কণী নাখাব ?? 40 বছৰ উৰ্ধৰ লোকৰ বাবে অপকাৰী !!

কণী কিয় নাখাব ??

কণী কোনে খাব কোনে নাখাব তাকে লৈ মনত বিভিন্ন প্ৰশ্ন উদয় হয়। কোৱা শুনা যায় কণী শিশুৰ বাবে উপকাৰী কিন্তু ৪০ বছৰ উৰ্ধৰ লোকৰ বাবে অপকাৰী ইত্যাদি ইত্যাদি। কিন্ত প্ৰকৃততে কণী কাৰ বাবে উপযোগী বা অপকাৰী জানিবলৈ হলে কণীত প্ৰাকৃতিক ভাবে সমৃদ্ধ পোষক দ্ৰব্য সমূহৰ বিষয়ে ভালদৰে জানিব লাগিব।

 

  এটা কণীৰ বগা অংশখিনিত প্ৰাকৃতিক ভাৱে ১৭% প্ৰটিন থাকে । প্ৰটিনৰ বাহিৰে অইন একো উপাদান নাথাকে বগা অংশত। আৰু এটা কণীৰ হালধীয়া অংশত থাকে ৫ গ্ৰাম চৰ্বী, ২১০ গ্ৰাম কলেষ্টৰল, চডিয়াম , ৭ গ্ৰাম প্ৰটিন, ভিটামিন A, ভিটামিন C, ভিটামিন B12, ভিটামিন B9, ফচফেটিদচ, অমেগা 3 ফেঁটি এচিড, ফচফৰাছ, আইৰণ, জিংক, চেলেনীয়াম, লিউটিন, জেক্সাথিন, এমিন’ এচিড, লাইছিন আৰু উৎক্ষেচক  ‘ট্ৰিপটোফেন” আদি।

  সেইবাবেই কণীৰ বগা অংশটো সকলো বয়সৰ লোক বা কলেষ্টৰলৰ লগত সংলগ্ন ৰোগ থকা লোকেও খাব পাৰে। কিন্তু হালধীয়া অংশটোহে সকলো শ্ৰেণীৰ লোকৰ বাবে সদায় উপকাৰী নহয় বুলি কোৱা শুনা যায় ।

    দৈনিক এটি কণী খোৱাৰ উপকাৰ :

১) ৰাতিপুৱাৰ আহাৰৰ সৈতে এটা সিজোৱা কণী খালে দেহত শক্তি পোৱা যায়।

 ২) কণীত থকা স্বাস্থ্যকৰ চৰ্বী য়ে দেহৰ কোষ সমূহক সক্ৰিয় কৰি ৰাখিব পাৰে ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় হয়।

৩) প্ৰাকৃতিক উপাদান কোলাইন থকা বাবে মন আৰু মগজু পৰিপুষ্ট হৈ পৰে কণী খালে। ফলত স্মৃতি শক্তি আৰু মগজুৰ বুদ্ধিমত্তা বাৰুকৈ বৃদ্ধি হব।

৪) কণীত ভিটামিন D প্ৰচুৰ মাত্ৰাত থকা বাবে দেহৰ কোষ সমূহে কেলচিয়াম বেছিকৈ শোষণ কৰিবলৈ সমৰ্থ হয়। লগতে কণীত সমৃদ্ধ ফচফৰাছে হাড় ৰ মজবুতি প্ৰদান কৰিব। লগতে এই ভিটামিন D আৰু ফচফৰাছে দাঁত আৰু দাঁতৰ আলু সুস্থ কৰি ৰাখিব।

৫)কণী ত প্ৰচুৰ পৰিমাণে জিংক আৰু চেলেনীয়াম থাকে যিয়ে দেহত এন্টী-অক্সিডেণ্ট ৰ কাম কৰে।

৬) কণীৰ এবিধ উত্তম পোষক দ্ৰব্য ভিটামিন  B2 (ৰাইবফ্লেভিন) তেজৰ ৰঙা কোষ RBC উৎপাদনত খুবেই প্ৰয়োজন। তাৰ উপৰিও ভিটামিন  B2 এ দেহত কাৰ্বহ্যড্ৰেট, প্ৰটিন আৰু চৰ্বি বিয়োজন কৰি শক্তিলৈ ৰূপান্তৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

৭) কণীৰ হালধীয়া ভাগত যথেষ্ট ‘আইৰণ’ থাকে সেয়ে কণী খালে ৰক্তহীনতাৰ পৰা দূৰৈত থাকিব পাৰি ।

৮) কণীত ‘ভিটামিন B9’ অৰ্থাৎ ‘ফলিক এচিড’ থাকে। ফলত গৰ্ভৱতী অৱস্থা আৰু গৰ্ভধাৰণ ৰ বাবে পৰিকল্পনা কৰা সকলৰ বাবে কণী এক পৰিপক্ক খাদ্য । কণীৰ ‘ভিটামিন B9’ উপাদান ৰ বাবে কণী খালে পুৰুষৰ শুক্ৰাণুৰ গুণ আৰু পৰিমাণ বৃদ্ধি হয়।

৯) ‘লুটিন’ নামৰ প্ৰাকৃতিক উপাদানৰ বাবে কণী চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক।

১০) কণীত থকা ‘ফচফলিপিড’ সমূহে লিভাৰত জমা হোৱা বিশাক্ত দ্ৰব্য সমূহ নিষ্কাষণ কৰিব পাৰে।

১১) কণী খালে মানসিক অৱসাদ দূৰ হয়। কণীত থকা ‘তৃপ্তফেন’ নামৰ উৎক্ষেচক এ মগজুত স্ফূৰ্তি হৰমন ‘চেৰতিনিন’ ক্ষৰণ ত সহায় কৰে যাৰ ফলত মনত স্ফূৰ্তি অটুট থাকে। লগতে কণীত সমৃদ্ধ ‘এমিন’ এচিড’ আৰু ‘লাইছিনে’ ও মানসিক অশান্তি আৰু অৱসাদ দূৰ কৰিব পাৰে।

তেজত কলেষ্টৰল বেছি থকা ৪০ বছৰৰ উৰ্ধৰ লোকে কণী নাখাব নেকি ??

   ‘কানেক্তিকাত ইউনিভাৰ্চিটি’ ৰ এক গবেষণাৰ তথ্য মতে প্ৰকাশ যে তেজত কলেষ্টৰল বৃদ্ধি হোৱা লোকৰ বাবে কণী যিমান ক্ষতিকাৰক বুলি ভবা হয় বাস্তৱত কিন্ত সিমান ক্ষতিকাৰক নহয়। কিয়নো কণীৰ বগা খিনিত কলেষ্টৰল থকাৰ উপৰিও ফোছফেটিদচ আৰু অমেগা ৩ ফেত্তি এচিড থাকে । আৰু এই ফেত্তি এচিড আৰু ফচফেটিদচ এ কলেষ্টৰল বিয়োজন কৰিব অৰ্থাৎ কণীৰ হালধীয়া অংশৰ পৰা দেহত কলেষ্টৰল বৃদ্ধি হোৱাৰ আশংকা নাইকিয়া কৰিব।

কেনেকৈ খাব কণী ??

বিভিন্ন ব্যঞ্জন হিচাপে কণী খোৱা হয় যদিওবা কণীৰ পোষক দ্ৰব্য সমূহ সম্পূৰ্ণ নিৰাপদ ৰাখিবৰ বাবে ইয়াক সিজাই খোৱাটো উত্তম।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *