মহিলাই অবহেলা কৰা ১২ টি লক্ষণ কেন্সাৰো হব পাৰে??

মহিলাই অবহেলা কৰা ১২ টি লক্ষণ কেন্সাৰো হব পাৰে :-

  নিজৰ দেহটোৰ বিষয়ে নিজতকৈ আনে কি জানিব? দেহত ঘটা পৰিৱৰ্তন বা কোনো ধৰনৰ খেলিমেলি ব্যাক্তিজনে নিজেই প্ৰথমতে গম পাই। আৰু এই পৰিৱৰ্তন বা লক্ষণ ক যদিহে গুৰুত্ব নিদিয়ে তাৰ ফলতেই ব্যাক্তি বিশেষৰ জীৱনলৈ নামি আহিব পাৰে ভয়ংকৰ বিপদৰ শংকা।

 বিশেষকৈ মহিলা সকলে কিছুমান কাৰণ যেনে:- লাজ, ধৰ্মান্ধতাৰ বাবে নিজৰ দেহত পৰিলক্ষিত পৰিৱৰ্তন লুকাই ৰাখে বা অবহেলা কৰে । আৰু সময়ৰ সোতত এই পৰিৱৰ্তন বোৰে কেন্সাৰ ৰোগলৈ গতি কৰে। এনেধৰনৰ কিছু পৰিৱৰ্তন হল:-

১) স্তনত হোৱা পৰিৱৰ্তন :- আকাৰ পৰিৱৰ্তন, স্তনত হোৱা যিকোনো গুটি, নিপলৰ পৰা পনীয়া বা ৰঙা ৰস নিৰ্গত হোৱা, স্তনৰ চালৰ ৰং সলনি হোৱা ইত্যাদি। লগতে নিপল যদি ভিতৰৰ ফালে সোমাই গৈছে, নিপলৰ ৰঙ সলনি বা নিপল ফাটি গৈছে তেন্তে দেৰি নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।

২) পেট ফুলা আৰু বিষ :- মহিলাৰ যদিহে সঘনাই পেট ফুলে লগতে অলপ অলপ বিষ উঠে আৰু যদি এই বিষৰ লগতে মাহেকীয়া ৰক্তক্ষৰণ বৃদ্ধি আৰু ওজন হ্ৰাস হয় তেন্তে এয়া জৰায়ু, ডিম্বকোষ, অগ্নাশয়ৰ কেন্সাৰো হব পাৰে।

৩) মাহেকীয়াৰ দুটা চক্ৰৰ মাজত হোৱা ৰক্তক্ষৰণ :- এনে পৰিৱৰ্তন সঘনাই দেখা দিলে সোনকালে চিকিৎসকৰ ওচৰত পৰীক্ষা কৰাটো ভাল কিয়নো ই জৰায়ুৰ কৰ্কট ৰোগ হব পাৰে।

৪) ভৰিৰ বুঢ়া আঙুলি নখৰ পৰিৱৰ্তন:- যদিহে বুঢ়া আঙুলিৰ নখত সৰু সোনালী ৰেখা দেখা যায় ই মেলান’মা (অৰ্থাৎ এবিধ কৰ্কটৰোগ) ৰ লক্ষণ হব পাৰে।

৫) পেচাব আৰু শৌচ কৰোঁতে ৰক্তক্ষৰণ :- শৌচদ্বাৰৰ ৰক্তক্ষৰণ সাধাৰণতে পাইলছ ৰোগত হয় যদিও কলন কেন্সাৰ ৰোগতো শৌচদ্বাৰৰ পৰা ৰক্তক্ষৰণ হয়। সেয়ে চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা দৰকাৰী।

৬) লিম্ফ’নড ফুলি যোৱা :- যদিহে এমাহৰ বেছি লিম্ফ’নড ফুলি থাকে তেন্তে ই লিম্ফ’মা বা লিউকেমিয়া ৰ লক্ষণ হব পাৰে।

৭) খাদ্য গিলোতে কষ্ট :খাদ্য খাওতে সঘনাই দিঙিত লাগি যোৱা, বমি হৈ যোৱা আৰু একে সময়ত দেহৰ ওজন কমি যোৱাতো পাকস্থলী বা গ্ৰাসনলীৰ কৰ্কট ৰোগ হব পাৰে।

৮) আচৰিত ভাবে দেহৰ ওজন হ্ৰাস হোৱা :- যদিহে কোনো অইন ৰোগমধুমেহ নাইবা কোনো ধৰনৰ শৰীৰ চৰ্চা নকৰাকৈ দেহৰ ওজন হ্ৰাস হৈছে তেন্তে ই কলন আৰু অগ্নাশয়ৰ কৰ্কট ৰোগ হব পাৰে।

৯) সঘনাই বুকু জ্বলা পোৰা কৰা:- সাধাৰণতে এয়া গেছৰ সমস্যা বুলি ভবা হয় যদিওবা ইয়াক অবহেলা কৰিলে পিছত গ্ৰাসনলী, দিম্ব’কোষ নাইবা পাকস্থলীৰ কৰ্কট ৰোগ হব পাৰে।

১০) মুখমণ্ডলৰ ভিতৰৰ পৰিবৰ্তন:- যিসকল মহিলাই চাধা সেৱন, মদ্যপান, চিগাৰেট আৰু গুটখা সেৱন কৰে তেওঁলোকৰ মুখমণ্ডলৰ ভিতৰত বগা, হালধীয়া বা শেতা পৰা দাগ তিনি সপ্তাহতকৈ বেছি দিন পৰিলক্ষিত হৈছে এয়া কৰ্কট ৰোগৰ পুৰ্বলক্ষণ হব পাৰে।

১১) কম উত্তাপ ৰ জৰ :- বহুদিন ধৰি যদিহে দেহত কম উত্তাপ ৰ জৰ আহিছে ই জৰৰ অইন কাৰণ বোৰৰ লগতে লিউকেমিয়া বা অইন তেজৰ কৰ্কট ৰোগ ও হব পাৰে।

১২) এমাহৰ বেছি কাহ :- তিনি সপ্তাহৰ কাহ হলে যক্ষ্মা ৰোগৰ পৰীক্ষা কৰিব লাগে যদিহে এই কাহ এমাহৰ ওপৰত ও কমি যোৱা নাই তেন্তে ই হাওঁফাওঁৰ কৰ্কট ৰোগ ও হব পাৰে

গতিকে এনে লক্ষণ দেখা দিলে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰোৱা খুবেই প্ৰয়োজন।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *