RINGWORM বা খৰ খজুৱতিৰ GUARNTEE সমাধান

   বৰ্তমান সময়ত ছালৰ ৰোগৰ সমস্যাবোৰৰ ভিতৰত এটা বৰ বেছি ডাঙৰ সমস্যা হল এই ring worm ৰ সমস্যা বা খৰ ৰ সমস্যা অৰ্থাৎ ভেঁকুৰৰ সংক্ৰমণ। ইয়াৰ স্থায়ী সমাধানৰ কথা কোৱাৰ আগতে আমি জানিব লাগিব এই ৰোগ কিয় হয়।

এই ৰোগ হোৱাৰ কাৰণ:-

১) মুখ্য কাৰণ :- অইন এজন এই ৰোগত আক্রান্ত ৰোগীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক হলে এই ৰোগ বিয়পিব। যেনে , ইজনৰ কাপোৰ আনজনে পৰিধান কৰিলে, বিচনাত শুলে, একেটা swimming pool ত গা ধুলে ইত্যাদি । কিয়নো এই ৰোগবিধ খোচৰা ৰোগ।

২) গৌণ কাৰক:- নিম্ন মানৰ দেহ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে বাৰে বাৰে ভাল হৈ যোৱাৰ পিছতো আকৌ সংক্ৰমণ হয় । ডেকা -বুঢ়া বুলি কথা নাই নিম্ন মানৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সকলো লোকৰ দেহত এই ৰোগৰ সংক্ৰমণ নিশ্চিত।

     যদি কোনো লোকৰ খাদ্য নলী  candidiasis ৰ সংক্ৰমণ ইতিমধ্যে হৈ আছে তেন্তে তেওঁৰ ছালত ring worm সংক্ৰমণ ও হব পাৰে।

যিসকল লোক অত্যন্ত মানসিক চাপত থাকে সেই লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয় আৰু ফলত তেওঁ ring worm সংক্ৰমণৰ সন্মুখীন হব।

চিকিৎসা :- এই ৰোগৰ চিকিৎসা অতি সহজ। প্ৰথমে এই ৰোগ হব পৰা কাৰণ সমূহ বৰ্জন কৰক আৰু তলৰ ঔষধি সমূহ গ্ৰহণ কৰক:-

১) ত্ৰিফলা (TRIFALA) টেবলেট দুটাকৈ ভাত খোৱাৰ পিছত দিনে দুবাৰকৈ গৰম পানীৰে ২ মাহ সেৱন কৰক। কিয়নো ত্ৰিফলাত ভিটামিন C আৰু এন্টী অক্সিডেণ্ট যথেষ্ট থাকে।

২) আৰোগ্য-বর্ধিনি (AROGYA BARDHINI) টেবলেট দুটা কৈ টেবলেট দিনত তিনিবাৰ খাদ্য খোৱাৰ আগত গৰম পানীৰে ২ মাহ সেৱন কৰক।

৩) কৈশোৰ গুগগুল (KAISHOR GUGGUL) টেবলেট দুটাকৈ দিনত দুবাৰ খাদ্য খোৱাৰ আধা ঘন্টা পিছত গৰম পানীৰে ২ মাহ খাব।
    লগতে পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত অধিক গুৰুত্ব দিয়ক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *