত এখন চিনেমা নাম “হাটাৰী” হাতীৰ নৃত্য কৰা দেখা গৈছিল অৱশ্যে সেয়া প্ৰশিক্ষণৰ ফলত সম্ভৱ হৈছিল।
হাতী জঁপিয়াব নোৱাৰাৰ মূল কাৰণ হল জীৱন যাপনৰ বাবে হাতীয়ে কোনো কাৰণতে জঁপিয়াবৰ প্ৰয়োজন নহয়। বাঘ, সিংহই জঁপিয়াই দৌৰে। নহলে বাঘ সিংহই চিকাৰ ধৰিব নোৱাৰি নাখায় মৰিব লাগিব। আৰু সৰু জীৱ হৰিণাই জাঁপ দি দৌৰি বাঘ সিংহৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। কিন্তু হাতীয়ে জংঘলত হাবি বন, লতা,পাত খাই জীয়াই থাকিব পাৰে। সেয়ে হাতীক জাপ দিয়াৰ প্ৰয়োজন নাই। হাতীৰ এনেকুৱা ভয়ৰ কাৰণো আহি নপৰে যে দৌৰি জঁপিয়াই পলাই ৰক্ষা পৰিব লাগিব। এটা পূৰ্ণবয়স্ক হাতীৰ গড় ওজন প্ৰায় চাৰে সাত টন আৰু এটা ডাঙৰ বাঘৰ খুব বেছি হলেও ওজন আধা টনত কৈ বেছি নহয় বাবে বাঘে হাতীক আক্ৰমণ কৰাৰ সম্ভাৱনা অতি ক্ষীণ। এতেকে প্ৰাণঘাটি শত্ৰুৰ অভাৱৰ বাবেই হাতীয়ে জঁপিয়াব নিশিকিলে।
প্ৰকাণ্ড শৰীৰ আৰু দেহৰ ওজনৰ বাবে হাতীৰ জাঁপ দিয়াৰ যোগ্যতা ও নাই। শূণ্যলৈ জঁপিয়াই মাটিত পৰিলে হাতীৰ চাৰিখন ঠেং এ দেহৰ ভৰ ধৰি ৰাখিবলৈ সমৰ্থ নহয়। জপিয়াবৰ বাবে ঠেঙৰ হাড়ৰ গঠন যেনে হোৱা উচিত তাতোকৈ হাতীৰ হাড় নৰম।
ডাৰাউইনৰ সূত্ৰ অনুসৰি জিৰাফে খাদ্যৰ অভাৱত ওপৰলৈ ডিঙি মেলি দিওঁতে দিওঁতে যেনেকৈ ডিঙি বহুত দীঘল হৈ পৰিল একেধৰণে প্ৰয়োজন নোহোৱা বাবেই হাতীয়ে জপিয়াবলৈ নিশিকিলে।