তুলসী পাত আৰু মৌজোল এক অমৃতসম মিশ্ৰণ//

তুলসী পাত আৰু মৌৰ কিছু ৰহস্য আৰু স্বাস্থ্য গুণ:-

  যুগ যুগান্তৰে তুলসী পাত আৰু মৌ বহুল ভাবে সকলোৰে ঘৰে ঘৰে ঘৰুৱা ৰোগ উপচাৰৰ বাবে প্ৰচলিত । ৰোগ নিৰ্মূলৰ উপৰিও তুলসীৰ আছে বহু ধৰ্মীয় পৰম্পৰা। ভাৰতীয় দৰ্শনত তুলসী বিভিন্ন মাংগলিক কাৰ্য্যত ব্যৱহাৰ হৈ আহিছে।

   ১) কাহ-কফ নিৰ্মূলত তুলসী আৰু মৌ:-

তুলসী আৰু মৌৰ উভয়ৰে বেক্টেৰিয়া প্ৰতিৰোধ আৰু ভাইৰাছ প্ৰতিৰোধ ক্ষমতা আছে। এই তুলসী আৰু মৌৰ অমৃত সম মিশ্ৰণে হাঁপানী ৰোগ, এলাৰ্জি কাঁহ, ডিঙিৰ তনছিলৰ বীজাণু সংক্ৰমণ ৰোগ, চাইনাচাইটিছ ৰোগ প্ৰসমন কৰিব পাৰে। অৱশ্যে হাঁপানী ৰোগ নিৰ্মূলৰ বাবে তিনি মাহৰ বাবে দৈনিক তিনিবাৰ দুই চামুচ এই মিশ্ৰণ সেৱন কৰিব লাগিব।

২) গৰ্ভৱতী নাৰীৰ বমি নিয়ন্ত্ৰণৰ বাবে :-

গৰ্ভৱতী মহিলাৰ প্ৰথম তিনি-চাৰি মাহলৈ হোৱা বমি ভাব আৰু বমি (morning sickness) নিয়ন্ত্ৰণ কৰিব এই মিশ্ৰণে। তাৰ বাবে ৰাতিপুৱা খালি পেটত তুলসী আৰু মৌৰ চাহ বনাই খাব লাগিব।

৩) কিডনী পাথৰ ৰোগৰ বাবে:-

    তুলসী পাতত থকা এচিটিক এচিড এ কিডনী পাথৰ ক্ষয় হোৱাত সহায় কৰে। লগতে এই মিশ্ৰণে তেজৰ ইউৰিক এচিডৰ মাত্ৰা কম কৰিব। ইয়াৰ বাবে প্ৰায় ছয় মাহৰ বাবে এই মিশ্ৰণ সেৱন কৰিব লাগিব।

৪) হৃদৰোগ নিয়ন্ত্ৰণ কৰিব এই মিশ্ৰণে:-

   এন্টী-অক্সিডেণ্ট আৰু ভিটামিন C পোৱা যায় তুলসীত। যোগেনল নামৰ এন্টী-অক্সিডেণ্ট এ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব, তেজৰ কলেষ্টৰল হ্ৰাস কৰিব ফলত হৃদৰোগ নিয়ন্ত্ৰণ হব।

৫) জ্বৰনাশক এই মিশ্ৰণ:-

  তুলসী আৰু মৌৰ মিশ্ৰণ জ্বৰ নাশক গুণৰ অধিকাৰী। ইয়াৰ বাবে তুলসী মৌৰ কৱাট (decoction) প্ৰায়ে ব্যৱহাৰ হৈ আহিছে আয়ুৰ্বেদিক চিকিৎসা বিভাগত।

   ইয়াৰ উপৰিও পেটৰ সমস্যা যেনে :- বদহজম, কোষ্ঠ কাঠিন্য, পাইলছ ৰোগ আদিতো সুফল দিয়ে এই অমৃতসম মিশ্ৰণে।

কেনেদৰে প্ৰস্তুত কৰিব এই মিশ্ৰণ সমূহ :-

    ১) কৱাথ (decoction) :- ইয়াৰ বাবে ১৫ টা তুলসী পাত পৰিষ্কাৰ কৈ ধুই ২৫০ ml পানীত উতলিবলৈ দিয়ক যেতিয়া পানী আধা হৈ পৰিব তেতিয়া চেকনিৰে ছেকি পানীৰ সৈতে ১০ ml মৌ মিহলাই দিলে কৱাট বা চাহ প্ৰস্তুত হব।

  ২) তুলসী পাত ভালকৈ ধুই পিচি লৈ ৰস উলিয়াই লওক । এক চামুচ ৰসৰ লগত এক চামুচ মৌ ভালকৈ মিহলাই ও খাব পাৰে। নাইবা

  ৩) এই পাত মিহিকৈ পিচি লৈ তাৰ সৈতে সমান পৰিমাণৰ মৌ মিহলাই ও খোৱাৰ উপযোগী হয়।

    আজিকালি বজাৰত আৰু অনলাইনত আপুনি কিনিবলৈ পাব এই মৌজোল আৰু তুলসীৰ ইতিমধ্যে প্ৰস্তুত কৰি ৰখা মিশ্ৰণ।

  মনত ৰাখিব কেঁচাই কেঁচাই তুলসী পাত চোৱাই নাখাব ই দাঁতৰ বাবে হানিকৰ।

 

😂😂😂😂

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *