চীন দেশত কিয় ক্ৰিকেট নেখেলে ?? ভাৰতত ক্ৰিকেটক পূজা কৰা হয় !!
আমাৰ দেশ ভাৰতবৰ্ষত ক্ৰিকেট সকলো খেলতকৈ জনপ্ৰিয়তাৰ শীৰ্ষত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খেল হকী যদিওবা ক্ৰিকেটহে বেছি জনপ্ৰিয় আমাৰ দেশত। ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আদি দেশ সমূহত ও ক্ৰিকেট সমানে জনপ্ৰিয় যদিওবা বিশ্বৰ সকলো ঠাইতে এই খেল ইমান জনপ্ৰিয় নহয়। ভাৰতৰ মিত্ৰ ৰাষ্ট্ৰ ৰাছিয়া বা শত্ৰু ৰাষ্ট্ৰ চীনত জনপ্ৰিয় নহয় এই খেল।
আমাৰ শত্ৰু ৰাষ্ট্ৰ চীনত কিয় ক্ৰিকেট নেখেলে ? ইয়াৰ বহুত কাৰণ আছে যদিও তলত উল্লেখযোগ্য কাৰণ কেইটামান দাঙি ধৰা হল :-
১) চীনৰ প্ৰতিযোগিতা সদায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে। সেয়ে আমেৰিকাত যিবোৰ খেল খেলা হয় সেইবোৰ খেল ধেমালিক চীনৰ চৰকাৰে সদায় অনুমোদ জনাই। চীনৰ চৰকাৰে বিচাৰে যে তেওঁলোকে অলিম্পিক ত আমেৰিকাৰ বিপৰীতে খেলি আমেৰিকাৰ খেলুৱৈক হৰুৱাওক। যিহেতু আমেৰিকাত ক্রিকেট জনপ্ৰিয় নহয় সেয়ে চীনৰ চৰকাৰে ক্ৰিকেট ৰ ওপৰত গুৰুত্ব দিয়া নাই।
২) অলিম্পিক ত এতিয়ালৈকে ক্ৰিকেট খেল অন্তৰ্ভুক্ত হোৱা নাই। এয়া আই চি চি ৰ ব্যৰ্থতা বুলি কব লাগিব । আৰু চীনৰ চৰকাৰে সদায় অলিম্পিকত অন্তৰ্ভুক্ত খেলতহে প্ৰাধান্য দিয়ে।
বিশ্বজুৰি ক্ৰিকেটৰ জনপ্রিয়তা আনিবলৈ আৰু ক্রিকেটক অলিম্পিকত অন্তৰৰ্ভূক্তিৰ বাবে আই চি চি য়ে যি পন্থা লব এতিয়ালৈ লোৱা নাই। অৱশ্যে আই চি চি য়ে এতিয়াহে ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উঠিপৰি লাগিছে। ইতিমধ্যে আই চি চি য়ে বিশ্বৰ ১০০ খন দেশক আন্তঃৰাষ্ট্ৰীয় টি ২০ মৰ্যদা প্ৰদান কৰিছে আৰু চীনদেশত ও ক্রিকেট ৰ প্ৰসাৰৰ বাবে গুৰুত্ব আৰোপ কৰিছে।
৩) অলিম্পিকত অন্য ৰাষ্ট্ৰ সমূহৰ লগত খেলি পদক তালিকাৰ শীৰ্ষত থাকি নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি চীনা সকলে স্ফূৰ্তি পায়। সেয়ে অলিম্পিকত খেলা খেলুৱৈ সমূহক চীনা চৰকাৰে বিভিন্ন ধৰণৰ সাহাৰ্য্য আৰু বৃত্তি প্ৰদান কৰি খেলুৱৈ সকলক উদগনি জনাই।
৪) ক্ৰিকেট খেল সেই সমূহ দেশতে বেছিকৈ প্রচলিত যত পূৰ্বতে ব্ৰিটিছৰ শাসন চলিছিল। ব্ৰিটিছৰ শাসনত থকা দেশ সমূহত ব্ৰিটিছে ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। যিহেতু চীনদেশত সম্পূৰ্ণ ভাবে ব্ৰিটিছৰ শাসন চলা নাছিল সেয়ে এইটো এটা চীনত ক্ৰিকেট খেল নেখেলাৰ কাৰণ। অৱশ্যে, চীনৰ অধীনত থকা সৰু ৰাজ্য হংকং ত ক্ৰিকেট খেলা হয় যিহেতু হংকং পূৰ্বতে ব্ৰিটিছ ৰ অধীনত আছিল।
৫) ক্ৰিকেট খেল চীনত নেখেলাৰ এটি কাৰণ হল চীনৰ বতৰ। ক্ৰিকেট খেলিবলৈ সদায় শুকান বতৰৰ প্ৰয়োজন। যিহেতু চীনৰ বহুত অঞ্চল বছৰজুৰি বৰফৰে আৱৰি থাকে সেয়ে এইটোও চীনত ক্ৰিকেট জনপ্ৰিয় নোহোৱাৰ কাৰণ হব পাৰে।
৬) চীনাসকলে ক্ৰিকেটক ধোদৰ খেল বুলি গণ্য কৰে। তেওলোকৰ মতে ক্ৰিকেট প্ৰকৃত খেল নহয়। যিবোৰ খেলত একে সময়ত সকলো জন খেলুৱৈ একেলগে একে সময়ত খেলত ভাগ লয় সেইবোৰ খেলকহে প্ৰকৃত খেল বুলি গণ্য কৰে চীনাসকলে। যিহেতু ক্রিকেটত এটি দলৰ দুজন বেটছমেন বেটিং কৰা সময়ত বিপৰীত দলৰ সকলোজন খেলুৱৈ সক্ৰিয় হৈ থাকে যদিও বাকী কেইজন বেটছমেন পেভিলিন অত বহি থাকে সেইবাবেই চীনাসকলে ক্রিকেটক প্ৰকৃত খেল বুলি নাভাবে আৰু তেওঁলোকৰ মাজত জনপ্ৰিয় নহয়।