মদ্যপান কৰিলে ভাইৰাছে নধৰে.. !! ( IN ASSAMESE)
বৰ্তমান সময়ত কিছুমান লোকে ধাৰণা কৰা দেখা যায় যে মদ্যপান কৰিলে ভাইৰাছে আক্ৰমন কৰিব নোৱাৰে কাৰণ ইয়াত এলক’হল আছে। আৰু চিগাৰেট হূপিলে যিকোনো ভাইৰাছ হেনো ধোৱা সহিব নোৱাৰি মৰি যাব। কিন্তু কথাটো ধাৰণা কৰা ধৰণতকৈ অলপ বেলেগহে। সেয়েহে, ভাইৰাছে আক্ৰমন কৰা নকৰাৰ আগতে বুজিব লাগিব মদ বা এলকহলৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱৰ বিষয়ে।
মদ বা এলক’হল হ’ল এবিধ দেহত উত্তেজনা বৃদ্ধি কৰা জৈৱিক দ্ৰব্য। ভাইৰাছ বা অইন পৰজীৱী, সেইসকল লোকৰ দেহত থিতাপি লৈ প্ৰাণনাশী ৰূপ ধাৰণ কৰিব , যিসকল লোকৰ দেহৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা (NATURAL IMMUNITY) বহুত কম, যি কথা সৰ্বজনবিদিত।
দেহৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা নিৰ্ভৰশীল হয় মানুহৰ দেহত ইতিমধ্যে থকা তেজৰ ”লিম্ফচাইটছ (LYMPHOCYTES)” , “চি-ডী-৩ (CD-3)” , “চি-ডী-৪ (CD-4), টি-এইছ -১, টি এইচ -১৭ , বিটা কোষ আৰু এন-কে কোষবোৰৰ সংখ্যা আৰু শক্তিৰ উপৰত।
অৰ্থাৎ এই ভগৱান প্ৰদত্ত কোষ সমুহে মানব দেহত প্ৰবেশ কৰিব খোজা যিকোনো ৰোগৰ বিজানু তেনে :- ভাইৰাছ , বেক্টেৰিয়া বা যি পৰজীৱীয়ে নহওঁক, সেইবোৰক প্ৰতিৰোধ আৰু ধ্বংস কৰিবলৈ সদায় যত্নপৰ হয়।
মদ বা এলকহ’ল দ্ৰব্য বিধ হৈছে দেহৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সম্পূৰ্ণ বিপৰীত মুখী। অৰ্থাৎ ব্যাক্তিবিশেষে এই মদ্যপান কৰিলে ওপৰত উল্লেখিত স্বভাৱ সুলভ ভাবে সৰল ৰৈখিক কোষবোৰৰো উত্তেজনা বৃদ্ধি হৈ প্ৰায় ২০-৫০% মৃত্যুমুখত পৰে।
যিহেতু মাংগলিক এই কোষৰ পৰিমাণ মদ্যপান কৰিলে হ্ৰাস পায় গতিকে ভাইৰাছেই নহয় যিকোনো ৰোগৰ বিজানুৰে সংক্ৰমণ হৈ জীৱন বিপদাপন্ন হোৱাৰ আশংকা এগুণ দুগুণ নহয় বহুগুণে বৃদ্ধি পাব।
স্মৰ্তব্য, মদ্যপান কৰিলে দেহৰ মেদবহুলতা অৰ্থাৎ চৰ্বী বৃদ্ধি পায় কিয়নো এলক’হলত অতিৰিক্ত কেলৰী থাকে। আৰু মেদবহুলতা ও ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ কাৰণ হ’ব পাৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানৰ অচিন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ যিমান সংখ্যক ৰোগী আইচিঅ’ ত ভৰ্তি কৰোৱা হৈছে তাৰ প্ৰায় ৬৫% মেদবহুল লোক।
শেষত, চেনীটাইঝাৰ হাতত ঘহিলে ভাইৰাছ মৰিব কাৰণ চেনিতাইঝাৰত প্ৰায় ৬০% তকৈ বেছি এলক’হল থাকে, কিন্তু ইয়াৰ গোন্ধ যি আমি নাকেৰে সেৱন কৰো তাৰ পৰাও দেহৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু পৰিমানে লাঘৱ হয়।
তথাপিও এই ভাইৰাছৰ মহামাৰী সময়ত আমি চেনীটাইঝাৰ পৰিহাৰ কৰিব নোৱাৰোঁ কাৰণ ইয়াৰ বেয়া গুণতকৈ লাভজনক গুণ বহু পৰিমাণে বেছি, কিন্তু এলক’হল সেৱন কোনো কাৰনতে ভাইৰাছ ৰ ঘটক হব নোৱাৰে।
বি:দ্ৰ: – পোষ্ট দিঘলীয়া হোৱা বাবে চিগাৰেটৰ বিষয়ে আগলৈ ….
HINDI VERSION
शराब पीने से वायरस संक्रमित नहीं करता !!
आजकल कुछ लोगों को लगता है कि अल्कोहल वायरस को संक्रमित नहीं करता है क्योंकि इसमें अल्कोहल होता है। लेकिन चीजें उम्मीद से थोड़ी अलग हैं। शराब के स्वास्थ्य प्रभावों को, वायरस के हमले से पहले समझना चाहिए।
शराब एक कार्बनिक पदार्थ है जो शरीर में उत्तेजना बढ़ाता है। वायरस या परजीवी बहुत कम प्राकृतिक प्रतिरक्षा (Natural Immunity) वाले लोगों के शरीर में मृत्यु का कारण बन सकते हैं, जो कि सर्वविदित है।
शरीर की प्राकृतिक प्रतिरक्षा मानव शरीर में LYPHOCYTES, CD-3, CD-4, CD-4, TS-1, TH-16, BETA कोशिकाओं, NK कोशिकाओं की संख्या और ताकत पर निर्भर करती है।
इसका मतलब है कि ये ईश्वर प्रदत्त कोशिकाएं हमेशा किसी भी बीमारी के कीटाणुओं को रोकने और नष्ट करने की कोशिश रही हैं, चाहे वह वायरस, बैक्टीरिया या परजीवी हों, जो मानव शरीर में प्रवेश करने की कोशिश करते हैं।
शराब शरीर की प्राकृतिक प्रतिरक्षा के बिल्कुल विपरीत है। इसका मतलब है कि अगर कोई व्यक्ति इस शराब को पीता है, तो ऊपर बताई गई सरल रैखिक कोशिकाओं की उत्तेजना बढ़ जाती है और उनमें से लगभग 20-50% मर जाते हैं।
जैसे-जैसे शराब का सेवन करने पर मांगलिक कोशिकाओं की मात्रा कम होती जाती है, वैसे-वैसे वायरस ही नहीं, किसी भी बीमारी से जानलेवा संक्रमण का खतरा दोगुना हो जाएगा। शराब पीने से शरीर की चर्बी बढ़ती है क्योंकि इसमें अतिरिक्त कैलोरी होती है।
अंत में, SANITIZER वायरस को मार सकता है क्योंकि इसमें 75% से अधिक अल्कोहल होता है, लेकिन इसकी गंध, जिसे हम नाक से सांस लेते हैं, शरीर की प्राकृतिक प्रतिरक्षा को कुछ हद तक कमजोर कर देती है।
हालाँकि, इस वायरस की महामारी के दौरान, हम SANITIZER से बच नहीं सकते क्योंकि इसके लाभकारी गुण इसके हानिकारक प्रभावों से कहीं अधिक हैं, लेकिन शराब का सेवन किसी भी कारण से वायरस का ईलाज नहीं हो सकता है।