প্ৰেচাৰ জোখোতে আপুনিয়েই নহয় চিকিৎসকেও কৰে এই সাতটা ভুল !!

  আপোনাৰ ৰক্তচাপ মাপ লওঁতে আপুনি নিজেই হওঁক বা চিকিৎসা কর্মীয়ে হওঁক আনকি বহু চিকিৎসকেও ভুল কৰে ।

Right way to measure blood pressure

   ঘৰে ঘৰে আজিকালি ডিজিটেল মেচিনেৰে নিজেই ৰক্তচাপ মাপ কৰোঁতেই হওঁক বা চিকিৎসা কর্মীয়ে মেনুৱাল যন্ত্ৰৰে মাপ কৰোতে কেইবাটাও ভুল কৰা দেখা যায়।

    ৰক্তচাপ মাপ কৰাটো অতি সহজ কাম বুলি ভাবি সকলোৱে এই ভুল কৰে। যাৰ ফলত আপুনি বশৱৰ্তী হয় ভুল চিকিৎসাৰ কিয়নো বাস্তৱত কোনো প্ৰয়োজন নোহোৱা কৈ আপুনি খাই পেলাই হাই প্ৰেচাৰৰ দৰৱ। ৰক্তচাপ মাপ লওঁতে তলত উল্লেখিত কথা কেইটা বহুত দৰকাৰী যিখিনি মনোযোগ নিদিয়াৰ বাবে হয় সাংঘাতিক ভুলটি :-

   ১) ৰক্তচাপ মাপ কৰা সময় খিনিত কথা পাতি থকা। কিয়নো কথা কৈ থাকিলে ৰক্তচাপ বেছি দেখুৱাব।

Right way to measure blood pressure

  ২) যন্ত্ৰতিৰ কাফটি কাপোৰৰ ওপৰত মেৰিয়াই দিয়া এটি সাংঘাটিক ভুল। সদায় কাফটি খালি হাতত হে বান্ধিব লাগে নহলে ৫ ৰ পৰা ১০ mmHg ৰক্তচাপ বেছি দেখাব। কাফটি বান্ধি হাতখন অকণমান দাঙি ধৰিব যাতে কাফটি ৰক্তচাপ জোখা লোকজনৰ হৃদযন্ত্ৰৰ একেটা লেভেলত থাকে। কাফটি ইমান টানকৈ বা বেছি ধিলাকৈ বান্ধিব নালাগে। সোওহাতত কাফটি নাবান্ধি বাওহাতত হে ৰক্ত চাপ মাপ লোৱা উত্তম। কিয়নো সোওহাতত জুখিলে ১০ mm HG জোখ বেছি দেখুৱাই।

  ৩) কেতিয়াও থিয় হৈ ৰক্তচাপ নুজুখিব । ভালদৰে চিধাহৈ চকীখনত বহিলৈহে জুখিব লাগে।

  ৪) ৰক্তচাপ জোখমাখ কৰা সময়ত ভৰি দুখন কোচ বান্ধি নথব । চিধাকৈ যাতে ভৰি দুখন মাটিত লাগি থাকে তাৰ ওপৰত নজৰ দিব।

 

  ৫) যন্ত্ৰটিৰ কাফটি যদি ভালকৈ হাতত ফিটিং ন’হৈ সৰু হয় তেনেহলে নুজুখিব।

  ৬) পেছাব লাগি থাকিলে পেছাব কৰিহে জুখিব।

  ৭) বেছি খৰধৰকৈ ৰক্তচাপ নুজুখিব। ৰক্তচাপ মাপ কৰাৰ আগত কমেও পাছ মিনিট কোনো কথা বতৰা নোকোৱাকৈ বহি লব । গা ধুই উঠি, চিগাৰেট হুপি, দৌৰি, শৰীৰ চৰ্চা কৰি, মদ্যপান কৰি, ভাত খাই উঠি, গাড়ী চলাই আহি লগে লগে ৰক্তচাপ জুখিলে বেছি দেখুৱাই।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *