ঘৰতে পাব১০বিধ দেহত অক্সিজেন বেছিকৈ যোগান ধৰিব পৰা খাদ্য

ঘৰতে পাব এই ১০ বিধ দেহত অক্সিজেন বেছিকৈ যোগান ধৰিব পৰা খাদ্য:-

  ১) পালেং শাক  :- আমি বসবাস কৰা পৃথিৱী গ্ৰহৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্য হ’ল পালেং শাক। এই শাকত যথেষ্ট পৰিমাণে আইৰন আছে সেয়ে ই মানৱ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।

২) ইস্কছ :- ইয়াত যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট পোৱা যায় যাৰ ফলত ই দেহৰ কোষ সমূহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।

৩) তৰমুজ :- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ খালে দেহৰ কোষবোৰে পৰ্যাপ্ত পৰিমানে অক্সিজেন লাভ কৰিবলৈ সক্ষম হয়।

৪) মিঠা আলু :- পৰ্যাপ্ত পৰিমাণৰ মেগনেছিয়াম, পতাচিয়াম আৰু এন্টী-অক্সিডেণ্ট থকা হেতুকে দেহৰ কোষক যথেষ্ট অক্সিজেন যোগান ধৰিব।

৫) মাংস :- প্ৰটিন আৰু আইৰনৰ ভঁৰাল হৈছে মাংস। আৰু আইৰন হৈছে দেহৰ কোষলৈ অক্সিজেন কঢ়িয়াই নিয়া ঘাই উপাদান।

৬) আনৰস :- ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট ৰ ভঁৰাল হৈছে আনৰস। এই ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট এ দেহৰ কোষত জমা হোৱা বিশাক্ত ফ্ৰি ৰেদিকেল সমূহ নিষ্কাষণ কৰি কোষ সমূহলৈ অক্সিজেন প্ৰবাহৰ গতি দৃঢ় কৰিব পাৰে।

৬) মাছ :- প্ৰটিন আৰু আইৰনৰ ভঁৰাল এই জলচৰ প্ৰাণী মাছ। ফলতে মাছ খালে দেহৰ কোষ সমূহে যথেষ্ট পৰিমানৰ অক্সিজেন লাভ কৰে।

৭) নেমু :- এস্কৰবিক এচিড অৰ্থত ভিটামিন C আৰু ঋণাত্মক আইনৰে ভৰপূৰ এই নেমু খালে কোষ সমূহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হয়। দিনটোৰ ভিতৰতে এবাৰ এগিলাচ নেমু পানীয়ে দেহৰ কোষক ভৰপূৰ অক্সিজেন প্ৰদান কৰিব।

৮) বন্ধাকবি/ফুলকবি :- মিনাৰেল, ভিটামিন আৰু এন্টী-অক্সিডেণ্ট সকলো বোৰ পৰিপোষক দ্ৰব্য উপলব্ধ। সেই বাবে এই খাদ্যভাগে দেহৰ কোষক অধিক মাত্ৰাত অক্সিজেন প্ৰদান কৰিব পাৰে। 

৯) কল :- প্ৰচুৰ মাত্ৰাত ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট ভৰপুৰ এই কল পৃথিৱীৰ উত্তম ফল। এই ফল খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰে।

১০) খেজুৰ :- প্ৰতিদিনে তিনিটা কৈ খেজুৰ খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰিব। কিয়নো খেজুৰ ত প্ৰচুৰ পৰিমাণে লাইকোপেন , ভিটামিন D , মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট থাকে। 

Share it with:

2 Comments

  1. Dear sir/mam..Very nice.. And send me please🙏 .

Leave a Reply

Your email address will not be published. Required fields are marked *