কি কি ৰোগ হলে কচু খাব নালাগে ??

কি কি ৰোগ হলে কচু খাব নালাগে——

বিভিন্ন প্ৰাকৃতিক গুনেৰে সমৃদ্ধ কঁচুৰ বেজ্ঞানীক নাম হল Colocasia Esculenta । কচুত সমৃদ্ধ হৈ থকা ঘাই ঘাই উপাদান সমুহ হল :- ২১% কাৰ্বহাইড্ৰেট, ৩% প্ৰটিন , ০.১% চৰ্বি, ১%ফাইবাৰ ,১.৭% মিনাৰেল, ভিটামিন A, ৰাইবফ্লেভিন, পটেছিয়াম, থায়মিন আৰু নিকটিক এচিড ইত্যাদি।

কঁচুৰ ডাল আৰু আলুৰ যথেষ্ট পৰিমাণৰ ঔষধি গুণ থকা হেতুকে যুগ যুগ ধৰি বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক ঔষধ উৎপাদিত কৰিবলৈ প্ৰচুৰ পৰিমাণৰ কচু ব্যাবহৃত হয়। ইয়াৰ উপৰিও কঁচুৰ ডাল আৰু আলু পাচলি হিচাপেও বহল ভাবে প্ৰচলিত। কঁচু নিয়মিত ভাৱে খাদ্য হিচাপে সেৱন কৰিলে বিভিন্ন ধৰণৰ ৰোগৰ পৰা বাচি থাকিব পাৰি

(১)এজন প্ৰাপ্ত বয়স্ক মানুহৰ বাবে এদিনত যিমান খিনি ফাইবাৰৰ প্ৰয়োজন হয় তাৰে ২৭% কঁচুৰ আলুত পোৱা যায়। সেইবাবেই কচু খালে হজম শক্তি বৃদ্ধি হয় আৰু কোষ্ঠ – কাঠিন্য দুৰ হয়৷ ইয়াৰ লগতে অতিৰিক্ত গেছৰ সমস্যাদুৰ কৰে।

(২)দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কঁচুত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন C,ভিটামিন A,পটেছিয়ামে এই কাৰ্যত সহায় কৰে।

(৩) পটেছিয়াম থকা বাবে হৃদযন্ত্ৰ ভালে ৰখাত সহায়ক হয় কচু। দেহৰ ৰুক্ত সঞ্চালন বৃদ্ধি কৰাৰ উপৰিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে কঁচুৱে।

(৪) কঁচুৰ ডাল আৰু আলুত থকা আইৰণ আৰু কপাৰে দেহৰ লোহিত ৰক্ত কণিকা বৃদ্ধিত সহায়ক হয়।

(৫) ছালৰ সৌন্দৰ্য বৃদ্ধি হয় কচু খালে।

(৬) কঁচুৰ আলুত থকা বিটা কেৰটিনে চকুৰ দৃষ্টি শক্তি বৃদ্ধিত সহায়ক হয়।

(৭)কচু খালে দেহত কেন্সাৰ ৰোগ হোৱাৰ আশংকা কমে।

(৮) মধুমেয় ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে কঁচুৱে।

কিন্তু যদিহে কাৰোবাৰ কঁচু খালে এলাৰ্জি হয় তেন্তে তেঁও নিশ্চয়কৈ কচু নাখাব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *