কিয় মুখমণ্ডলৰ তিনি সপ্তাহ নুশুকুৱা ঘাঁ কেন্সাৰো হব পাৰে?

মুখমণ্ডলৰ তিনি সপ্তাহ নুশুকুৱা ঘাঁ কেন্সাৰো হব পাৰে :-

    মুখমণ্ডলৰ ভিতৰত যদিহে তিনি সপ্তাহতকৈ বেছি দিন ঘাঁ হোৱাৰ পিছতো ( চিকিৎসা কৰক বা নকৰক) ভাল হোৱা নাই তেন্তে এই ঘটনা আপুনি সহজ ভাবে নলব। ই এটুকুৰা সাধাৰণ ঘাঁ নহৈ আপোনাৰ প্ৰাণনাশী কেন্সাৰ ৰোগ হব পাৰে। ভাৰত বৰ্ষত প্ৰায় সকলো বিধ কেন্সাৰ ৰোগ সমূহৰ ভিতৰত মুখমণ্ডলৰ কেন্সাৰ প্ৰায় ৭.২% । আমাৰ দেশত বছৰি ৭৭,০০৩ জন কৈ নতুন মুখমণ্ডলৰ কেন্সাৰ ৰোগী চিহ্নিত হয় আৰু ইয়াৰে ৫২,০৬৭ জন মৃত্যু মুখত পৰে। আৰু এয়া ২০১২ চনৰ তথ্য।এই কেন্সাৰ নাৰীত কৈ পুৰুষৰ দুগুণ বেছি হোৱা দেখা যায়।

মুখমণ্ডলৰ কেন্সাৰ সমূহৰ ঘাই কাৰণ সমূহ :-

১) ধঁপাত সেৱন :- যিকোনো ধৰণৰ ধঁপাত সেৱন যেনে- চিগাৰেট, বিড়ি, জৰ্দা পান, গুটখা আদি।
২) মদ্যপান।
৩) মুখমণ্ডলৰ ভিতৰত আপোনাৰ দাঁতে সঘনাই আঘাট কৰি থকা অৰ্থাৎ যদিহে তীক্ষ্ণ আৰু বেঁকা দাঁত আছে।
৪) মুখমণ্ডল আৰু দাঁত ভালকৈ পৰিষ্কাৰ নকৰিলে।
৫)দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলে।
৬) হিউমেন পেপিলুমা ভাইৰাছ ৰ দ্বাৰা আক্ৰান্ত হলে।
৭) মদ্যপান আৰু ধঁপাত দুয়োবিধ অত্যাধিক ভাবে সেৱন কৰা।
৮) বংশানুক্ৰম :- যদিহে নিজৰ তেজৰ সম্পৰ্ক থকা লোকৰ আগতে মুখমণ্ডলৰ কেন্সাৰ ৰোগ হৈছে।

লক্ষণ সমূহ :-

১) তিনি সপ্তাহত কৈ বেছি দিন যদি মুখমণ্ডলৰ ভিতৰত ঘাঁ শুকুৱা নাই।

২) মুখমণ্ডলৰ ভিতৰত কেইবাদিনো বিষ অনুভৱ হোৱা।

৩) যিকোনো গুটি ওলোৱা আৰু মুখমণ্ডলৰ কোনো ঠাই টান টান অনুভব হোৱা।

৪) দাঁতৰ আলু, জিভা, তনছিল আদিত বগা বা ৰঙা আৱৰণ পৰা।

৫) বহুদিন ডিঙিত খুচখোচনী বা কিবা লাগি থকা অনুভৱ হোৱা।

৬) জিভা খন ইফাল সিফাল কৰোতে কষ্ট অনুভৱ হোৱা।

৭) জ্বলা মচলা জাতীয় খাদ্য খালে আশ্চয়কৰ ভাবে ধৰা ।

৮) জিভাৰ পৰা বা মুখমণ্ডলৰ যিকোনো ঠাইৰ পৰা ঘনাই তেজ ওলোৱা, জিভা খন জিন জিন কৰা।

৯) ঘনাই দাঁতৰ পাৰি ফুলা, দাঁত আৰু পাৰীৰ বিষ, দাঁত ঢিলা হৈ পৰা।

১০) কথা কওঁতে অসুবিধা অনুভৱ কৰা বা কণ্ঠৰ সলনি হোৱা।

১১) ডিঙিত কিবা গুটি সদৃশ বস্তু ওলোৱা।

১২) হঠাৎ বেছিকৈ দেহৰ ওজন হ্ৰাস হোৱা।

১৩) ঘনাই মুখৰ পৰা দুৰ্গন্ধ ওলোৱা।

১৪) বেছিকৈ থু পেলাই থাকিব লাগিলে।

১৫) বেয়া বা বেঁকা দাঁত থকাৰ ফলত ঘনাই কামোৰ খাই থাকিলে।

এনেবোৰ লক্ষণ প্ৰথমে দেখা দিয়ে যাক প্ৰি-কেন্সাৰ স্তৰ বোলা হয় আৰু সোনকালে চিকিৎসা কৰিলে ই কেন্সাৰ স্তৰলৈ আগনাবাঢ়ে।

  সেয়ে এনেবোৰ লক্ষণ দেখা দিলে দেৰি নকৰি আপোনাৰ চিকিৎসকক লগ কৰক নাইবা ওচৰৰ চৰকাৰী চিকিৎসালয়ৰ NCD ক্লিনিকত কথাতো অৱগত কৰাওক ।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *