যদিহে দেহত এই পৰিৱৰ্তন দেখিছে ই brain tumor ও হব পাৰে

     যদিহে দেহত এই পৰিৱৰ্তন দেখিছে ই brain tumor ও হব পাৰে:-

 ১) মূৰৰ বিষ (hedache) :- বিভিন্ন কাৰণ যেনে চাইনাচিটিছ, মাইগ্ৰেইণ, জ্বৰ আদিত ও মূৰৰ বিষ হয় যদিওবা সঘনাই হোৱা প্ৰচণ্ড মূৰৰ বিষ যদিহে ৰাতিপুৱা বাঢ়িছে, ব্যায়াম কৰাৰ পিছত বাঢ়িছে, কাহ উঠাৰ পিছত বাঢ়িছে তেন্তে ই এক সাধাৰণ মূৰৰ বিষ নহৈ মগজুৰ টিউমাৰৰো কাৰণ হব পাৰে।

২) মৃগিৰোগৰ দৰে আচৰণ (seizure) :- ই হল মগজুৰ বৈদ্যুতিক ক্ৰিয়া কল্পৰ পৰিবৰ্তনৰ এক বিজুটি। ২০-৪০% মগজুৰ টিউমাৰ ৰোগীৰ এই লক্ষণ পৰিলক্ষিত হয়। যদিহে এই লক্ষণ সঘনাই হয় তেন্তে বুজিব লাগিব যে টিউমাৰ টি বেছি ডাঙৰ বা ইয়াৰ প্ৰকোপ বেছি।

৩) যোগাযোগৰ পৰিৱৰ্তন (communication change):- কথা কোৱাৰ সমস্যা অৰ্থাৎ কথা কওঁতে বাজি যোৱা, কথা কমকৈ শুনা, চকুৰে কম দেখা বা এটা বস্তুকে দুটাকৈ দেখা, স্মৃতি শক্তি লোপ পোৱা আদি হলে নিশ্চিত ভাবে মগজু টিউমাৰ ৰ লক্ষণ ।

৪) গা বেয়া লগা(feeling sick) :- অনবৰতে গা বেয়া লগা, ৰাতিপুৱা বমি বমি লগা, কম উত্তাপৰ জ্বৰ অনুভৱ হোৱা, মুৰতো ওজন ওজন লগা আদি মগজুৰ টিউমাৰ ৰ কাৰণ হব পাৰে।

৫)ব্যক্তিত্বৰ পৰিৱৰ্তন (personality changes):- আবেগিক হোৱা, মনত দোধোৰ মৌধৰ অৱস্থা হোৱা, বেছিকৈ খং উঠা, মানসিক অৱসাদ বৃদ্ধি হোৱা ইত্যাদি বোৰ মগজুৰ টিউমাৰ ৰ লক্ষণ।

৬) অংগ বিশেষৰ কাৰ্যক্ষম হীনতা (focal deficit):- মগজুৰ অংশ বিশেষত টিউমাৰ টিৰ অৱস্থিতি অনুসৰি দেহৰ বিভিন্ন অংগৰ বিষ বা দুৰ্বলতা অনুভৱ। যেনে :- ভৰিৰ বিষ বা দুৰ্বলতা , কোনো এখন হাতৰ বিষ বা দুৰ্বলতা , হাত এখন নাইবা ভৰি এখনৰ সংজ্ঞাহীনতা ইত্যাদি।

৭) টোপনিৰ সমস্যা (sleep disturbance):- নিশা ভাল টোপনি নোহোৱা আৰু ফলত দিনটো ভাগৰুৱা হৈ পৰা ।

৮) কাণ আৰু চকুৰ সমস্যা:- লাহে লাহে নাইবা হঠাৎ একেবাৰে কাণেৰে নুশুনা হোৱা। ইয়াৰ লগতে মূৰ ঘূৰোৱা, মূৰ ওজন অনুভৱ হোৱা আদিও আহিব ,যদিহে টিউমাৰ টি অপ্টিক নাৰ্ভৰ ওপৰত চাপ প্ৰয়োগ কৰে তেন্তে এটা বস্তুক দুটি দেখা, ধোঁৱা ধোঁৱা দেখা, ৰঙৰ পৰিৱৰ্তন বুজি নোপোৱা, চকুৰে কমকৈ দেখা নাইবা একেবাৰে নেদেখা সমস্যা ও হব পাৰে।

এনেবোৰ সমস্যা যদিহে উপলব্ধি কৰে নিশ্চিত ভাবে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰোৱা জৰুৰী।

যদিহে আমাৰ ৰিপৰ্ট ভাল পাইছে অইন জনলৈ বিলাই দিয়ক আৰু অধিক স্বাস্থ্য বার্তাৰ বাবে আমাৰ website www.kamalpurexpress.com visit কৰক।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *